NORTHEAST NOW (Assamese)

ইম্ফলত শক্তিশালী আই ই ডি উদ্ধাৰ

December 21, 2020 3:39 pm · এন ই নাও নিউজ

সোমবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত এটা শক্তিশালী আই ই ডি উদ্ধাৰ হয়।

ইম্ফলৰ খংবা বাজাৰ অঞ্চলত সোমবাৰে এই আই ই ডিটো উদ্ধাৰ হয় বুলি খবৰ লাভ কৰা গৈছে।

অসম ৰাইফলছৰ এটা দলে অঞ্চলটোত শক্তিশালী আই ই ডিটো সম্পৰ্কে সম্ভেদ লাভ কৰাৰ পাছতে পূৱ ইম্ফল আৰক্ষীয়ে আই ই ডিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

পূৱ ইম্ফলৰ খংবা বাজাৰ অঞ্চলত সোমবাৰে ৰাতিপুৱা সুৰক্ষা বাহিনীৰ এটা দলে শক্তিশালী আই ই ডিটো উদ্ধাৰ কৰে আৰু ভয়াবহ বিস্ফোৰণৰ পৰা অঞ্চলটোক ৰক্ষা কৰে।

আই ই ডিটো উদ্ধাৰৰ পাছতে বোমা নিষ্ক্ৰিয়কাৰী এটা ততাতয়াকৈ উক্ত স্থানত উপস্থিত হয় আৰু আই ই ডিটো উদ্ধাৰ কৰে।

প্ৰায় ১১ টা মান বজাত বোমা নিষ্ক্ৰিয়কাৰী দলটোৱে উদ্ধাৰ হোৱা আই ই ডিটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মণিপুৰ আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত তদন্ত অব্যাহত ৰাখিছে।

বৰ্তমানলৈ কোনো উগ্ৰবাদী সংগঠনে উদ্ধাৰ হোৱা আই ই ডিটো সম্পৰ্কত দায়িত্ব স্বীকাৰ কৰা নায়।

 

Related News