এক বেয়া খবৰে আজি জোকাৰি গ’ল সমগ্ৰ ৰাজ্যকে। বৃহস্পতিবাৰে ঘটা ধুবুৰীৰ নাও দুৰ্ঘটনাত সন্ধানহীন হৈ থকা থকা চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ আজি উদ্ধাৰকাৰীৰ দলে নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত উদ্ধাৰকাৰীৰ দলে চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। চক্ৰ বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ এলেকাটোৰ লগতে কাচাৰতো শোকৰ ছাঁ পৰে। উল্লেখ্য কাচাৰৰ উদাৰবন্দৰ সঞ্জু দাসে ধুবুৰীত চক্ৰ বিষয়া হিচাবে যোগদান কৰিছিল।
চৰকাৰী আঁচনিৰ কাম চাবলৈ যোৱাৰ সময়তে চক্ৰ বিষয়া গৰাকীয়ে উঠি যোৱা নাও খন ব্ৰহ্মপুত্ৰ নদত বুৰ গৈছিল। বৃহস্পতিবাৰে সংঘটিত দুৰ্ঘটনাৰ পিছৰে পৰা চক্ৰ বিষয়াগৰাকীৰ লগতে আন বহু কেই জন লোক সন্ধানহীন হৈ আছিল। এনডিআৰএফ, এছডিআৰএফ আৰু আৰক্ষীয়ে দুৰ্ঘটনাৰ পিছতে উদ্ধাৰ অভিযান চলাই বাকী সন্ধানহীন লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও চক্ৰ বিষয়া সঞ্জু দাস সন্ধানহীন হৈয়েই আছিল।
সাতজনৰো অধিক লোক সন্ধানহীন হৈ আছিল যদিও বাকীসকলক জীৱন্তে উদ্ধাৰ কৰিব পৰা গৈছিল।।
প্ৰায় ২৫ জন লোকক কঢ়িয়াই নিয়া নাওখনত বিষয়াসকলৰ এটা দল আছিল আৰু ধুবুৰী-ফুলবাৰী দলঙৰ ওচৰত তেওঁলোকৰ নাওখন ডুবি গৈছিল।
এছডিআৰএফ, এনডিআৰএফ আৰু বিএছএফৰ দলে আজি অভিযান চলাই বিষয়াজনৰ মৃতদেহ উদ্ধাৰ কৰে।