• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেলৰ শেষত আন এখন খেল! স্পেনিছ ডিফেণ্ডাৰক ডিঙি চেপি ধৰিলে মেছিৰ সতীৰ্থই; পালে ৰঙা কাৰ্ড

খেলপথাৰত দুয়োটা দলৰ ফুটবলাৰৰ মাজত তৰ্ক-বিতৰ্ক, ঠেলাঠেলি আৰু হতাহতি আৰম্ভ হয়। এই উত্তেজনাৰ মাজত আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নিও জড়িত হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 20, 2026 8:30 am
260
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা আৰু স্পেইনৰ মাজত যুঁজখন মূলতঃ ফুটবলৰ  আছিল। দুটামান সৰু সৰু ঘটনাৰ বাহিৰে দুয়োটা দলৰ ফুটবলাৰসকল খেলখনত সংযত আছিল। ৰেফাৰীয়েও বহু কাৰ্ড দেখুৱাব লগা নাছিল।

কিন্তু খেলৰ চূড়ান্ত হুইচেল বজোৱাৰ লগে লগে পৰিস্থিতি সলনি হ’ল। খেলপথাৰত দুয়োটা দলৰ ফুটবলাৰৰ মাজত তৰ্ক-বিতৰ্ক, ঠেলাঠেলি আৰু হতাহতি আৰম্ভ হয়। এই উত্তেজনাৰ মাজত আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নিও জড়িত হৈ পৰে।

Apply Now

খেলখন শেষ হোৱাৰ লগে লগে স্পেইনৰ ফুটবলাৰসকলে নিজৰ জয়ৰ উদযাপন কৰিবলৈ আৰম্ভ কৰে। আনহাতে, পৰাজয়ত হতাশ হোৱা আৰ্জেণ্টিনাৰ কিছুমানে খেলপথাৰত বহি বা শুই পৰে। ইয়াৰ মাজতে প্ৰথমে খেলপথাৰৰ মাজত দুয়োটা দলৰ ফুটবলাৰৰ মাজত কথা কটাকটি আৰম্ভ হয়, যিটো ক্ষন্তেকতে হতাহতিত পৰিণত হয়।

এই সংঘাতৰ কেন্দ্ৰবিন্দু আছিল আৰ্জেণ্টিনাৰ লিয়াণ্ড্ৰ’ পেৰেডেছ। মেচত নমাৰ ৫ মিনিটৰ ভিতৰতে তেওঁ অবাঞ্চিত টেকেলৰ বাবে হালধীয়া কাৰ্ড লাভ কৰিছিল। চূড়ান্ত হুইচেলৰ পিছত প্ৰথমে স্পেইনৰ এৰিক গাৰ্চিয়াৰ সৈতে তেওঁৰ খকাখুন্দা লাগে।

এটা সময়ত পেৰেডছে গাৰ্চিয়াৰ ডিঙিত চেপি ধৰিলে। পিছত স্পেইনৰ গাভিৰ সৈতেও হোৱা সংঘৰ্ষত জড়িত হৈ তেওঁক ঠেলি পেলাই দিয়াৰ অভিযোগ উত্থাপন হয়। এই ঘটনাৰ বাবে তেওঁক পোনপটীয়া ৰঙা কাৰ্ড দেখুওৱা হয়।

দুয়োটা দলৰ ছাপোৰ্ট ষ্টাফ আৰু কোচিং সদস্যই পৰিস্থিতি চম্ভালিবলৈ লৰালৰিকৈ খেলপথাৰলৈ দৌৰি আহিল। স্কাল’নীয়েও নিজৰ ফুটবলাৰসকলক আঁতৰাই নিবলৈ চেষ্টা কৰে। অৱশ্যে তাৰ আগতে গাৰ্চিয়াৰ সৈতে তেওঁৰ উত্তপ্ত বাক্-বিতণ্ডা হৈছিল। সাধাৰণতে শান্ত স্বভাৱৰ প্ৰশিক্ষক হিচাপে পৰিচিত স্কাল’নীক এনে মেজাজত খুব কমেইহে দেখা পোৱা যায়।

ইপিনে, আৰ্জেণ্টিনাৰ অভিজ্ঞ ডিফেণ্ডাৰ নিকোলাছ অটামেণ্ডিৰ সৈতে স্পেইনৰ অধিনায়ক ৰড্ৰিৰো তৰ্ক-বিতৰ্ক হয়। অৱশ্যে সেই ঘটনাটো মৌখিক তৰ্ক-বিতৰ্কতে সীমাবদ্ধ আছিল আৰু হতাহতিৰ স্তৰত উপনীত হোৱা নাছিল। খেলৰ চূড়ান্ত হুইচেলৰ পিছত হোৱা উত্তপ্ত পৰিস্থিতিয়ে ফাইনেলৰ পৰিৱেশত কিছু হ’লেও বিতৰ্কৰ সৃষ্টি কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd