• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুত্ৰৰ বিবাহ বিৰোধ মাতৃৰ! পুত্ৰই মৰিয়াই হত্যা কৰিলে মাতৃক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2022 5:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এক জঘন্য তথা বৰ্বৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী পুত্ৰই নিজ মাতৃকে মৰিয়াই হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে মধ্য প্ৰদেশৰ ভূপালৰ ৩২ বছৰীয়া এজন যুৱকে মাতৃয়ে তেওঁক বিবাহ কৰোৱাত বাধা আৰোপ কৰাৰ বাবেই হত্যা কৰিছে।

স্থানীয় কোহ-ই-ফিজা আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰদীপ গুৰজাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা মঙলবাৰে মাজনিশা আব্দুল আহমেদ ফাৰহান নামৰ যুৱকজনে মাতৃ আছমা ফাৰুখ(৬৭)ক ক্ৰিকেট বেট আৰু লোহাৰ পাইপেৰে আঘাত কৰি হত্যা কৰে।

লগতে পঢ়ক: আইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যু; ৰেগিঙৰ অভিযোগ পোৱাৰ পিছত কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছিল? প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ

Apply Now

ঘটনাৰ পিছতে নিজ ভগ্নী আৰু জোঁৱায়েকক মাতৃয়ে মজিয়াত পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লোৱা বুলি জনাইছিল অভিযুক্ত ফাৰহানে। প্ৰকাশ পোৱা মতে ফাৰহানৰ ভগ্নীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত মাতৃৰ সৈতে বাস কৰিছিল অভিযুক্ত ফাৰহান।

ফাৰহানৰ ভগ্নী আৰু জোঁৱায়েকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনাস্থীলত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পাছতে ফাৰহানৰ ওপৰত সন্দেহ ঘণীভূত হয় আৰু ফাৰহানক জেৰা আৰম্ভ কৰে।

আৰক্ষীয়ে জেৰা আৰম্ভ কৰাৰ পাছতে ফাৰহানে আৰক্ষীৰ আগত মাতৃক ক্ৰিকেট বেট আৰু লোহাৰ পাইপেৰে আঘাত কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

অভিযুক্ত ফাৰহানৰ মতে তেওঁ বিবাহ কৰোৱাবলৈ ইচ্ছা প্ৰকাশ কৰি আহিলেও তেওঁৰ মাতৃয়ে সেয়া তীব্ৰ বিৰোধ কৰি আহিছিল, যাৰফলত মাতৃ-পুত্ৰৰ মাজত নিয়মিতভাৱে কাজিয়াৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক: প্ৰেমৰ টান! প্ৰেমিক আফ্ৰিকান বংশোদ্ভৱ ‘আধ্যাত্মিক গুৰু’ৰ বাবে সিংহাসন এৰিলে নৰৱেৰ ৰাজকুমাৰীয়ে

“মৃত মাতৃয়ে কমাৰ্চৰ স্নাতক ফাৰহানক বিয়াৰ কথা চিন্তা কৰাৰ আগতে চাকৰি বিচাৰিবলৈ কৈছিল। ভগ্নী আৰু জোঁৱায়েক ঘৰলৈ অহাৰ পিছত তেওঁ তেওঁলোকক কৈছিল যে তেওঁলোকৰ মাতৃ মজিয়াত পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছিল।”- উপ পৰিদৰ্শকগৰাকীয়ে সংবাদ মাধ্যমক কয়।

আৰক্ষীয়ে বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত ফাৰহানে মোবাইলত ডাইনীৰ ভিডিঅ’ চাই তাৰদ্বাৰা প্ৰভাৱিত হৈছিল আৰু মাতৃকো ডাইনী হেন জ্ঞান কৰিবলৈ লৈছিল। ডাইনী হোৱাৰ বাবেই মাতৃয়ে তেওঁৰ বিবাহ বিৰোধ কৰি অহা বুলি ফাৰহানে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই বিশ্বাসৰ ভিত্তিতে মাতৃক আক্ৰমণ কৰি হত্যা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd