স্কুলীয়া ইউনিফৰ্মৰ সৈতে হিজাব পৰিধান কৰাৰ অনুমতি বিচাৰি আদালতৰ কাষ চাপিছিল এগৰাকী স্কুলীয়া ছাত্ৰীয়ে। কিন্তু উচ্চ ন্যায়ালয়ে এই আবেদন নাকচ কৰে।
এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ইছলামত হিজাব পৰিধান কৰাটো বাধ্যতামূলক নহয়। কেৱল ধৰ্ম পালনৰ স্বাধীনতাৰ যুক্তি দেখুৱাই স্কুল ইউনিফৰ্মৰ গুৰুত্বক তুচ্ছজ্ঞান কৰিব নোৱাৰি বুলি এলাহাবাদ উচ্চ ন্যায়ালয়ে জনায়।
ন্যায়াধীশ জে জে মুনীৰ আৰু ন্যায়াধীশ ইন্দ্ৰজিৎ শুক্লাৰ বিচাৰপীঠত একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ আবেদনৰ শুনানি আৰম্ভ হয়। ছাত্ৰীগৰাকীৰ অনুৰোধ আছিল যে সেই বিদ্যালয়ত ৬ নং শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ইউনিফৰ্মৰ সৈতে হিজাব পিন্ধিছিল। সেই সময়ত বিদ্যালয় কৰ্তৃপক্ষই আপত্তি কৰা নাছিল। কিন্তু সমস্যাটো আৰম্ভ হৈছিল একাদশ শ্ৰেণীৰ পৰা। তাৰ পিছত ছাত্ৰীগৰাকীয়ে আদালতৰ কাষ চাপিছিল। তেওঁৰ অনুৰোধ আছিল যে সকলোৰে নিজৰ ধৰ্ম পালন কৰাৰ স্বাধীনতা আছে। সেয়েহে তেওঁৰ ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে স্কুললৈ হিজাব পিন্ধি যাবলৈ দিয়া উচিত।
কিন্তু উচ্চ ন্যায়ালয়ে কয় যে হিজাব পিন্ধাটো ইছলামৰ অন্যতম বাধ্যতামূলক কৰ্তব্য নহয়। আইন বা ধৰ্মত এনে কোনো যুক্তি নাই যে হিজাব নিপিন্ধিলে মুছলমান ধৰ্মাৱলম্বী সকলৰ বিশ্বাসৰ ক্ষতি হব। হিজাব পিন্ধাটো ধৰ্ম পালনৰ এটা অংশ। ইয়াৰ ভিত্তিত ধৰ্মৰ স্বাধীনতা পালনৰ নিয়ম প্ৰয়োগ কৰিব নোৱাৰি।
একে সময়তে আদালতে স্কুলৰ ইউনিফৰ্মৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে। ইউনিফৰ্ম প্ৰতিজন শিক্ষাৰ্থীক সমান ব্যৱহাৰ কৰা আৰু অনুশাসন বজাই ৰখাৰ দৰে বিষয়ৰ সৈতে জড়িত। ব্যক্তিগত কাৰণত ইউনিফৰ্ম সলনি কৰিব নোৱাৰি বুলিও জনাই দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে।
উচ্চ ন্যায়ালয়ে ছাত্ৰীগৰাকীৰ আবেদন খাৰিজ কৰে। তেওঁ স্কুলৰ ইউনিফৰ্মৰ নিয়ম মানি চলিব লাগিব। এলাহাবাদ উচ্চ ন্যায়ালয়ে সোঁৱৰাই দিয়ে যে ইয়াৰ পূৰ্বেও কেইবাখনো আদালতে ৰায় দিছে যে ইছলামত হিজাব বাধ্যতামূলক নহয়। এলাহাবাদ উচ্চ ন্যায়ালয়েও সেই স্থিতিত অটল থাকিব।
মন কৰিবলগীয়া যে ইছলামৰ পাঁচটা স্তম্ভ হৈছে ইমান, নামাজ, দান, ৰোজা আৰু তীৰ্থযাত্ৰা। এইবোৰৰ মাজত হিজাবৰ কথা কোৱা হোৱা নাই। সেই বিষয়টোকলৈয়েই আদালতে ৰায় দিয়ে।





