NORTHEAST NOW (Assamese)

জনপ্ৰিয় কপিল শৰ্মা শ্ব’ত জিলিকিল অসমৰ এগৰাকী যুৱতী

August 14, 2019 9:34 am · এন ই নাও নিউজ
ফটো উৎস : ফেচবুক

ছ’নি টিভি যোগে প্ৰচাৰিত জনপ্ৰিয় কমেডি অনুষ্ঠান ‘দা কপিল শৰ্মা শ্ব’ত এগৰাকী অসম কন্যাৰ অংশগ্ৰহণৰ পিছৰে পৰা চ’চিয়েল মিডিয়াত চলিছে ব্যাপক চৰ্চা।

যোৱা ১০ আগষ্টত প্ৰচাৰিত হৈ যোৱা কপিল শৰ্মাৰ অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল অভিনেতা অক্ষয় কুমাৰ।

অনুষ্ঠানটোৰ মাজত অসমৰ বৰ্ণালী দেউৰী নামৰ যুৱতীগৰাকীয়ে অসমত হোৱা বানপানীৰ সাহায্য হিচাপে ২ কোটি টকা অনুদান আগবঢ়োৱা অভিনেতা অক্ষয় কুমাৰক ধন্যবাদ জনায়।

যুৱতী গৰাকীৰ এনে প্ৰশংসাৰ পাছতে অনুষ্ঠানটোৰ এংকৰ তথা জপ্ৰিয় কমেডিয়ান কপিল শৰ্মাৰ লগতে দৰ্শকসকলেও হাত চাপৰিৰে অভিনেতা গৰাকীৰ এনে মহানুভৱতাৰ শলাগ লয়।

কপিল শৰ্মাই জানিব বিচৰাত যুৱতী গৰাকীয়ে কেৱল অক্ষয় কুমাৰক ধন্যবাদ জনাবলৈয়ে অনুষ্ঠানটোত উপস্থিত থাকে বুলি জনায়।

অভিনেতা অক্ষয় কুমাৰক ধন্যবাদ জনোৱাৰ পাছতে যুৱতীগৰাকীয়ে কপিল শৰ্মাৰ বাবে এটি গীত গাব বিচাৰে।

কপিল শৰ্মাই লগে লগে এই প্ৰস্তাৱ মানি লোৱাত যুৱতী গৰাকীয়ে মঞ্চলৈ গৈ ‘বছ’ চিনেমাখনৰ ‘হাৰ কিছি ক’ নেহি মিলতা’ নামৰ এটি জনপ্ৰিয় গীত পৰিৱেশন কৰে।

সুন্দৰ কণ্ঠেৰে সকলোকে আপ্লুত কৰা বৰ্ণালীৰ সৈতে অক্ষয় কুমাৰ আৰু অভিনেত্ৰী সোণাক্ষী সিনহায়ো গীত গায়।

উল্লেখ্য যে অক্ষয় কুমাৰ, সোণাক্ষী সিনহা, তাপসী পান্নু আৰু কীৰ্তি কুলহাৰিয়ে নিজৰ আহিব লগীয়া ছবি ‘মংগল’ৰ প্ৰচাৰৰ উদ্দেশ্যে কপিল শৰ্মাৰ শ্ব’ত উপস্থিত আছিল।

Related News