অসম আৰক্ষীৰ এটা বিশেষ দলে বাক্সা জিলাত ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ কৰা হয় এই বিদেশী লোককেইজনক।
আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতিম বৰুৱাৰ মতে, এই ঘোষিত বিদেশীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আদালতৰ পৰা নিৰ্দেশ লাভ কৰি তেওঁলোকে সেই অনুসৰি কাম কৰিছে। ধৃত লোকসকলৰ ভিতৰত আছে ৯ গৰাকী মহিলা আৰু ৫ গৰাকী পুৰুষ।
ধৃত ব্যক্তিকেইজনক বিভিন্ন সময়ত ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। গ্ৰেপ্তাৰৰ পিছত আটাইকেইজনকে নামনি অসমৰ গোৱালপাৰা জিলাৰ মাটিয়াত ঘোষিত বিদেশীৰ বাবে নিৰ্ধাৰিত বিশেষভাৱে নিৰ্মিত ট্ৰেনজিট কেম্পলৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়কঃ ‘বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’! সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকীত একাঁজলি শ্ৰদ্ধাঞ্জলি
শেহতীয়া বছৰবোৰত বহু বাংলাদেশী অবৈধ প্ৰব্ৰজনকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বিদেশী ঘোষণা কৰা কোনো এজনকো প্ৰেৰণ কৰা হোৱা নাই।
কিয়নো বাংলাদেশে কেৱল নিজৰ দেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সকলকহে উভতাই লয়। ভাৰতীয় বিদেশী ন্যায়াধিকৰণে বাংলাদেশী বুলি ঘোষণা কৰা সকলক তেওঁলোকে কেতিয়াও গ্ৰহণ নকৰে।
২০২০ চনৰ এপ্ৰিল মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক ডিটেনচন কেম্পত দুবছৰ সম্পূৰ্ণ কৰা বন্দীসকলক জামিনত মুকলি কৰি দিবলৈ কৈছিল। তাৰ পিছত বহুতকে মুকলি কৰি দিয়া হয় ।
যোৱা বছৰ গোৱালপাৰা জিলাৰ মাটিয়াত এটা বৃহৎ ডিটেনচন চেণ্টাৰ মুকলি কৰা হৈছিল। আনুষ্ঠানিকভাৱে “মাটিয়া ট্ৰেনজিট কেম্প” নামেৰে জনাজাত এই শিবিৰটো ২৮,৮০০ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হৈছে। যোৱা বছৰৰ ২৭ জানুৱাৰীত প্ৰথমটো বিদেশীৰ দল তাত সোমাইছিল।
চলিত বৰ্ষৰ মাৰ্চ মাহত অসমৰ কাৰাগাৰ মহাপৰিদৰ্শক পুবলী গোহাঁয়ে নিশ্চিত কৰিছিল যে ৰাজ্যৰ ছয়টা ডিটেনচন চেণ্টাৰৰ আটাইকেইটা বন্দীকে মাটিয়া ট্ৰেনজিট কেম্পলৈ স্থানান্তৰ কৰা হৈছে।
লগতে পঢ়কঃ ICC World Cup 2023: ভাগ্য ঘুৰিল! ডাকৱৰ্থ-লুইছত মেচ জিকি যুঁজত টিকি থাকিল পাকিস্তান
বন্দীসকলৰ ভিতৰত আছে বাংলাদেশ, ম্যানমাৰ, চেনেগাল, আৰু আফ্ৰিকাৰ বহু দেশৰ অবৈধভাৱে প্ৰৱেশ কৰা নাগৰিক।