• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভাত ‘জাতিধ্বংসী’ বিধেয়কখন প্ৰতিৰোধৰ আহ্বানেৰে ৰাহুল গান্ধীক সাক্ষাৎ নেছ’-আছু, ৭০টা সংগঠন আৰু বুদ্ধিজীৱীৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 4, 2019 11:02 pm
AASU n NESO With Rahul Gandhi

দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ অসমৰ দল-সংগঠনৰ নেতাৰ। ৪ ফেব্ৰুৱাৰিত। ফটো : য়ু বি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে চলিত বাজেট অধিৱেশনত নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত যাতে গৃহীত কৰাব নোৱাৰে তাৰ বাবে আজি অসম তথা উত্তৰ-পূবৰ দল-সংগঠন আৰু বুদ্ধিজীৱীয়ে দিল্লীত গৈ ৰাজনৈতিক তৎপৰতা চলায়।

ইতিমধ্যে যোৱা কেইবাদিন ধৰি নেছ’-আছু আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৭০টা সংগঠনৰ নেতৃত্বই এই উদ্দেশ্যে নতুন দিল্লীত বাহৰ পাতি আছে।

Apply Now

আজি নেছ’-আছু আৰু ৭০টা সংগঠনৰ প্ৰতিনিধিৰ উপৰি ড০ হীৰেন গোহাঁইকে ধৰি কেইবাগৰাকীও বুদ্ধিজীৱীয়ে পৃথকে পৃথকে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে। আটাইকেইটা সংগঠনে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰোৱাৰ বাবে কংগ্ৰেছক বিধেয়কখনৰ বিৰুদ্ধে ভোট দিয়াৰ বাবে অনুৰোধ জনায়। ইয়াৰ উপৰি অন্যান্য বিৰোধী দলকো বিধেয়কখনৰ বিপক্ষে একত্ৰিত কৰাৰ বাবেও কংগ্ৰেছক ভূমিকা ল’বলৈ আহ্বান জনায়।

বিয়লি কংগ্ৰেছ সভাপতিগৰাকীক সাক্ষাৎ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উত্তৰ-পূব ছাত্ৰ সংগঠনৰ অধ্যক্ষ ছেমুৱেল জেৰৱাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে।

ৰাহুল গান্ধীক সাক্ষাৎ কৰি আহি সাংবাদিকৰ আগত সমুজ্জ্বল ভট্টাচা্ৰ্যই কয়, ‘‘বিধেয়কখন বিৰোধিতাৰ বাবে ৰাজ্যসভাত উপস্থিত থাকি বিধেয়কখনৰ বিপক্ষে ভোটদান কৰিবলৈ আমি কংগ্ৰেছক আহ্বান জনাইছো। তেওঁলোকে যেন বিধেয়কৰ বিৰধিতা কৰি সদন ত্যাগ নকৰে। কাৰণ বিৰোধীয়ে সদন ত্যাগ কৰিলে বিজেপিয়ে বিধেয়কখন গৃহীত কৰাব পাৰিব’’।

তৃণমূল কংগ্ৰেছৰ সাংসদকো নেছ’ৰ প্ৰতিনিধিয়ে আজি সাক্ষাৎ কৰা বুলি অধ্যক্ষ ছেমুৱেল জেৰৱাই জানিবলৈ দিয়ে। জনতা দল(য়ুনাইটেড)ৰ উপৰি কেইবাটাও এন ডি এৰ সহযোগী দলে বিধেয়কখনৰ বিৰোধিতা কৰাৰ আশ্বাস দিয়া বুলিও জেৰৱাই প্ৰকাশ কৰে।

ইপিনে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁই, হাইদৰ হুছেইন, মনজিৎ মহন্ত প্ৰমুখ্যে কেইবাগৰাকীও বুদ্ধিজীৱীয়েও আজি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰি গৃহীত হোৱাৰ পৰা ৰখাবলৈ আহ্বান জনায়।

Hiren Gohain with Rahul Gandhi
ৰাজ্যসভাত বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধীক সাক্ষাৎ অসমৰ বুদ্ধিজীৱীৰ। ৪ ফেব্ৰুৱাৰিত। ফটো : য়ু বি।

কংগ্রেছ সভাপতিগৰাকীয়ে তেওঁলোকক বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে ইতিমধ্যেই দলীয় সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।

একেদৰে, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৭০টা সংগঠনৰ প্ৰতিনিধিয়েও ৰাহুল গান্ধীক সাক্ষাৎ কৰে। কিন্তু নৰ্থ-ইষ্ট নাওৰ আগত ‘‘আশ্বস্ত হ’ব নোৱাৰিলো’’ বুলিহে কয় সংগঠন কেইটাৰ প্ৰতিনিধিয়ে।

‘‘আমি যি আশা কৰিছিলো সেই ধৰণৰ আশ্বাস ৰাহুল গান্ধীৰ পৰা আমি নাপালো। বিধেয়কখনৰ বিৰুদ্ধে এটা তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁক আহ্বান জনাইছিলো। কিন্তু তেওঁ এই সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰিহে আমাক জনাব বুলি ক’লে’’, সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ মন্তব্য।

অৱশ্যে গান্ধীৰে ‘‘সাক্ষাৎ সৌহাৰ্দ্যপূৰ্ণ আছিল’’ বুলি অখিল গগৈকে ধৰি ৭০টা সংগঠনৰ প্ৰতিনিধিয়ে জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd