শুকুৰবাৰে বেলুচিস্তান প্ৰদেশৰ মাষ্টুং জিলাৰ মছজিদৰ সমীপত সংঘটিত হোৱা আত্মঘাতী বিস্ফোৰণত কমেও ৫২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৩০ জনৰো অধিক লোক আহত হয়।
বাতৰি মতে, নিহতসকলৰ ভিতৰত মাষ্টুঙৰ উপ আৰক্ষী অধীক্ষক নৱাজ গিছকোৰীৰ গাড়ীৰ সমীপত আত্মঘাতী বোমাৰুৱে বিস্ফোৰণ ঘটাইছিল। ঘটনাৰ কেইবাখনো ছবিত মৃতদেহ আৰু ছিন্ন ভিন্ন অংগ-প্ৰত্যংগ দেখা গৈছে।
এতিয়ালৈকে কমেও ২৮টা মৃতদেহ শ্বহীদ নবাব ঘৌছ বখছ ৰাইছানী সোঁৱৰণী চিকিৎসালয়লৈ অনাৰ বিপৰীতে ২২টা মৃতদেহ মাষ্টুং জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
লগতে পঢ়কঃ শিহৰণকাৰী ঘটনা! গৰ্ভৱতী হৈ পৰা অবিবাহিতা যুৱতীৰ গাত জুই লগাই দিলে মাক আৰু ককায়েকে!
বেলুচিস্তানৰ অন্তৱৰ্তীকালীন তথ্য মন্ত্ৰী জান আচাকজাইৰ মতে, গুৰুতৰভাৱে আহত লোকসকলক কুৱেটালৈ বদলি কৰা হৈছে আৰু সকলো চিকিৎসালয়তে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছে।
কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী আলী মাৰ্ডান ডংকিয়ে দোষীক গ্ৰেপ্তাৰ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিছে।
কৰাচী আৰক্ষীয়ে কয় যে তেওঁলোকৰ অতিৰিক্ত মহাপৰিদৰ্শকে বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত আৰক্ষীক “সম্পূৰ্ণৰূপে হাই এলাৰ্ট” থাকিবলৈ নিৰ্দেশ দিছে আৰু আৰক্ষীয়ে ঈদ-ই-মিলাদ শোভাযাত্ৰাৰ বাবে নিৰাপত্তাৰ ব্যৱস্থা কঠোৰ কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়কঃগ্ৰেপ্তাৰ কৰা হৈছে আহমেদাবাদত নাগালেণ্ডৰ মহিলাক আক্ৰমণ কৰা দুৰ্বৃত্তক
পাকিস্তানৰ কেইবাজনো মন্ত্ৰীয়ে এই ঘটনাক গৰিহণা দি আত্মঘাতী বিস্ফোৰণত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰে।