• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বহুত্ববাদী ভাৰত আৰু ‘গান্ধী প্ৰকল্প’

দ্বিপেন কাকতি by দ্বিপেন কাকতি
August 25, 2022 11:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমাৰ অনুভৱত কৰ্ষণৰ প্ৰকাৰ দুবিধ৷ এবিধ মানসিক আৰু আন বিধ ভৌতিক৷ ভৌতিক কৰ্ষণক আগুৱাই নিবলৈ মানসিক কৰ্ষণৰ প্ৰয়োজন যে অপৰিসীম, তাক দোহৰাৰ সকাম নাই৷ এই দুই কৰ্ষণক আলম কৰিয়ে মানৱ সভ্যতা আগুৱাই আহিছে– জুইৰ আৱিষ্কাৰেই সভ্যতাৰ দিশত মানুহৰ প্ৰথমটো খোজ আছিল৷ তাৰপাছত দোপতদোপে আগুৱাই আহি বৰ্তমান মহাকাশত বসতি স্থাপনৰ পৰিকল্পনাও কৰিব পৰা হ’ল৷ চুৰি কটাৰী আৱিষ্কাৰৰ পৰা পাৰমাণৱিক বোমা আৱিষ্কাৰলৈকে–এইবিলাক কৰ্ষণৰে ফল৷ অতীজৰ বিঘাই প্ৰতি ত্ৰিছ-চল্লিছ কিলো ধান-ঘেঁহু উৎপাদন কৰিব পৰা ক্ষমতাৰ পৰা বৰ্তমানৰ বাৰ শ কিলো পৰ্যন্ত উৎপাদন কৰাৰ ক্ষমতা আহৰণ কৰালৈকে–এই দীঘলিয়া পথ পৰিক্ৰমাত মানসিক আৰু শাৰীৰিক কৰ্ষণৰ ভূমিকাৰ কথা দোহৰাৰ আৱশ্যকতা নাই৷ এই কৰ্ষণৰ বলতে মানৱ জাতি এদিন কি পৰ্যায় পাবগৈ, সেই ভৱিতব্য একেবাৰেই অকল্পনীয়৷

এই কৰ্ষণ যে সদায় ইতিবাচক দিশতেই কৰি অহা হৈছে, সেইটোও নহয়; নেতিবাচক দিশতো মানুহে কৰ্ষণ কৰে৷ যিখন চুৰি কটাৰীৰে এজন শৈল্য চিকিৎসকে এজন ৰোগীৰ প্ৰাণ ৰক্ষা কৰে, সেই একেখন চুৰিৰে এজন ঘাতকে কাৰোবাৰ প্ৰাণো লয়৷ যি পাৰমাণৱিক শক্তিক মানৱ জাতিৰ উৎকৰ্ষৰ বাবে ব্যৱহাৰ কৰিব পাৰি, সেই পাৰমাণৱিক শক্তিক মানুহৰ ধ্বংসৰ কাৰণেও ব্যৱহাৰ কৰা হয়৷ একেখন ঘৰৰ দুজন সন্তানৰ স্বভাৱ-চৰিত্ৰ সম্পূৰ্ণ বিপৰীত হোৱাৰ উদাহৰণো দেধাৰ আছে৷ এজন যদি পিতৃজনৰ দৰে দুৰ্ঘোৰ মদাহী, কাজিয়াপ্ৰিয় আৰু অৰ্ধশিক্ষিত হৈছে, আনজন মনৰ ইতিবাচক কৰ্ষণৰ জৰিয়তে নম্ৰ, ভদ্ৰ আৰু শিক্ষিত হৈছে৷ আচলতে আমি মনটোক কিদৰে কৰ্ষণ কৰো, তাৰ ওপৰতে নিৰ্ভৰ কৰে আমাৰ অগ্ৰগতি আৰু অধোগতি৷ সেয়েহে আমি নিজৰ বিচাৰ-বিবেচনাক ব্যৱহাৰ কৰিহে আগবাঢ়িব লাগে৷ যোৱা গোটাদিয়েক দশক ধৰি আমি ৰাজনৈতিকভাৱে ঘৃণাৰ খেতি বা কৰ্ষণ কৰি আহিছো৷ এই খেতিয়ে আমাৰ ইতিবাচক ধ্যান-ধাৰণাক এনেদৰ প্ৰভাৱিত কৰিছে যে আমি যিকোনো ধাৰণাৰ নেতিবাচক দিশবোৰকহে বাচি-বিচাৰি মনৰ উৰ্ধ স্তৰলৈ তুলি আনিবলৈ লৈছো৷

Apply Now

এই পৰিৱৰ্তিত পটভূমিত কোনো এটা ধাৰণাৰ আক্ষৰিক পৰিচয় (Label) একেই আছে, কিন্তু সি নতুন অৰ্থ পৰিগ্ৰহ কৰিছে৷ উদাহৰণ স্বৰূপে, ধৰ্মনিৰপেক্ষতাৰ কথা ক’ব পাৰি৷ অতদিনে আমাৰ দেশত ধৰ্মনিৰপেক্ষতাৰ অৰ্থ আছিল, ৰাষ্ট্ৰই সকলো ধৰ্মকে সম-মৰ্যাদা দিয়া, সকলো ধৰ্মৰ পৰা সমদূৰত্ব বৰ্তাই ৰখা আৰু কোনো ধৰ্মীয় আচাৰ-অনুষ্ঠানত অংশ গ্ৰহণ নকৰা৷ কিন্তু বৰ্তমান সময়ত ধৰ্মনিৰপেক্ষতাক কেৱল হিন্দু-মুছলমানৰ সম্পৰ্কৰ মাজত আবদ্ধ কৰি পেলোৱা হৈছে আৰু ৰাষ্ট্ৰই হেলাৰঙে ধৰ্মীয় অনুষ্ঠানত ভাগ লৈ আছে৷ বাবৰি মছজিদ-ৰাম মন্দিৰৰ সৰোবৰত ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুল যিমানে লহপহীয়াকৈ ফুলি উঠিছিল, বহু ধৰ্মীয় দেশখনত ধৰ্মনিৰপেক্ষতাই সিমানেই তাৰ পৰিভাষা হেৰুৱাবলৈ আৰম্ভ কৰিছিল৷ ধৰ্মনিৰপেক্ষতাৰ নতুন পৰিভাষা হৈ পৰিল (বিদেশী মূলৰ) মুছলমান তোষণ৷ এই নতুন পৰিভাষাই ভাৰতৰ প্ৰায়খিনি মুছলমানেই যে হিন্দুৰ পৰা ধৰ্মান্তৰিত, সেই কথা ঢাকি পেলোৱাৰ প্ৰয়াস কৰিলে৷ ধৰ্মনিৰপেক্ষতাৰ পৰিভাষা সলনি কৰি হিন্দুৰ সংখ্যাগুৰুবাদক প্ৰতিষ্ঠা কৰাৰ নিৰলস প্ৰচেষ্টা চলিল৷

দেশপ্ৰেমিক সংজ্ঞাৰো ৰূপান্তৰ ঘটোৱাৰ চেষ্টা অব্যাহত আছে৷ সংখ্যাগুৰুৰ সপক্ষে হোৱা সকলো সিদ্ধান্তক, সকলো কাম-কাজক সমৰ্থন কৰাসকল হ’ল দেশপ্ৰেমিক আৰু বিৰোধিতা কৰাসকল হ’ল দেশদ্ৰোহী৷ এতিয়া ধৰ্মনিৰপেক্ষ হোৱাটোও এটা অপৰাধ, কাৰণ সি মুছলমান তোষণৰ সমাৰ্থক হৈ পৰে৷ সাংবিধানিক দায়বদ্ধতাৰ কাৰণে বিজেপিয়ে ধৰ্মনিৰপেক্ষতাক পোনপটীয়াকৈ অৱজ্ঞা নকৰে যদিও, সেই অৱজ্ঞাবোধ যে ফল্গুধাৰাৰ দৰে বহু গভীৰলৈকে শিপাই গৈছে, সেই কথাটো অনুভৱ নোহোৱাকৈ থকা নাই৷ নতুন ৰাজনৈতিক কৰ্ষণত ধৰ্মনিৰপেক্ষতাৰ ব্যাখ্যাও সলাই দিয়া হৈছে৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুখ্‌তাৰ আব্বাছ নক্‌ৱিৰ ২০২১ চনৰ এটি বক্তব্যত সেই কথা স্পষ্ট হৈছিল–“Secularism for the Congress is a vote-hijacking machine and for the BJP, a commitment to inclusive development.”

উগ্ৰ জাতীয়তাবাদী হিন্দুত্বৰ ব্যাপক হাৰত হোৱা বিস্তাৰৰ পৰিপ্ৰেক্ষিতত এতিয়া সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে ধৰ্মনিৰপেক্ষতা এবিধ নিষ্ফল অস্ত্ৰ৷ এতিয়া ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক শক্তিসমূহ এখন সুকীয়া পথাৰত সমবেত হোৱাৰ সময় সমাগত৷ ধৰ্মনিৰপেক্ষতাৰ আন এক তাৎপৰ্য হ’ল বহুত্ববাদক স্বীকৃতি দিয়া; বৈচিত্ৰৰ প্ৰতি সন্মান জনোৱা৷ ভাৰতবৰ্ষ বিপুল বৈচিত্ৰৰে সমৃদ্ধ এখন দেশ৷ বহু ধৰ্ম, বহু জাতি, বহু ভাষা, বহু সংস্কৃতিৰ এখন দেশ৷ এই বৈচিত্ৰ্যক উপেক্ষা কৰি বিজেপিয়ে এক দেশ-এক ধৰ্ম-এক ভাষা-এক নাগৰিক সংহিতা-এক নিৰ্বাচন আদি অনেক “এক” জাপি দিবলৈ বিচাৰে৷

কিন্তু সুখৰ কথা, বিজেপিয়ে সংখ্যাগুৰুবাদক প্ৰতিষ্ঠা কৰা অভিযান চলাই থকাৰ বিপৰীতে এক নতুন আন্দোলনৰো সূচনা হৈছে৷ নাম ৰখা হৈছে, “প্লুৰেলিষ্ট ইণ্ডিয়া”৷ এই আন্দোলনক বিজেপিৰ “এক”ৰ বিৰুদ্ধে থিয় কৰোৱা হ’ব৷ সকলো জাতি-ধৰ্ম-বৰ্ণ-ভাষা-সংস্কৃতিৰ লোকক বিজেপিৰ “এক”ৰ বিৰুদ্ধে এই আন্দোলনৰ পতাকাৰ তলত সমবেত কৰোৱাৰ চেষ্টা কৰা হ’ব৷ আমে’ৰিকাই ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ ‘লিংকন প্ৰকল্প’ গঠন কৰিছিল৷ ভাৰতবৰ্ষত নেতিবাচক ৰাজনৈতিক কৰ্ষণক পৰাভূত কৰি, ইতিবাচক কৰ্ষণক উৰ্ধত তুলি ধৰিবলৈ বিজেপিক নিৰ্বাচনত পৰাভূত কৰাটো জৰুৰী হৈ পৰিছে৷ তাৰবাবে ‘গান্ধী প্ৰকল্প’ গঠন কৰা দৰকাৰ৷ বৰ্তমান সময়ত বিজেপি- আৰ এছ এছৰ নেতিবাচক কৰ্ষণৰ বিৰুদ্ধে যুঁজিবলৈ মহাত্মা গান্ধীয়েই উপযুক্ত অস্ত্ৰ হ’ব বুলি আমাৰ ধাৰণা৷ ধৰ্মনিৰপেক্ষতাক সাৰোগত কৰি এই যুঁজ আগুৱাই নিব নোৱাৰি৷
সম্প্ৰতি নব্যনাজীবাদৰ তৎপৰতাত সমগ্ৰ বিশ্বতে গণতন্ত্ৰৰ বিপৰ্যয় চলিছে৷

ভাৰতৰ নব্যনাজীসকলেও যে আৱশ্যক হ’লে বাহিৰৰ পৰা সহায়-সহযোগ নাপাব, সেই কথা কৈ দিয়া টান৷ মনত ৰখা দৰকাৰ যে দ্বিতীয় বিশ্ব যুদ্ধত সমাজবাদী ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে যুঁজিবলৈ হিটলাৰৰ সেনা বাহিনীলৈ ইউৰোপৰ প্ৰায় সকলো দেশেই সেনা আৰু অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰিছিল৷ বাস্তৱ ক্ষেত্ৰত বিশ্ববাসীৰ জীৱন-জীৱিকাক বিপন্ন কৰা, বিশ্ব জুৰি বিভিন্ন প্ৰতিবাদৰ সন্মুখীন হৈ অহা নব্যউদাৰ অৰ্থনীতিৰ ৰথখন চলাই থাকিবলৈ আন্তৰ্জাতিক পুঁজিয়ে নিৰলস চেষ্টা চলাই আছে৷ নব্যনাজীবাদৰ বিকাশ তেওঁলোকৰ বাবে এটা সুযোগ; এক শক্তিশালী হাতিয়াৰ৷ সেয়েহে নব্যনাজীবাদক তেওঁলোকেই সাৰ-পানী দি লালন-পালন কৰি আছে৷ ভাৰতত নব্যনাজীবাদক পৰাভূত কৰিবলৈ ‘গান্ধী প্ৰকল্প’ৰ জৰিয়তে ইতিবাচক কৰ্ষণেৰে বহুত্ববাদক পুনঃপ্ৰতিষ্ঠা কৰাৰ অভিযান চলাই যাব লাগিব৷ বহুত্ববাদৰ ধাৰণাক উৰ্ধত তুলি ধৰি, বৈচিত্ৰ্যৰ মাজৰ ঐক্যক সুসংহত কৰিব পাৰিলেই বিজেপি-আৰ এছ এছৰ “এক”ৰ পৰাজয় হ’ব৷
                  লেখক দ্বিপেন কাকতি এগৰাকী নিবন্ধকাৰ
                   লেখকৰ ফোন-৯৪৩৫০-৯০৮৯৯

দ্বিপেন কাকতি

দ্বিপেন কাকতি

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd