• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুত্ৰৰ বিবাহ বিৰোধ মাতৃৰ! পুত্ৰই মৰিয়াই হত্যা কৰিলে মাতৃক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2022 5:10 pm
134
VIEWS
Share on FacebookShare on Twitter

পুনৰ এক জঘন্য তথা বৰ্বৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী পুত্ৰই নিজ মাতৃকে মৰিয়াই হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে মধ্য প্ৰদেশৰ ভূপালৰ ৩২ বছৰীয়া এজন যুৱকে মাতৃয়ে তেওঁক বিবাহ কৰোৱাত বাধা আৰোপ কৰাৰ বাবেই হত্যা কৰিছে।

স্থানীয় কোহ-ই-ফিজা আৰক্ষী থানাৰ উপ পৰিদৰ্শক প্ৰদীপ গুৰজাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে যোৱা মঙলবাৰে মাজনিশা আব্দুল আহমেদ ফাৰহান নামৰ যুৱকজনে মাতৃ আছমা ফাৰুখ(৬৭)ক ক্ৰিকেট বেট আৰু লোহাৰ পাইপেৰে আঘাত কৰি হত্যা কৰে।

লগতে পঢ়ক: আইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যু; ৰেগিঙৰ অভিযোগ পোৱাৰ পিছত কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছিল? প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ

ঘটনাৰ পিছতে নিজ ভগ্নী আৰু জোঁৱায়েকক মাতৃয়ে মজিয়াত পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আঁকোৱালি লোৱা বুলি জনাইছিল অভিযুক্ত ফাৰহানে। প্ৰকাশ পোৱা মতে ফাৰহানৰ ভগ্নীয়ে বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত মাতৃৰ সৈতে বাস কৰিছিল অভিযুক্ত ফাৰহান।

ফাৰহানৰ ভগ্নী আৰু জোঁৱায়েকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনাস্থীলত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পাছতে ফাৰহানৰ ওপৰত সন্দেহ ঘণীভূত হয় আৰু ফাৰহানক জেৰা আৰম্ভ কৰে।

আৰক্ষীয়ে জেৰা আৰম্ভ কৰাৰ পাছতে ফাৰহানে আৰক্ষীৰ আগত মাতৃক ক্ৰিকেট বেট আৰু লোহাৰ পাইপেৰে আঘাত কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰে।

অভিযুক্ত ফাৰহানৰ মতে তেওঁ বিবাহ কৰোৱাবলৈ ইচ্ছা প্ৰকাশ কৰি আহিলেও তেওঁৰ মাতৃয়ে সেয়া তীব্ৰ বিৰোধ কৰি আহিছিল, যাৰফলত মাতৃ-পুত্ৰৰ মাজত নিয়মিতভাৱে কাজিয়াৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক: প্ৰেমৰ টান! প্ৰেমিক আফ্ৰিকান বংশোদ্ভৱ ‘আধ্যাত্মিক গুৰু’ৰ বাবে সিংহাসন এৰিলে নৰৱেৰ ৰাজকুমাৰীয়ে

“মৃত মাতৃয়ে কমাৰ্চৰ স্নাতক ফাৰহানক বিয়াৰ কথা চিন্তা কৰাৰ আগতে চাকৰি বিচাৰিবলৈ কৈছিল। ভগ্নী আৰু জোঁৱায়েক ঘৰলৈ অহাৰ পিছত তেওঁ তেওঁলোকক কৈছিল যে তেওঁলোকৰ মাতৃ মজিয়াত পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছিল।”- উপ পৰিদৰ্শকগৰাকীয়ে সংবাদ মাধ্যমক কয়।

আৰক্ষীয়ে বিষয়াগৰাকীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত ফাৰহানে মোবাইলত ডাইনীৰ ভিডিঅ’ চাই তাৰদ্বাৰা প্ৰভাৱিত হৈছিল আৰু মাতৃকো ডাইনী হেন জ্ঞান কৰিবলৈ লৈছিল। ডাইনী হোৱাৰ বাবেই মাতৃয়ে তেওঁৰ বিবাহ বিৰোধ কৰি অহা বুলি ফাৰহানে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই বিশ্বাসৰ ভিত্তিতে মাতৃক আক্ৰমণ কৰি হত্যা কৰে।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd