• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 1, 2023 7:34 pm
Bangladeshi woman visits UP to meet boyfriend
3k
VIEWS
Share on FacebookShare on Twitter

ইণ্টাৰনেটৰ জৰিয়তে চিনাকী; এই চিনাকীৰেই পিছলৈ প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ সম্পৰ্কক সম্পূৰ্ণ কৰাৰ মানসেৰে সুদূৰ বাংলাদেশৰ পৰা উত্তৰ প্ৰদেশত উপস্থিত হয় এগৰাকী মহিলা। পিছে ভবা মতে নহ’ল; সকলো ইচ্ছা জলাঞ্জলি দি ভগ্ন হৃদয়েৰে স্বদেশলৈ উভতিবলৈ বাধ্য হ’ল মহিলাগৰাকী।

এই ঘটনাই সম্প্ৰতি লাভ কৰিছে ব্যাপক চৰ্চা। প্ৰকাশিত খবৰ অনুসৰি, প্ৰেমিকক সাক্ষাৎ কৰিবলৈ অহা বাংলাদেশী মহিলাগৰাকী ৩ টা সন্তানৰ মাতৃ। ৩২ বৰ্ষীয় মহিলাগৰাকীক প্ৰেমিকে নিজকে অবিবাহিত বুলি চিনাকি দিছিল।

পূৰ্বে ঠিক কৰা মতে মহিলাগৰাকী শেহতীয়াকৈ প্ৰেমিকক সাক্ষাতৰ বাবে উত্তৰ প্ৰদেশৰ শ্ৰৱস্তি জিলাত উপস্থিত হয়। কিন্তু তেওঁৰ প্ৰেমিক পূৰ্বে বিবাহিত বুলি জানিব পৰাৰ পিছতে মহিলাগৰাকী নিজ দেশলৈ উভতি যায়।

যোৱা ২৬ ছেপ্টেম্বৰত তিনি সন্তানৰ সৈতে ভাৰতত উপস্থিত হৈছিল দিলৰুবা শৰ্মী নামৰ বিধৱা মহিলাগৰাকী। ক’ভিড মহামাৰীৰ সময়ত শৰ্মীৰ স্বামীৰ মৃত্যু হৈছিল।

তাৰ পিছতেই শৰ্মীৰ বাহৰেইনত চেফ হিচাপে কৰ্মৰত কৰিম নামৰ ভাৰতীয় যুৱকজনৰ সৈতে ইণ্টাৰনেটৰ জৰিয়তে চিনাকি হয়। শৰ্মী উত্তৰ প্ৰদেশত উপস্থিত হোৱাৰ দিনাই লক্ষ্ণৌত অৱতৰণ কৰিছিল কৰিমেও।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তিনিসন্তানৰ সৈতে মহিলাগৰাকী আৰু কৰিম একেখন বাছেৰে বাহৰেইচত উপস্থিত হয় আৰু তাৰে এখন হোটেলত দুদিন কটাই কৰিমৰ জন্ম গাঁও ভাৰত ৰোশনগড়লৈ যাত্ৰা কৰে।

কিন্তু ইয়াৰ পিছতে মোহভংগ ঘটে বাংলাদেশৰ মহিলাগৰাকীৰ। কৰিমে শৰ্মীৰ আগত নিজকে অবিবাহিত বুলি কৈছিল যদিও তেওঁৰ জন্মগাঁৱত উপস্থিত হোৱাৰ পিছতে শৰ্মীয়ে কৰিম ইতিপূৰ্বেই বিবাহিত বুলি জানিব পাৰে।

তেওঁলোক ভাৰত ৰোশনগড়ত উপস্থিত হোৱাৰ পিছতে কৰিমৰ পত্নী আৰু গাঁওবাসীয়ে আৰক্ষী আৰু স্থানীয় সশস্ত্ৰ সীমা বল (SSB) ৰ বিষয়াক এই বিষয়ে খবৰ দিয়ে।খবৰ লাভ কৰাৰ পিছতে নিৰাপত্তা সংস্থাৰ বিষয়ববীয়া সেই স্থানত উপস্থিত হয়।

ইফালে কৰিমক বিবাহিত বুলি জানিব পাৰি শৰ্মীয়েও নিজ দেশলৈ উভতি যোৱাৰ সিদ্ধান্ত লয়। আৰক্ষীয়ে উল্লেখ কৰা মতে, শৰ্মীয়ে সম্পূৰ্ণ বৈধভাৱে ভাৰতত উপস্থিত হৈছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন নহ’ল।

আনহাতে কৰিমেও তেওঁৰ কৰ্মস্থান বাহৰেনলৈ পুনৰ উভতি যোৱা বুলি জানিবলৈ দিয়ে স্থানীয় আৰক্ষীয়ে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd