• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধেয়ক বিৰোধী ভোট দিবলৈ আহ্বান জনাই বহিষ্কৃত অগপ যুৱ নেতা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 1, 2019 7:38 pm
Anti-CAB vote appeal invites expulsion for AGP youth leader

ফাইল ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে ভোট দিবলৈ আহ্বান জনাই অগপৰ পৰা বহিষ্কৃত হৈছে যুৱ নেতা ভাস্কৰজ্যোতি দাস।

দাস অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ যুৱ-ছাত্ৰ কল্যাণ সম্পাদক।

Apply Now

ফে’চবুকত জনোৱা আহ্বানৰ বাবে যুৱনেতাজনক বহিষ্কাৰ কৰিছে নাগৰিকত্ব বিধেয়কৰ দুৰ্ঘোৰ বিৰোধিতাৰ দাবী কৰা আঞ্চলিক দলটোৱে।

“দলৰ নীতি-নিয়ম আৰু শৃংখলা ভংগ কৰি বিভিন্ন সামাজিক মাধ্যমত বক্তব্য দি দলৰ ভাবমূৰ্ত্তি বিনষ্ট” কৰিছে দাসে, ৩০ এপ্ৰিলত যুৱ পৰিষদৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণ প্ৰেৰিত পত্ৰত উল্লেখ। দাসক সংগঠনৰ “পদবী আৰু প্ৰাথমিক সদস্য”ৰ পৰা বহিষ্কাৰ কৰা হৈছে।

ইফালে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি অভিযোগ প্ৰমাণৰ বাবে নেতৃত্বক প্ৰত্যাহ্বান জনাইছে যুৱনেতাজনে।

“দলৰ নেতৃত্বই সম্পূৰ্ণ স্বেচ্ছাচাৰী নীতিৰে মনে সজা অভিযোগ আনি মোক বহিষ্কাৰ কৰিছে। যদি মই সঁচাকৈয়ে দলৰ নীতি-নিয়ম আৰু শৃংখলা ভংগ কৰিছো সেয়া ২৪ ঘন্টাৰ ভিতৰত প্ৰমাণ কৰি দেখুৱাওক,” বহিষ্কৰণৰ পিছতে বুধবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এক সংবাদমেলযোগে মন্তব্য ভাস্কৰজ্যোতি দাসৰ।

সংগঠনৰ সিদ্ধান্তৰ সপক্ষে স্থিতি লৈ পৰিষদৰ সভাপতি সুনীল ডেকাই নৰ্থ-ইষ্ট নাওত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

“ভাস্কৰজ্যোতি দাসে যোৱা নিৰ্বাচনত ‘কেব’ৰ বিৰুদ্ধে ভোট দিবলৈ আহ্বান জনাইছে। যিহেতু আমি বিজেপিৰ লগত মিত্ৰতাত আছো তেনেক্ষেত্ৰত ‘কেব’ৰ বিৰুদ্ধে ভোট দিবলৈ কোৱাটো নীতিসংগত নহয়। দলৰ সিদ্ধান্ত অনুসৰি আমি বিজেপিৰ সৈতে যিহেতু বুজাবুজি কৰিছো গতিকে এই সিদ্ধান্তৰ বিৰোধিতা কৰি মন্তব্য কৰিলে দলৰ ক্ষতি হয়,” সুনীল ডেকাৰ মত।

দাসৰ আন কিছু কামেও দলৰ ক্ষতি কৰা বুলি মন্তব্য কৰি ডেকাই কয় যে সেইসমূহ পাছত সংবাদমেলযোগে প্ৰকাশ কৰা হ’ব।

ইপিনে, ভাস্কৰজ্যোতি দাসে সংবাদমেলত তেওঁক দলৰ সংবিধান উলংঘা কৰি বহিষ্কাৰ কৰা হৈছে বুলিও মন্তব্য কৰে। কাৰণ অগপৰ সংবিধানৰ ৩৫ নম্বৰ দফাত সন্নিবিষ্ট দলীয় অনুশাসন অনুসৰি কোনো সদস্যই দলৰ নীতি-আদৰ্শ আৰু দলীয় নিৰ্দেশৰ পৰিপন্থী কাম কৰিলে তেওঁৰ বিৰুদ্ধে যাৱতীয় তদন্ত চলাই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে সভাপতিক পৰামৰ্শ দিবলৈ দলৰ অনুশাসন উপসমিতি গঠন কৰিব লাগে।

কিন্তু দাসে জনোৱা মতে দলে তেওঁক পূৰ্বে কোনো কাৰণ দৰ্শোৱাৰ জাননী, তেওঁৰ বিৰুদ্ধে কোনো তদন্ত নকৰাকৈয়ে নেতৃত্বই একপক্ষীয়ভাৱে সিদ্ধান্ত লৈ তেওঁক বহিষ্কাৰ কৰিছে। গতিকে দলৰ নেতৃত্বৰ এই কাৰ্য্যক আক্ৰোশমূলক আখ্যা দি তেওঁ কয়, “দলৰ কেইজনমান নেতা ন্যস্তস্বাৰ্থ সিদ্ধিৰ ক্ষেত্ৰত বাটৰ কাঁইট হিচাপে গণ্য কৰি মোৰ বিৰুদ্ধে এই সিদ্ধান্ত লৈছে।”

“অগপৰ অভ্যন্তৰীণ গণতন্ত্ৰক হত্যা কৰিব বিচৰা হৈছে আৰু দলটোক কেইজনমান ব্যক্তিয়ে এটা ক্লাবত পৰিণত কৰিছে,” দাসে কয়।

দলে বহিষ্কাৰ কৰা অগপ যুৱনেতাজনে আগলৈও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি যাব বুলি সংবাদমেলত স্পষ্ট কৰে।

লগতে দলৰ সভাপতি অতুল বৰালৈ এখন পত্ৰ প্ৰেৰণ কৰি তেওঁৰ বিৰুদ্ধে লোৱা সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবেও তেওঁ আহ্বান জনাব।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd