DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নেডা’ৰ বিপৰীতে উত্তৰ-পূবৰ আঞ্চলিক দলেৰে গঠিত হ’ব পাৰে শক্তিশালী সন্মিলিত ৰাজনৈতিক মঞ্চ

অগপ, এন পি পি, এম এন এফৰ ত্যাজ্য হ'লে অৰ্থহীন হৈ পৰিব পাৰে 'নেডা'

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 8, 2019 10:16 pm
Atul Bora Conrad Sangma
766
VIEWS
Share on FacebookShare on Twitter

২০১৬ চনত অসমত বিজেপি, অগপ আৰু বি পি এফ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ দিনাই উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলক লৈ বিজেপিয়ে গঠন কৰিছিল ‘উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা’ চমুকৈ নেডা। কেন্দ্ৰৰ এন ডি এৰ ‘উত্তৰ-পূব সংস্কৰণ’ বুলি ক’ব পৰা নেডাৰ অন্যতম অংশীদাৰ আছিল অসম গণ পৰিষদো। কিন্তু এতিয়া নেডাৰ বিপক্ষে অৱস্থান ল’ব ৰাজ্যৰ অন্যতম আঞ্চলিক দলটোৱে।

শেহতীয়াভাৱে অগপই বিজেপিৰ সৈতে থকা আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰাৰ লগে লগে নেডাৰ পৰাও ওলাই অহাটো নিশ্চিত হৈ পৰে। কাৰণ ইয়াৰ নিয়ন্ত্ৰণ কৰি আছে বিজেপিয়ে লগতে নেডাৰ মুখ্য আহ্বায়ক হিচাপে আছে বিজেপি নেতা তথা অসমৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

“অগপই এতিয়া আৰু নেডাৰ অংশীদাৰ হৈ থকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে”, নৰ্থ-ইষ্ট নাওক এইদৰে কয় বিধায়ক তথা দলটোৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।

কলিতাই লগতে জনায় যে অগপই উত্তৰ-পূবৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সৈতে ঐক্যবদ্ধভাৱে আগন্তুক দিনবোৰত আগুৱাই যোৱাৰ পৰিকল্পনা হাতত লৈছে। তাৰ বাবে দলটোৱে উত্তৰ-পূবৰ আঞ্চলিক দলবোৰক লৈ এখন উমৈহতীয়া ৰাজনৈতিক মঞ্চ গঠন কৰাৰ চিন্তা-চৰ্চা চলাই আছে। দলৰ সভাপতি অতুল বৰায়ো এই ক্ষেত্ৰত চিন্তা-চৰ্চা চলাই থকা বুলি জনালে কলিতাই।

উল্লেখযোগ্য যে উত্তৰ-পূবত কংগ্ৰেছক প্ৰতিহত কৰিবলৈ ইয়াৰ আঞ্চলিক শক্তিসমূহক লগত লৈ বিজেপিয়ে নেডা গঠন কৰিছিল। কিন্তু মাত্ৰ আঢ়ৈটা বছৰৰ ভিতৰতে নেডাৰ অংকত কাৰ্যতঃ আউল লগা পৰিলক্ষিত হৈছে।

অসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অগপই বিজেপি মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ দৰেই মেঘালয়তো শাসনাধিষ্ঠিত এন পি পিয়ে নেডাৰ পৰা ওলাই অহাৰ সম্ভাৱনাই দেখা দিছে। কাৰণ বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাত অসন্তুষ্ট মুখ্য মন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এন পি পিও। এই সন্দৰ্ভত আলোচনা মৰ্মে দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰিছে মুখ্য মন্ত্ৰী চাংমাই।

আনহাতে, শেহতীয়াভাৱে চৰকাৰ গঠন হোৱা মিজোৰামত মিজো নেশ্যনেল ফ্ৰণ্ট চমুকৈ এম এন এফে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত নেডাৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলা নাই। বিজেপিয়ে এম এন এফক নেডাৰ অংশীদাৰ বুলি দাবী কৰি থাকিলেও এই ক্ষেত্ৰত জোৰামথাংগা নেতৃত্বাধীন এম এন এফে গুৰুত্ব নিদিয়াটো স্পষ্ট হৈছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মিজোৰামত জোৰামথাংগাই শপতগ্ৰহণ কৰাৰ দিনা নিমন্ত্ৰণ কৰিছিল অগপৰ সভাপতি অতুল বৰা আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক। ইয়াৰ বিপৰীতে অনুষ্ঠানটোত উপস্থিত নাছিল নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা।

যদি নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ-পূবত এনেকুৱা ৰাজনৈতিক পট পৰিৱৰ্তন আনিবলৈ সক্ষম হয়, তেন্তে বিজেপিৰ পৃষ্ঠপোষকতাত গঠিত নেডাই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা নিশ্চিত। উদ্দেশ্যৰ পৰা বহু আঁতৰত থাকোতেই নেডা ভাগি পৰিলেও আচৰিত হ’ব লগীয়া নহ’ব।

এতিয়া বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছত বিধেয়কখনৰ বিৰোধীতা কৰি থকা অগপৰ লগতে উত্তৰ-পূৱৰ আন ৰাজনৈতিক দল সমুহ একত্ৰিত হোৱাৰ এক সম্ভৱনা আহি পৰিছে। লগতে তেওঁলোকে বিজেপিৰ বিপক্ষে উত্তৰ-পূৱৰ এক আঞ্চলিক শক্তিৰ মৰ্চা গঢ়ি তুলিব নেকি? আৰু এই শক্তিয়ে নেডাৰ অংকত চেচা পানী ঢালিব নেকি? এই প্ৰশ্নসমুহৰ এতিয়া প্ৰাসংগিকতা আহি পৰিছে।

 

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd