DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অভিমত

নৰেন্দ্ৰ মোডীৰ প্রাণী-প্ৰেম

দ্বিপেন কাকতি by দ্বিপেন কাকতি
May 30, 2022 4:38 pm
Narendra Modi
158
VIEWS
Share on FacebookShare on Twitter

আমাৰ দেশৰ মূলসুঁতিৰ প্রচাৰ মাধ্যমত আৰু সামাজিক মাধ্যমতো নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ প্রাণীৰ প্রতি থকা প্রেমৰ সৰস বৰ্ণনা প্রায়ে দেখিবলৈ পোৱা যায়। কোনোটো কাহিনীত তেখেতৰ সাহসৰ কথাও প্রতিফলিত হয়। সামাজিক মাধ্যমত বিজেপিৰ তথ্য প্রযুক্তি কোষে কাহিনীবোৰ বৰ মনোমোহাকৈ বৰ্ণনা দিয়ে।

এটা কাহিনী মতে, বালক নৰেন্দ্ৰ মোডীয়ে সমনীয়াৰ লগত বল খেলি থাকৌতে এবাৰ হেনো বল গৈ নাতিদূৰৰ জলাশয়ত পৰিলেগৈ। আনিবলৈ কোন যাব? পানীত নামিবলৈ কাৰো সাহস নাই। তাতে আকৌ তাত ঘঁৰিয়ালৰ বসতি। সংকট মোচক বালক মোডী ডাঙৰীয়া আগবাঢ়ি গ’ল। পানীত নামি বলটোতো আনিলেই, লগতে ঘঁৰিয়ালৰ পোৱালি এটাও লৈ আহিল। কিন্তু ক্ষন্তেক পাছতে শিশু ঘঁৰিয়ালক পানীত এৰি দিলেগৈ। কাৰণ? কাৰণ পোৱালিক হেনো মাকৰ পৰা বিচ্ছিন্ন কৰিব নাপায়। নিতাম্তই সজ চিন্তা।

২০১৩ চনত গুজৰাটৰ তদানীস্তন মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াক ৰয়টাৰ নামৰ সংবাদ সংস্থাৰ সাংবাদিকে প্রশ্ন কৰিছিল-_ তেখেতে ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত নিহত লোকসকলৰ বাবে দুখ কৰেনে? তেখেতে উভৰ দিছিল- আন কোনোবাই গাড়ী এখন চলাই গৈছে আৰু আমি গাড়ীৰ পাছৰ আসনত বহি গৈছো। তেনে সময়ত গাড়ীৰ চকাৰ তললৈ আহি যদি কুকুৰ পোৱালি এটাই মৃত্যুক সাবটি লয়, ঘটনাটো দুখদায়ক হ’বনে, নহয়? নিশ্চয় হ’ব।

সিদিনা গৃহ মন্ত্ৰী অমিত শ্বাহে মোডী ডাঙৰীয়াৰ সংবেদনশীলতাৰ সন্দৰ্ভত স্মৃতিচাৰণ কৰি কৈছিল- মোডী চাহাবৰ অফিচত এখন গুৰুত্বপূৰ্ণ সভা চলি থকা সময়ত এটা ম’ৰা চৰায়ে খিৰিকীৰ আয়নাত ঠোটেৰে খুঁটিবলৈ ধৰাত, প্রধান মন্ত্ৰী ডাঙৰীয়াই সভাৰ প্রক্ৰিয়াত হস্তক্ষেপ কৰি ব্যক্তিগত সচিব এজনক ‘ভোকাতুৰ’ ম’ৰা চৰাইটোক দানা দিবলৈ নিৰ্দেশ দিছিল। অবুজ প্রাণীৰ প্রতি থকা তেখেতৰ আত্মীয়তাৰ বাবেই ম’ৰা চৰাইটোৰ ভোক লগা কথাটো অনুভৱ কৰিব পাৰিছিল।

এইবিলাকেই হ’ল মোডী ডাঙৰীয়াৰ মহানুভৱতা। এনে মহতাত্মা, সংবেদনশীল ৰাজনেতাৰ অধীনত নাগৰিকসকলে নিয়ম মতে সুখে-শান্তিৰে দিন পাৰ কৰিব পাৰিব লাগে কিম্বা লাগিছিল অথবা পৰা উচিত আছিল। কিন্তু বাস্তৱ ক্ষেত্ৰত থাকিব পাৰিছেনে?

তেখেতে ৰয়টাৰৰ প্রতিবেদকক কোৱা ‘কুকুৰ পোৱালিৰ মৃত্যু”ত দুখ পোৱা কথাটোত তেখেতৰ দ্বিচাৰিতা প্রতিফলিত হয়। কাৰণ ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত তেখেতৰ সচেতন আৰু সত্তিয় নিৰ্লিপ্ততা বহু লোকৰ মৃত্যুৰ কাৰক আছিল বুলি বহু অভিযোগ উত্থাপিত হৈছিল। একাধিক প্রতিবেদনত পোৱা গৈছিল যে মোডী ডাঙৰীয়াৰ নিৰ্লিপ্তুতাৰ কাৰণে সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে বাজপেয়ী চৰকাৰে পঠোৱা সামৰিক বাহিনীৰ লোক বহু ঘণ্টা ধৰি বিমান ঘাটিত আবদ্ধ হৈ থাকিব লগা হৈছিল। তেওঁলোকক যেতিয়া সংঘৰ্ষ স্থলীলৈ অনা হৈছিল, তেতিয়ালৈ উত্তেজনা বহুখিনি শাম কাটিছিল। ইতিমধ্যেই বহু ধন-জনৰ ক্ষতি হৈ গৈছিল। সেই সংঘৰ্ষত ২০০০ৰো অধিক লোক নিহত হৈছিল আৰু অগণন লোক আহত হৈছিল।

সংঘৰ্ষ নিয়ন্তণত যথোচিত উদ্যোগ ল’বলৈ বিচৰা গুজৰাটৰ তদানীন্তন গৃহ মন্ত্ৰী হৰেন পাণ্ড্যাৰ হায়দৰাবাদত হোৱা ৰহস্যজনক মৃত্যুৰ সমুচিত বিচাৰ নোহোৱা কথাটোকো বহুতে স্বাভাৱিকভাৱে লোৱা নাছিল। তেওঁৰ পৰিবাৰ, জাগৃতি পাণ্ডাৰ মতে, “My husband’s assassination was a political murder….. I have never made any personal allegations, never named anybody. So I have no personal issues with Narendra Modi or Amit Shah. I just questioned the manner in which the probe was con-ducted.” উল্লেখযোগ্য, তেতিয়াৰ প্রধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে মোডী ডাঙৰীয়াৰ ভূমিকাত অসন্তুষ্ট হৈ “ৰাজধৰ্ম পালন”ত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছিল।

কুকুৰ পোৱালিৰ মৃত্যুত শোকাহত হয় বুলি মন্তব্য দিয়া মোডী ডাঙৰীয়াক এবাৰ এটা সাক্ষাৎকাৰত জ্যেষ্ঠ সাংবাদিক কৰণ থাপৰে কৰা এটা প্রশ্নৰ উতভ্তৰতো নিদিলেই, সাক্ষাৎকাৰো সিমানতে সামৰি তেখেত ভিতৰলৈ শুচি গৈছিল। প্ৰশ্নটো আছিল—“আপুনি গুজৰাট সংঘৰ্ষৰ বাবে অনুতপ্ত হয়নে?” অন্তৰত জীৱ-জন্তুৰ বাবে অগাধ প্রেম থকা ব্যক্তিজনে এই প্রশ্নৰ উত্তৰ দিয়াত কি অসুবিধা পালে, সেই কথা সাধাৰণ বিচাৰত বুজা নাযায়। ভূ ৰখা মহলৰ মতে, তেখেতে একমাত্ৰ এই প্রশ্নটোৰ বাবেই সাক্ষাৎকাৰ বাতিল কৰি দৰাচলতে নিজৰ মনটোৰ ওপৰতে ঢাকোন দি থলে!

প্রধান মন্ত্ৰী হোৱাৰ পাছতো সংঘটিত হোৱা বহুবোৰ হিংসাত্মক ঘটনাৰ প্রতিও মোডী ডাঙৰীয়াৰ উদাসীনতা অথবা নিৰ্লিপ্ততাই সামাজিক পৰিস্থিতিৰ অধিক অৱনতি ঘটাই আছে। অটল বিহাৰী বাজপেয়ী থকা হ’লে হয়তো এতিয়াও তেখেতক ক’লেহেঁতেন–“তুমি ৰাজধৰ্ম পালন কৰা৷” ৰজাৰ দৃষ্টিত সকলো প্ৰজা সমান হয় অথবা হ’ব লাগে কিম্বা হোৱা উচিত।

তেখেত প্রধান মন্ত্ৰী হোৱাৰ পাছৰ পৰা গো-হত্যা নিষিদ্ধ কৰা ৰাজ্যবোৰত নিজে খাবৰ বাবে ঘৰৰ ভিতৰতো গো মাংস ৰখা বিপজ্জনক হৈ পৰিল। তাৰ বাবে ইতিমধ্যে একাধিক লোকে নানা ধৰণৰ অত্যাচাৰ সহিব লগা হৈছে; আনকি মৃত্যুকো সাবটি ল’ব লগা হেছে। মৃত গৰুৰ ছাল বখলিওৱাক লৈও নানা লোকে অবৰ্ণনীয় অত্যাচাৰ ভোগ কৰিব লগা হৈছে। এইবিলাক ঘটনা ঘটিছে ঘাইকৈ বিজেপি শাসিত ৰাজ্যবোৰত। অসমত ‘সৌ সিদিনা টিফিনত গো মাংস নিয়া বাবে এগৰাকী প্রধান শিক্ষয়িত্ৰী নিলম্বিত হ’ব লগা হৈছে৷ অথচ অসমত গো মাংস ভক্ষণ নিষিদ্ধ নহয়।

২০১৪ চনৰ পাছৰ পৰা আমাৰ মৰমৰ দেশখনত এচাম লোকে, বিশেষকৈ মুছলমান, খৃষ্টান আৰু দলিতসকলে শান্তিত বাস কৰিব নোৱাৰা হৈছে। মনৰ ভিতৰত অনবৰত এক ক্ষয়ংকাৰী ‘টেন্সন’ লৈ দিন অতিবাহিত কৰিব লগা হৈছে। দেশৰ বিজেপি শাসিত কিছুমান ৰাজ্যত তেওঁলোকক হাতেৰেতো মাৰিছেই, ভাতে মৰাৰো ব্যৱস্থা কৰা হৈছে। এই সকলোবিলাক কৰি আছে “নন-ষ্টেট প্লেয়াৰ” কিছুমান হিন্দুত্ববাদী সংগঠনৰ লোকে আৰু ৰাষ্ট্ৰযন্ত্ৰই তাত পৃষ্ঠপোষকতা কৰিছে। কিন্তু পৰিতাপৰ কথা যে ৰাষ্ট প্রধানজনে এই ঘটনাবোৰৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়াটো দূৰৰ কথা, গৰিহণামূলক মন্তব্য এটাও দিয়া নাই। পাণীৰ প্রতি প্রেম থকা এজন ব্যক্তি এচাম মানুহৰ প্রতি ইমান নিৰ্লিপ্ত হ’ব পাৰেনে?

২০১৪ চনৰ পাছৰ পৰা সংখ্যালঘূ সম্প্ৰদায়সমূহৰ ওপৰত কিছুমান বিধিগত (Lagislative) বাধা-নিষেধো আৰোপ কৰা হৈছে। শেহতীয়াকৈ তেওঁলোকৰ ধৰ্মস্থান অথবা উপাসনা স্থান কিম্বা মোগল শাসকে নিৰ্মাণ কৰা এঁতিহাসিক কীৰ্তিস্তম্ভসমূহৰ ওপৰতো আক্ৰমণৰ আখৰা চলাইছে। বৰ্তমানৰ নিৰ্মম চৰকাৰৰ শাসন কালত ৰাজধৰ্মক সমূলি অৱজ্ঞা কৰা হৈছে। মোড়ী ডাঙৰীয়াৰ প্রাণী-প্ৰেম দৰাচলতে কপটাচাৰহে। তেখেতৰ শাসন কালতে সাধাৰণ শ্ৰেণীৰ মানুহৰ যি বিলৈ বিপত্তি হৈছে, তাৰ প্ৰতিও তেখেত নিৰ্বিকাৰ। অন্তৰত প্ৰেম থকা হ’লে, তেখেতে এজন বেলেগ ধৰণৰ ৰাজনেতা হ’লহেঁতেন।

প্রসংগ ত্ৰুমে, তেখেতে আজিলৈকে এখনো সংবাদ মেল নপতাটো তেখেতৰ সাহসৰ পৰিচয় নহয়, বৰং ই তেখেতৰ ভীৰুতাহে প্রতিফলিত কৰে।

বিজেপিৰ আই টি কোষ অথবা অন্যান্য “প্র’পাগাণ্ডা মেচিনেৰী”য়ে মোডী ডাঙৰীয়াৰ “প্রাণী-প্ৰেম”ক “বিগাৰ ডেন লাইফ চাইজ” কৰি দেখুৱাই, তেখেতৰ মানৱ বিদ্বেষৰ কথা কিমান দিনলৈ ঢাকি ৰাখিব পাৰিব? ইটালি আৰু জাৰ্মেনীৰ জনতাই এটা সময়ত মুছ’লিনি আৰু হিটলাৰক সঠিকভাৱেই চিনি পাইছিল।

লেখকৰ ফোন- ৯৪৩৫০৯০৮৯

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd