• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দুখন ছবি আৰু এটা গীতে কঢ়িয়াই অনা বিষাদ

কৰবী দত্ত by কৰবী দত্ত
September 2, 2022 2:13 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এই লেখাৰ লগত সংলগ্ন  তলৰ ছবিখন আজি কিছুদিন আগতে সংবেদনশীল চিকিৎসক, বিশিষ্ট লেখিকা, চিত্ৰশিল্পী ডাঃ নীলিমা ঠাকুৰীয়া হক বাইদেৱে ফেচবুকত পোষ্ট কৰিছিল। তেওঁৰ জীৱনসংগী, স্বনামধন্য চিত্ৰশিল্পী আমিনূল হক ডাঙৰীয়াৰ “SONGS OF CROW” শীৰ্ষক এই ছবিখন মন দি চাওকচোন। তেনেই চিনাকি, নহয় জানো? ছবিখন চোৱাৰ লগে লগেই নিশ্চয় বহুতৰে মনত অগাডেৱা কৰিব অজস্ৰবাৰ শুনিও আমনি নলগা “কলৰে পাততে কাউৰী পৰে” শীৰ্ষক সুমধুৰ গীতটোৱে। লগে লগেই চকুৰ আগত ভাঁহি উঠিব এসময়ৰ তেনেই চিনাকি, তেনেই আপোন ডাকোৱালজনৰ ছবি।

“SONGS OF CROW”

 

Apply Now

নানা নথি-পত্ৰ, চিঠি, টেলিগ্ৰাম, মাণি অৰ্ডাৰ আদিৰ লগতে যাতায়াতৰ সূচল ব‍্যৱস্থা নথকা সময়ত আনকি বাতৰিকাকত-আলোচনী আদিও কঢ়িয়াই অনা ডাকোৱালসকল এসময়ত সকলোৰে জীৱনযাত্ৰাৰ প্ৰায় অপৰিহাৰ্য অংগ আছিল। প্ৰেমপত্ৰ কঢ়িয়াই অনা ডাকোৱালজনকতো তেতিয়া সৰগৰ দেৱদূত যেনেই লাগিছিল। সেই সময়ত “কলৰে পাততে কাউৰী পৰে” গীতটো শুনিলে বেথাৰে মনটো ভৰি পৰিছিল ! বহুতেই হয়তো আমাৰ দৰেই ভাবিছিল– আমাৰ চেনেহ কঢ়িয়াই অনা ডাকোৱালজনে নিজৰ চেনেহীক, পোনাটিক বা কোন দূৰণিৰ গাঁৱত এৰি থৈ আহিছে ! তেওঁৰ খেতিডৰা এইবাৰ বা কেনে হয়? তেওঁ বা ঘৰলৈ কেতিয়াকৈ যাব পাৰে? তেওঁ যোৱালৈকে তেওঁৰ পোণাটিৰ জুনুকালৈ হেঁপাহ থাকিবগৈনে? নে তেতিয়ালৈকে সি ডাঙৰেই হ’ব?

কল্পনাতে মনটো বহুদূৰ পায়গৈ। একে সময়তে ডাকোৱালজনলৈ মৰমো লাগে, দুখো। গীতটো যেন কেৱল গীতেই নহয়, কোমল অথচ কৰুণ এটি সাধুকথাহে!

অথচ লাহে লাহে সেই ডাকোৱালজনৰ গুৰুত্ব একেবাৰেই কমি আহিল। এয়া অৱশ্যে সময়ে কঢ়িয়াই অনা স্বাভাৱিক পৰিৱৰ্তন। আগতে টেলিফোন আৰু পাছলৈ ম’বাইলত অভ‍্যস্ত হৈ পৰা আজিৰ প্ৰজন্মই টেলিগ্ৰামৰ গুৰুত্ব কিদৰে অনুভৱ কৰিব? এতিয়াৰ দৰে তৎমুহূৰ্ততে খবৰ পোৱাৰ সলনি আনকি জন্ম-মৃত্যুৰ খবৰো দুই-তিনিদিন বা কেতিয়াবা তাতকৈও পিছতহে টেলিগ্ৰামে কঢ়িয়াই নিছিল বুলি ক’লে বহুতে হয়তো চকু থৰ লাগিব। আজিৰ নেট বেংকিঙৰ দিনত মাণি অৰ্ডাৰৰ গুৰুত্ব অনুভৱ কৰাটোও সহজ নহয়। একালত যে মাণি অৰ্ডাৰৰ ফৰ্ম পূৰাই দিয়া আৰু আনক চিঠি লিখি দিয়াটোও এচামৰ জীৱিকা আছিল সেই কথাটোৱেই বা আজিৰ প্ৰজন্মই কিদৰে বিশ্বাস কৰিব?এসময়ত ‘ডাক অহা’ সময়টো যে বহুতৰে বাবে অতি গুৰুত্বপূৰ্ণ আছিল সেই কথাটোৱেই বা আজিৰ ই-মেইল, ৱাটছ এপৰ দিনত কোনে অনুভৱ কৰিব পাৰিব? গ্ৰীটিংছ টেলিগ্ৰাম অন্তৰ্দ্ধান হোৱাৰোতো বহু যুগেই হ’ল!

একালৰ তেনেই আপোন, তেনেই ডাকোৱালজনক লৈ গোৱা দীঘলীয়া গীতটো আমিনূল হক ডাঙৰীয়াই মাত্ৰ এখন ছবিতে সুন্দৰকৈ সামৰি লোৱা দেখি যিদৰে বিস্ময়াভিভূত হ’লো ঠিক তেনেদৰেই সময়ৰ সোঁতত হেৰাই যাবলৈ ধৰা ডাকোৱালজনৰ কথা ভাবি বিষাদগ্ৰস্তও হ’লো। সেই বিষাদ দুগুণে বঢ়াই তুলিলে কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ‍্যাপক, সুলেখক, ভাতৃপ্ৰতীম ড° বৰুণ কুমাৰ সাহাই ফেচবুকত পোষ্ট কৰা এখন আলোকচিত্ৰই। গুৱাহাটীৰ মালিগাঁও অঞ্চলত ভূ-লুন্ঠিত হৈ থকা ৰঙা ৰঙৰ পোষ্টবক্সটোৱেও যেন একালত জাপ জাপ চিঠি লিখা আৰু পোৱা আমাৰ দৰে বহুতৰে কাণত ফুচফুচাই কৈ গ’ল –চিঠিৰ যুগ শেষ! লাহে লাহে শেষ হৈ আহিছে ডাকঘৰৰ, ডাকোৱালৰ যুগো!

যিবোৰ গীত বাৰে বাৰে শুনিলেও আমনি নালাগে তাৰ ভিতৰত “কলৰে পাততে কাউৰী পৰে”টোও এটা। কিছুদিন আগতে ইউ-টিউবত (জনৈক ধ্ৰুৱজ্যোতি ডেকাই আপলোড কৰা) এই গীতটো আকৌ শুনিছিলোঁ। জাগীৰোডৰ এক অনুষ্ঠানত খগেন মহন্তদেৱে গীতটো পৰিৱেশন কৰাৰ পূৰ্বে এইদৰে কৈছিল–”এইটো এটা বৰ বুঢ়া গীত। দাড়ি-চুলি, পকি, দাঁত সৰি সৰ্বনাশ হৈছেগৈ। তথাপিও ৰাইজে মৰম কৰিয়েই থাকে। মোৰ কাৰণে এয়া ভাগ‍্যও, আশীৰ্বাদো।” কথাখিনি শুনি মনটো মোচৰ খাই গ’ল। যিসকলে ডাকোৱালৰেই গুৰুত্ব কাহানিও অনুভৱ কৰা নাই তেওঁলোকে এই গীতটো কিদৰে হৃদয়ংগম কৰিব?আমাৰ পাছৰ বা তাতোকৈও পাছৰ প্ৰজন্মৰ বাবে এই গীতটোৰ গুৰুত্বই বা কিমান থাকিব? এই সুন্দৰ গীতটোৰ দীৰ্ঘদিনীয়া অনুৰাগী হিচাপে আজি মাথো কামনা কৰিব পাৰোঁ– কেশৱ মহন্তৰ অৰ্থবহ কথা, ৰূদ্ৰ বৰুৱাৰ নিভাঁজ সুৰ আৰু খগেন মহন্তৰ অদ্বিতীয় কন্ঠৰ সমন্বয়ে এই “বুঢ়া” গীতটোক অমৰত্ব প্ৰদান কৰক।

লেখিকা এগৰাকী নিবন্ধকাৰ
লেখিকাৰ ফোনঃ৭০০২৩ ২৫১২৪

কৰবী দত্ত

কৰবী দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd