Rs 1,400-Crore Worth Drugs Seized বৃহস্পতিবাৰে মুম্বাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে ৭০০ কিলোগ্ৰাম নিষিদ্ধ মেফেড্ৰোন জব্দ কৰিছে। ইয়াৰ বজাৰ মূল্য ১,৪০০ কোটি টকা হ’ব বুলি কোৱা হৈছে। এই ঘটনাত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মুম্বাই আৰক্ষীৰ অপৰাধ শাখাৰ এন্টি-নাৰ্কোটিক্স চেলে বৃহস্পতিবাৰে পালঘৰ জিলাৰ নালাচুপাৰাত অভিযান চলাই ৭০০ কিলোগ্ৰাম নিষিদ্ধ মেফাড্ৰোন উদ্ধাৰ কৰে।
মুম্বাই আৰক্ষীয়ে এক বিবৃতিত কয় যে মুম্বাই চহৰৰ পৰা ঘটনাটোৰ সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আন এজন অভিযুক্তক নালাচুপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। মুম্বাই আৰক্ষীৰ মতে সাম্প্ৰতিক সময়ত এইটো ড্ৰাগছ উদ্ধাৰৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ সফলতা।

মেফেড্ৰোনক ‘মিঅ মিঅ’ বা এমডি (MD) বুলিও জনা যায়। যিটো প্ৰকৃততে এক সংশ্লেষিত উদ্দীপক। ইয়াক শৰীৰত লোৱাৰ লগে লগে মানসিক অৱস্থাৰ এক বৃহৎ পৰিৱৰ্তন ঘটে। নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক ছাবষ্টেন্স এক্টৰ অধীনত ভাৰতত মেফেড্ৰোন নিষিদ্ধ কৰা হৈছে।
উল্লেখ্য যে মুম্বাইত ড্ৰাগছ সৰবৰাহত দাউদ জড়িত থকা কথাটো বাৰে বাৰে উত্থাপিত হৈ আহিছে। ফেব্ৰুৱাৰী মাহত জিম্বাবোৱেৰ কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী মহিলাক ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।
লগতে পঢ়ক: China fires missiles near Taiwan: যুদ্ধৰ দামামা! টাইৱানৰ জলসীমাত ক্ষেপণাস্ত্ৰ নিক্ষেপ চীনৰ
সেই সময়ত আবকাৰী বিভাগে মহিলাগৰাকীৰ নাম প্ৰকাশ কৰা নাছিল। অৱশ্যে, ৪০ বছৰীয়া কৰ্কট ৰোগীগৰাকী ভাৰতলৈ হেৰোইন আৰু মেথাম্ফেটামিন চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। সেই হেৰ’ইন আৰু মেথাম্ফেটামিনৰ মূল্য আছিল প্ৰায় ৬০ কোটি টকা।