• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যাৰ ভাবুকি, তাৰ পাছতেই নিৰুদ্দেশ প্ৰৱক্তা পাপৰি বেনাৰ্জী

অনির্বান পাঠক by অনির্বান পাঠক
February 18, 2019 5:16 pm
Papri-banerjee_Profile-and-Post-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হঠাৎ নিখোজ হ’ল ভাৰতীয় সেনাক উদ্দেশ্যি ছ’চিয়েল মিডিয়াত মন্তব্য কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা গুৱাহাটীৰ আইকন কমাৰ্চ কলেজৰ নিলম্বিত প্ৰৱক্তা পাপৰি বেনাৰ্জী। দেওবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছে প্ৰৱক্তাগৰাকী।

কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফৰ ওপৰত সন্ত্ৰাসবাদীয়ে কৰা বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ পাছত ছ’চিয়েল মিডিয়াত মন্তব্য কৰিছিল পাপৰি বেনাৰ্জী নামৰ মহিলা প্ৰৱক্তা গৰাকীয়ে। তেওঁৰ এই মন্তব্যক লৈ সৰ্বত্ৰে চৰ্চা হৈছিল।

Apply Now

সোমবাৰে পাপৰি বেনাৰ্জীৰ গুৱাহাটীৰ গান্ধীবস্তিত থকা বাসগৃহত নৰ্থ-ইষ্ট নাওৰ সাংবাদিক উপস্থিত হয়। কিন্তু ঘৰৰ বনকৰা মহিলাগৰাকীৰ বাহিৰে বাসগৃহত বেনাৰ্জীৰ ঘৰৰ কোনো লোকেই উপস্থিত নাছিল।

বনকৰা মহিলাগৰাকীয়ে ঘৰৰ মালিক (অৰ্থাৎ পাপৰি বেনাৰ্জীৰ পিতৃ আৰু ভাতৃ) ঘৰত নাই বুলি জানিবলৈ দিয়ে। লগতে পাপৰি কালিৰ পৰাই ঘৰত নথকাৰ কথাটোও প্ৰকাশ কৰে।

‘মই এওঁলোকৰ ঘৰত কাম কৰিবলৈ আহো। আজিও দিনৰ ২ মান বজাত আহিছো। মই অহাৰ আগতেই পাপৰিৰ দেউতাক আৰু ভায়েক কৰবালৈ গৈছে। জীয়েকক বিচাৰিয়ে গৈছে নে আন কিবা কামত গৈছে সেয়া নাজানো’, বনকৰা মহিলাগৰাকীয়ে কয়।

ইপিনে, আজি পাপৰি বেনাৰ্জীক আৰক্ষীয়ে চানমাৰি থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু বাতৰি লিখা সময়লৈকে তেওঁ থানাত হাজিৰ হোৱা নাই।

চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বেনাৰ্জীক বিচাৰি আৰক্ষীৰ এটা দল তেওঁৰ ঘৰলৈ পঠিয়াইছিল বুলিও আমাক জানিবলৈ দিয়ে।

‘আমি তেওঁৰ ঘৰলৈ এটা দল পঠিয়াইছিলো। কিন্তু দেউতাকে তেওঁ কালিৰে পৰা ঘৰত নাই বুলি কয়’, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ভাষ্য।

উল্লেখ্য যে, ফেচবুকত তেওঁ দিয়া পোষ্টটোৰ পাছত কেইবাজনেও তেওঁক মৃত্যু আৰু ধৰ্ষণৰ ভাবুকি দিছিল বুলি আন পোষ্টত তেওঁ উল্লেখ কৰিছিল।

তেওঁৰ বিৰূদ্ধে চানমাৰি থানাত ১৩২/১৯ নম্বৰত ভাৰতীয় দণ্ড বিধিৰ ৫০৫ আৰু তথ্য আৰু প্ৰযুক্তি আইনৰ ৬৬ নম্বৰ ধাৰাত গোচৰ ৰুজু হৈছিল। সেই অনুসৰি কালি তেওঁক সোধাপোছাৰ বাবে চানমাৰি আৰক্ষীয়ে মাতি নিছিল। সোধা-পোছাৰ অন্তত তেওঁক আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিছিল।

কালি চানমাৰি থানাত এই পোষ্ট সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ ‘মোৰ বাক-স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ আছে’ বুলি মন্তব্য কৰিছিল। কিন্তু আজি হঠাৎ মহিলাগৰাকী সন্ধানহীন হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।

ইপিনে, তেওঁ সন্ধানহীন হোৱা সন্দৰ্ভত আৰক্ষীক পৰিয়ালৰ লোকে এতিয়ালৈ অৱগত কৰোৱা নাই বুলিও চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰিৰ পুলৱামাৰ ঘটনাৰ পাছতে ফেচবুক পোষ্ট দিয়া আইকন কমাৰ্ছ কলেজৰ ইংৰাজী বিভাগৰ প্ৰৱক্তাগৰাকীক কলেজ কৰ্তৃপক্ষই নিলম্বিত কৰিছিল।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd