• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত “গৃহযুদ্ধ”ৰ আশংকা বৰাকৰ বৃহত্তম নাগৰিক মঞ্চৰ, “খিলঞ্জীয়া”লৈ অধিকাৰত আপত্তি

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিলৈ পত্ৰ। “ভূমি অধিকাৰ”ৰ নামতো সমিতিখনে অসম চুক্তিৰ “অনৈতিক” “বিকৃতি” ঘটোৱাৰ অভিযোগ।

অনিৰুদ্ধ লস্কৰ by অনিৰুদ্ধ লস্কৰ
September 18, 2019 8:37 pm
Barak citizen's forum apprehensive about Civil War in Assam over proposed ''Rights to Indigenous''

বৰাকৰ মঞ্চটোৱে প্ৰেৰণ কৰা পত্ৰৰ প্ৰতিলিপি। নৰ্থইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ “খিলঞ্জীয়া”লৈ অধিকাৰ প্ৰস্তাৱত আপত্তি দৰ্শাই সদৌ অসম বেংগলি হিন্দু এচ’চিয়েচনৰ পিছত বৰাকৰ বহু সংগঠনৰ বৃহৎ মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতিয়ে কৰিছে ৰাজ্যত “গৃহ যুদ্ধ”ৰ আশংকা।

অসম চুক্তিৰ ৬নং দফাক লৈ কেন্দ্ৰই গঠন কৰা উচ্চস্তৰীয় সমিতিয়ে জাৰি কৰা বিজ্ঞাপনৰ ভিত্তিত ৰাজ্যত “গৃহ যুদ্ধ”ৰ ভয়াৱহ আশংকা কৰিছে বৰাকৰ মঞ্চটোৱে।

Apply Now

অসমৰ ৰাইজৰ মতামত বিচাৰি প্ৰচাৰিত বিজ্ঞাপনটোত উল্লেখিত “খিলঞ্জীয়া” অভিধাটোত আপত্তি দৰ্শাইছে মঞ্চটোৱে।

“সাধাৰণভাৱে অসম চুক্তি আৰু বিশেষকৈ তাৰ ৬নং দফাৰ ভুল পঠন আৰু অশুদ্ধ ব্যাখ্যাৰ ফলত ৰাজ্যত একধৰণৰ গৃহ যুদ্ধৰ সম্ভাৱনাৰ আমি আশংকা প্ৰকাশ কৰিছো,” উচ্চস্তৰীয় সমিতিৰ অধ্যক্ষ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মালৈ দিয়া সংস্থাটোৰ পত্ৰত উল্লেখ।

বৰাকৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ৪০টা সংগঠন আৰু বিভিন্ন নাগৰিক সংস্থাৰ উমৈহতীয়া মঞ্চটোৱে ১৭ ছেপ্তেম্বৰত পত্ৰখন প্ৰেৰণ কৰিছে।

অসম চুক্তিৰ ৬নং দফাটোত “অসমীয়া” অভিধাটো উল্লেখ থকাৰ বিপৰীতে সংশ্লিষ্ট দফা ৰূপায়ণ সন্দৰ্ভত পৰামৰ্শদানৰ বাবে গঠিত সমিতিখনে “খিলঞ্জীয়া”ৰ ব্যৱহাৰ কৰাত মঞ্চটোৱে আপত্তি কৰিছে।

“অসম চুক্তিৰ স্বাক্ষৰকাৰীসকলে গ্ৰহণ কৰা ১৯৭১ চনৰ ২৪ মাৰ্চ সময়সীমালৈ অসমত বাস কৰা লোকসকলক বহলভাৱে সূচিত আৰু বিভাজিত কৰা প্ৰকৃত শব্দ ‘অসমীয়া’ত ‘খিলঞ্জীয়া’ অভিধাৰ তলকিব নোৱাৰা সংযোগকৰণ লক্ষ্য কৰিব লগা হোৱাটো আশ্চৰ্য্যজনক,” মঞ্চৰ বিবৃতিত উল্লেখ।

সমিতিখনে কেৱল “খিলঞ্জীয়া অসমীয়া”ৰ অধিকাৰ সুৰক্ষিত কৰিব খোজাটো “অগণতান্ত্ৰিক, অসাংবিধানিক আৰু বৈশিষ্ট্যগতভাৱে (by nature) বিভাজনমূলক”, মঞ্চটোৱে কয়। “(ই) ভাৰতৰ যুক্তৰাষ্ট্ৰীয় আত্মাই প্ৰসাৰ কৰা, মানি চলা আৰু প্ৰচাৰ কৰা ‘এক দেশ, এক নীতি’ নীতিৰ বিৰুদ্ধে গৈছে।”

মঞ্চটোৱে লগতে কৈছে যে “ঐতিহাসিক চুক্তি”খনৰ গুৰুত্বপূৰ্ণ দফা এটাৰ “এনে বিকৃতকৰণ”ৰ কোনো কৰ্তৃত্ব উচ্চস্তৰীয় সমিতিখনৰ নাই।

“খিলঞ্জীয়া” অভিধাটো নিজেই “অসংজ্ঞাবদ্ধ” আৰু অসম চুক্তিৰ “আত্মা”ৰ সৈতে “বিৰোধমূলক” বুলি দাবী কৰি ভাৰতৰ নাগৰিকত্ব আৰু অসমৰ শেহতীয়া এন আৰ চি উন্নীতকৰণৰ ক্ষেত্ৰত মানি লোৱা “ভাষা, ধৰ্ম বা আন যোগ্যতা”-নিৰ্বিশেষ গ্ৰহণযোগ্যতাৰ কথা মঞ্চটোৱে পত্ৰত উল্লেখ কৰিছে।

“কেন্দ্ৰই সমিতিখন গঠন কৰিছে অসম চুক্তিৰ ৬নং দফাৰ বিবেচক ৰূপায়ণৰ বাবে, য’ত ৰাজ্যখনৰ ‘অসমীয়া’ লোকৰ ভাষিক, সাংস্কৃতিক, সামাজিক আৰু সাংবিধানিক সুৰক্ষাৰ স্পষ্ট নিশ্চিতি প্ৰদান কৰিছে,” মঞ্চৰ মত।

মঞ্চটোৰ মতে, “ভূমি অধিকাৰ”ৰ নামত সমিতিখনে অসম চুক্তিৰ আন এক “অনৈতিক” “বিকৃতি” ঘটাইছে।

“চুক্তিৰ ১১ আৰু ১২ দফাত বৰ্ণিত ‘ভূমি অধিকাৰ’ ৬নং দফাত কৃত্ৰিমভাৱে যুক্ত কৰাৰ প্ৰচেষ্টা কৰা হৈছে,” মঞ্চৰ মত।

অনিৰুদ্ধ লস্কৰ

অনিৰুদ্ধ লস্কৰ

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd