• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপৰ মুখ্য কাৰ্য্যালয়ত তলা ওলমালে ক্ষুব্ধ সমৰ্থকে; উত্তপ্ত পৰিস্থিতি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 7, 2019 1:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগপৰ নেতৃত্বৰ কৰ্ম-কাণ্ড আৰু স্থিতিত ক্ষুব্ধ এজন লোকে আজি এটা অকল্পনীয় ব্যতিক্ৰম পদক্ষেপেৰে গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয় তলা লগাই বন্ধ কৰি দিয়ে। ৰাজ্যখনৰ প্ৰধান আঞ্চলিক দলটোৰ মুখ্য কাৰ্য্যালয়টোত এইদৰে তলা ওলমাবলৈ দুঃসাহস কৰা লোকজনৰ নাম মণ্টু দত্ত আৰু তেওঁ যোৰহাটৰ বুলি জানিব পৰা গৈছে।

কাৰ্য্যালয়টোৰ মূল আৰু একমাত্ৰ প্ৰৱেশদ্বাৰত বাহিৰৰ পৰা তলা লগাই দিয়াৰ সময়ত কাৰ্য্যালয়টোত দলৰ প্ৰধান নেতাসকলৰ কোনো উপস্থিত নাছিল। ১০:৩০-১১ বজাত ঘটে এই ঘটনা।

Apply Now

পিছত খবৰ পাই দলটোৰ বহুকেইজন নেতা-কৰ্মী দৌৰাদৌৰিকৈ কাৰ্য্যালয়টোলৈ আহে যদিও তেওঁলোক প্ৰৱেশ কৰিব পৰা নাছিল তলা লগাই থোৱা বাবে। উপস্থিত হোৱা দলটোৰ নেতা-কৰ্মী-সমৰ্থকৰ এটা দলে তলা লগোৱা মণ্টু দত্তক আগুৰি ধৰি জবাবদিহি কৰে।

“আপুনি অকলে কিয় এনে সিদ্ধান্ত ল’ব? আপুনি কাক কৈ মাৰিছে তলা? আপুনি কাৰ এজেণ্ট?” এইদৰে তেওঁক উপৰ্য্যুপৰি প্ৰশ্ন কৰে ক্ৰোধান্বিত নেতা-কৰ্মীসকলে।

মণ্টু দত্তই তেওঁৰ প্ৰিয় আঞ্চলিক দলটোৱে বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ সন্দেহ কৰিয়ে এই চৰম সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমৰ আগত কয়।

শেহতীয়া খবৰ মতে, তেওঁ নিজৰ ভুল হোৱা আৰু আৱেগৰ বশৱৰ্তী হৈ এই সিদ্ধান্ত লৈছিল বুলি স্বীকাৰ কৰিছে। তেওঁৰ সৈতে দলৰ নেতাসকলে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে। আঞ্চলিক দলটোৰ ‘ভাল হোৱাটো বিচাৰো’ বুলি মন্তব্য কৰিছে দত্তই।

ইপিনে মন্টু দত্ত অগপৰ কোনো পৰ্যায়ৰে কৰ্মী নহয় বুলি জানিবলৈ দিয়ে দলটোৰ তথ্য আৰু প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই। অৱশ্যে তৰ্কৰ সময়ত এগৰাকী নেত্ৰীয়ে মণ্টু দত্তক ‘দলৰ মজিয়াত কি কৰিছিলে আপুনি’ প্ৰশ্ন কৰা দেখা গৈছিল, যিটোৱে প্ৰমাণ কৰে যে তেওঁ দলৰে এজন কৰ্মী। তাৰোপৰি দলৰ নেতৃত্বই তেওঁৰ সৈতে আলোচনা কৰাটোৱেও তাৰে ইংগিত দিয়ে।

‘অসমৰ সাধাৰণ ৰাইজৰ দলটোৰ প্ৰতি ভালপোৱা আছে বাবেই এনে ঘটনা সংঘটিত হৈছে’ বুলি মনোজ শইকীয়াই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

আনহাতে আঞ্চলিক দলটোৱে এতিয়ালৈ কোনো দলৰ সৈতে মিত্ৰতাৰ সিদ্ধান্ত লোৱা নাই বুলি জানিবলৈ দিয়ে প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই। ‘নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতৰ বাবে গঠন কৰা ন জনীয়া কমিটীয়ে এই ক্ষেত্ৰত সিদ্ধান্ত ল’ব।’, শইকীয়াই কয়।

দলৰ ভাষ্য যিয়ে হ’লেও নিৰ্বাচনৰ দিন তেনেই কাষ পালেহি যদিও আঞ্চলিক দলটোৰ নেতৃত্বই এতিয়াও নিজৰ স্থিতি স্পষ্ট কৰিব নোৱৰাটোৱে যে দলৰ কৰ্মী-সমৰ্থকক চূড়ান্ত হতাশ কৰিছে সেয়া আজিৰ ঘটনাটোৰ পৰা সহজেই অনুমেয়।

উল্লেখযোগ্য যে গুৱাহাটীৰ লতাশিল খেলপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কৰা আছুৰ বজ্ৰনিনাদ কাৰ্য্যসূচীত নিজৰ হাতৰ আঙুলি কাটি প্ৰতিবাদ কৰিছিল মণ্টু দত্তই। তাৰোপৰি বিধেয়কখনৰ বিৰুদ্ধে যোৰহাটতো উপয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত উলংগ প্ৰতিবাদ কৰিছিল তেওঁ।

মণ্টু দত্তৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা এই পৰ্য্যন্ত লোৱা নাই আঞ্চলিক দলটোৱে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd