• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘কেৱল ধৰ্মৰে নহয়, বিয়াৰ পূৰ্বে উপাৰ্জনৰ প্ৰমাণ পত্ৰও দিব লাগিব দৰা-কইনাই’, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 1, 2020 10:11 am

2 min read

index
1.8k
VIEWS
Share on FacebookShare on Twitter

দেশৰ বিজেপি শাসিত ইখন ৰাজ্যৰ পিছত সিখন ৰাজ্যই লাভ-জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰিবলৈ সাজু হোৱাৰ সময়তে অসম চৰকাৰেও এইবাৰ এই ক্ষেত্ৰত টঙালি বান্ধিছে।

অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্বৰ শৰ্মাই ইতিমধ্যে এটা ব্যক্তিগত ৰাষ্ট্ৰী টিভি চেনেলত দিয়া সাক্ষাৎকাৰত কয় যে ২০২১ চনত বিজেপিয়ে অসমত শাসনলৈ আহিলে অসমতো লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰা হ’ব।

ইয়াৰ পিছতে বিষয়টোৱে অসমত বিশেষভাৱে চৰ্চা লাভ কৰি পৰিলক্ষিত হৈছে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমতো লাভ জেহাদক শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰি আইন প্ৰণয়ন কৰা হ’ব বুলি মন্তব্য কৰাৰ লগতে আৰু কয় যে বিয়াৰ এমাহৰ পূৰ্বে দৰ-কইনা দুয়োজনেই ধৰ্মীয় প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

‘ভগ্নীসকলক শক্তিশালী’ কৰাৰ বাবে অসম চৰকাৰে উদ্যোগ লোৱা বুলি দোহাৰি মন্ত্ৰী শৰ্মাৰ মতে আনকি বিয়াৰ এমাহৰ পূৰ্বে দৰা-কইনা দুয়োৱে আয়ৰ উৎসৰ প্ৰমাণ দাখিল কৰিব লাগিব।

“অসমৰ আইনখন কেৱল লাভ জেহাদৰ বিৰুদ্ধে নহ’ব। সকলো ধৰ্মকে অন্তভুৰ্ক্ত কৰা হ’ব আৰু স্বচ্ছতাৰে আমি আমাৰ ভগ্নীসকলক শক্তিশালী কৰিবলৈ অকল ধৰ্মৰে নহয়, উপাৰ্জনৰ উৎসও জানিব পাৰিব লাগিব” বুলি উল্লেখ মন্ত্ৰী শৰ্মাই লগতে কয় যে পৰিয়ালৰ সৱিশেষ তথ্য, শিক্ষাগত তথ্য আদি সকলোবোৰ প্ৰমাণ পত্ৰ জনাব দিব লাগিব।

“বহুবাৰ আমি দেখিছো ছোৱালীজনীয়ে পিছত গম পায় যে তেওঁৰ স্বামীৰ অবৈধ ব্যৱসায় আছে।” মন্ত্ৰী শৰ্মাই লগতে কয়।

মন্ত্ৰী শৰ্মাৰ মতে প্ৰস্তাৱিত আইনখনত দৰাৰ লগতে কইনাৰো উপাৰ্জনৰ উৎস দাখিল কৰাৰ বিষয়ে উল্লেখ থাকিব। দুয়োৰে স্থায়ী ঠিকনা, পেচা আৰু ধৰ্ম এই সকলোবোৰ চৰকাৰী তথ্য তথা প্ৰমাণ পত্ৰ দাখিলৰ বাবে নিৰ্দেশনা থাকিব।

“আমাৰ আইনখনে নাৰীক শক্তিশালী কৰিব। ইয়াত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ আইনৰ কিছুমান উপাদান থাকিব।” মন্ত্ৰী শৰ্মাই আৰু কয়।

Recent News

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd