২০১৬ চনতে অন্তিমবাৰৰ বাবে ভাৰতলৈ আহিছিল পাকিস্তান ক্ৰিকেট দল। তাৰ পিছত মাজত সাতটা বছৰ। সলনি হ’ল পৰিস্থিতি; দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক। এই সম্পৰ্কই বাধাৰ প্ৰাচীৰ গঢ়ি তুলিলে ২২ গজত পৰস্পৰ ভূমিত পৰস্পৰ মুখামুখি হোৱাৰ সুযোগো।
অৱশেষত এই সাতটা বছৰৰ পিছত আজিৰ পৰা আৰম্ভ হোৱা ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতত উপস্থিত হ’ল পাকিস্তান। প্ৰায় এসপ্তাহ পূৰ্বে ভাৰতত পদাৰ্পণ কৰিছিল পাকিস্তান ক্ৰিকেট দলে।
কোৱা হয়, ক্ৰীড়া ভাতৃত্ববোধৰ আধাৰ। ক্ৰীড়াৰ জৰিয়তেই সৃষ্টি হয় প্ৰেম আৰু মৈত্ৰীৰ পৰিৱেশ। এই কথাষাৰ যেন পুনৰ এবাৰ প্ৰমাণ হ’ল। তথাকথিত ৰাজনৈতিক শত্ৰুতা পিছলৈ ঠেলি পুনৰবাৰ ক্ৰীড়াই দিলে মৈত্ৰীৰ বাণী।
বিশ্বকাপৰ ৰণডংকা বজাৰ পূৰ্বে কালি অনুষ্ঠিত কৰা হৈছিল এক বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানতে পাকিস্তানৰ অধিনায়ক তথা সাম্প্ৰতিক সময়ৰ অন্যতম এগৰাকী আগশাৰীৰ তাৰকা বাবৰ আজমে কৰিছে কিছু বিশেষ মন্তব্য।
ৰতত উপস্থিত হোৱাৰ পিছৰে পৰা আতিথ্য তথা মৰমত আপ্লুত হৈ পৰিছে পাকিস্তান ক্ৰিকেট দল। দলৰ অধিনায়ক বাবৰৰ অনুভৱ, এয়া যেন নিজৰেই ঘৰ! দলৰ প্ৰতিগৰাকী সদস্যই এই পৰিৱেশ উপভোগ কৰিছে বুলিও উল্লেখ কৰে বাবৰে।
এনে পৰিৱেশ স্বাভাৱিকতেই আশা কৰা নাছিল বুলি স্বীকাৰ কৰি বাবৰে লগতে কয়, “আমি এসপ্তাহ হায়দৰাবাদত আছো। আমি ভাৰতত থকাৰ দৰে নহয়, ঘৰতে থকাৰ দৰে অনুভৱ হৈছে।”
“হায়দৰাবাদলৈ অহাৰ পৰা আমি যি আতিথ্য লাভ কৰিছিলো আৰু মানুহে আমাক বিমানবন্দৰৰ পৰা হোটেললৈকে যিধৰণে আদৰণি জনালে, লগতে খেলপথাৰত যিদৰে ভিৰ হৈছে, সেয়া আমি যথেষ্ট ভাল পাইছো।”– বাবৰে লগতে কয়।
অৱশ্যে হায়দৰাবাদৰ ভিৰৰ মাজত পাকিস্তানৰ অনুৰাগীক দেখিলে ভাল লাগিলহেঁতেন বুলিও মন্তব্য কৰে বাবৰে। প্ৰতিখন মেচতে, প্ৰতিখন ষ্টেডিয়ামত এনে সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰিব বুলিও মন্তব্য কৰে পাকি অধিনায়ক গৰাকীয়ে।





