• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মন্ত্ৰী অতুল বৰাৰ সমষ্টিত বোকাময় গ্ৰাম্য পথে জীয়াতু ভোগাইছে ৰাইজক : ২৬ ৰ পূৰ্বে পথ নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ গাওঁবাসীৰ

উত্তম কুমাৰ শৰ্মা,বোকাখাত: by উত্তম কুমাৰ শৰ্মা,বোকাখাত:
July 12, 2024 4:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰিষাৰ ভূঁই ৰোৱা খেতি পথাৰ নহয়, এয়া বোকাখাতৰ এটা গ্ৰাম্য পথৰহে দৃশ্য! পথটোৰ ওপৰত এআঁঠু বোকা! বোকাময় পথটোৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে বোকাখাতৰ মৰিধনশিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ ৰাইজে। যাৰ বাবে পথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া গাওঁবাসীয়ে ।

নিৰ্বাচনৰ সময়তহে ৰাইজলৈ মনত পৰে জনপ্ৰতিনিধিৰ ৷ পিছে নিৰ্বাচনী বৈতৰণী পাৰ হ’লেই সমষ্টি বাসীৰ ফালে পিঠি দিয়ে জন প্ৰতিনিধিয়ে ৷ বোকাখাত নগৰৰ পৰা মাত্ৰ দেৰ কি’লমিটাৰ নিলগৰ আৰু মৰিধনশিৰি গাওঁ পঞ্চায়তৰ গাতে লাগি থকা এয়া ন-আলি পৰা খালৈজান সংযোগী পথৰ দৃশ্য। পথ নহয় যেন বোকাময় বাৰিষাৰ পথাৰহে ৷ সেয়ে বোকাময় পথটোক লৈ শুক্ৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে স্থানীয় ৰাইজে৷ উল্লেখ্য যে ন আলি পৰা খালৈজান সংযোগী এই গুৰুত্বপূৰ্ণ পথটোৱে সংযোগ কৰিছে ১নং বহিখোৱা,২নং বহিখোৱা,ধনশিৰিআটি আদিকে কৰি কেইবাখনো গাঁও। কেবাখনো গাঁৱৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এই পথচোৱাৰ আজিৰ তাৰিখত অতি শোচনীয় অৱস্থা ৷

Apply Now

নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়া স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই এতিয়া পাহৰিছে গাঁও কেইখনৰ গঞাক ৷ আনটো বাদেই যাতায়াতৰ নামতো এতিয়া গঞা ৰাইজে ভূগিছে নৰক যন্ত্ৰণা ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা ৰোগী-প্ৰসূতি তথা আন পথচাৰীলৈকে সকলোৱে পাৰ হ’ব লাগে এআঁঠু বোকাময় পথেৰে ৷পথটোৰে জৰুৰী কালীন সময়ত আহিব নোৱাৰে স্বাস্থ্য বিভাগৰ ১০৮বাহনো। বিপদত পৰিব লগা হয় গৰ্ভৱতী মহিলা।উক্ত পথটোৰে এতিয়া যাতায়ত কৰাতো এক প্ৰকাৰ হৈ পৰিছে দুৰ্বিসহ।

বিধস্ত পথটো মেৰামতিৰ বাবে গাওঁ বাসীয়ে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও কাণসাৰ নাই কাৰ্যকালৰ ৭ টাকৈ বছৰ অতিক্ৰম কৰা স্থানীয় জনপ্ৰতিনিধি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ। যাৰ বাবে মন্ত্ৰী অতুল বৰাৰ ভূমিকাত তীব্ৰ ক্ষোভ স্থানীয় জনসাধাৰণৰ।

লক্ষণীয় কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি সততে ফুলজাৰী মৰা বোকাখাতৰ বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টিত আজিও বিধস্ত অৱস্থাত আছে বহু সংখ্যক গ্ৰাম্য পথ।

ইফালে কাৰ্যকালৰ সাতটাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰতিশ্ৰুতি অনুসৰি আজিও নিৰ্মাণ নহ’ল সমষ্টিটোৰ যথেষ্ঠ সংখ্যক ৰাষ্টা-ঘাটৰ লগতে সমষ্টিটোৰ বান বিধস্ত মৰিধনশিৰি পঞ্চায়তৰ অন্তৰ্গত ন-আলি পৰা খালৈজান সংযোগী এই পথচোৱা।

সেয়ে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাইজে এতিয়া বোকাময় পথৰ ওপৰতে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰালৈ স্থানীয় ৰাইজৰ আহ্বান, শীৰ্ঘ্ৰে পকীকৰণৰ কৰি দিয়ক পথচোৱা ,অন্যথা ২০২৬ ৰ বিধান সভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ গাওঁবাসীৰ।

উত্তম কুমাৰ শৰ্মা,বোকাখাত:

উত্তম কুমাৰ শৰ্মা,বোকাখাত:

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

নালছাৰ বিতৰ্কৰ অৱসান: অৱশেষত আইনৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে বাৰ কাউন্সিলৰ অধ্যক্ষই

August 16, 2026 5:15 pm
বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd