• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটনত ছাত্ৰৰ মন্ত্ৰণা সভা, বিধেয়ক বিৰোধী ঐক্যবদ্ধ টঙালি

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 10, 2019 11:10 pm
cotton university assam

কটন বিশ্ববিদ্যালয়। ছবি- shillong timesৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ ৰাইজে কৰা প্ৰবল আন্দোলন আৰু জনমতক তিলমানো গুৰুত্ব নিদিলে বিজেপি নেতৃত্বাধীন চৰকাৰে। অসমৰ ৰাইজ, দল-সংগঠনৰ পাছত এইবাৰ বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহিছে ৰাজ্যৰ ছাত্ৰ সমাজ।

বিধেয়কখন বাতিল নকৰা পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ ঐক্য শক্তিয়ে ৰাজ্যত আন্দোলন গঢ়ি তোলাৰ বাবে অগ্ৰসৰ হৈছে।

Apply Now

বৃহস্পতিবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুস্থিত এখন সংবাদমেলত এই ঘোষণা কৰে ৰাজ্যৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ঐক্যবদ্ধ ছাত্ৰ শক্তিয়ে। লগতে সমগ্ৰ ৰাজ্যৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক একত্ৰিত কৰাৰ বাবে লোৱা পদক্ষেপৰ বিষয়েও সংবাদমেলত জানিবলৈ দিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ছাত্ৰ সমাজক একত্ৰিত কৰি অহা ১৮ জানুৱাৰীত এখন ‘যৌথ মঞ্চ’ গঠন কৰিব বুলি আজিৰ এই সংবাদমেলত কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই জানিবলৈ দিয়ে। এই যৌথ মঞ্চ ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰতিনিধিক লৈ গঠিত হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

ইয়াৰ পাছৰে পৰা এই যৌথ মঞ্চই অসমৰ প্ৰতিখন মহাবিদ্যালয়-বিশ্ববিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰী সকলক নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসমত ই পেলাব পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে অৱগত কৰাবলৈ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

একেদৰে ‘জাতিধ্বংসী’ বিধেয়ক বিৰোধী এই আন্দোলন এতিয়াও সুদূৰপ্ৰসাৰী হ’বলৈ বাকী বুলি মন্তব্য কৰে অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া পবিত্ৰ বৰতামুলীয়ে।

‘নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন এতিয়াও চহৰ-নগৰতে সীমাবদ্ধ হৈ আছে। এই আন্দোলনক আমি গাঁৱে-ভূয়ে লৈ যাব লাগিব। বিধেয়কখনে অসমক কেনেধৰণে ক্ষতিগ্ৰস্ত কৰিব পাৰে সেই কথা আমি গাঁৱৰ মানুহক বুজাব লাগিব,’ পবিত্ৰ বৰতামুলীয়ে কয়।

ইপিনে, বিধেয়কখনৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্দোলন তীব্ৰতৰ ভাৱে চলি আছে বুলি জানিবলৈ দিয়ে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰীয়ে। তেওঁ স্নাতকোত্তৰ ছাত্ৰ একতা সভাই ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত মুখ্য মন্ত্ৰীৰ লগতে বিজেপিৰ নেতা-মন্ত্ৰী-বিধায়ক সকলৰ প্ৰৱেশ নিষিদ্ধ কৰা বুলিও সংবাদমেলত সদৰী কৰে।

আজিৰ এই সংবাদমেলত অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, গুৱাহাটী মহাবিদ্যালয়, অসম অভিযান্ত্ৰিক প্ৰতিস্থান, পাণ্ডু মহাবিদ্যালয়কে ধৰি কেইবাখনে উচ্চ শিক্ষানুষ্ঠানৰ ছাত্ৰ প্ৰতিনিধি উপস্থিত থাকে।

বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত ছাত্ৰ-ছাত্ৰীয়ে হাতত লোৱা ‘অনিৰ্দিষ্টকালিন শ্ৰেণী বৰ্জন’ কাৰ্যসূচী এতিয়াও অব্যাহত আছে। ইপিনে কালি পুৱাৰে পৰা ছাত্ৰ-ছাত্ৰীয়ে লোৱা ‘অবিৰত অনশন’ কাৰ্যসূচী বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাত আজি প্ৰত্যাহাৰ কৰে।

আনহাতে, আজি দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীসকলে ঐক্যবদ্ধভাৱে দীঘলীপুখুৰীপাৰৰ পৰা ‘দিচপুৰ চলো’ কাৰ্যসূচী হাতত লয়। কিন্তু আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰাৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীক আটক কৰি লৈ যায়। পাছত ছাত্ৰ-ছাত্ৰীসকলক মুকলি কৰি দিয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তব্যৰত কনিষ্ঠ চিকিৎসকসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জাতীয় সংকটৰ সময়ত বৌদ্ধিক আৰু কায়িক প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে বিধেয়ক বিৰোধী সকলো শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আজি এক বিজ্ঞপ্তিযোগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ডাঃ যুৱৰাজ কলিতা আৰু সাধাৰণ সম্পাদক ডাঃ দিগন্ত বুঢ়াগোহাঁয়ে জানিবলৈ দিয়ে।

সমান্তৰালভাৱে, ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজে অন্দোলন কৰি থকাৰ মাজতেই ছাত্ৰ সমাজো ৰাজপথলৈ ওলাই আহিলে আন্দোলনখনে অন্য এক মাত্ৰা লাভ কৰাৰ সম্ভাৱনা আহি পৰিব নেকি সেই বিষয়টোও চিন্তনীয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd