• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কে ‘জাতীয় নায়ক’ৰ মুকুট ভুৱনেশ্বৰ কলিতাকহে দিবগৈ নেকি?

অসমীয়া বিৰোধী স্থিতিৰ বাবেই সোণোৱালে হেৰুৱাব পাৰে 'জাতীয় নায়ক'ৰ মুকুট

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 26, 2018 10:47 pm
Bhubaneshwar Kalita

সাংসদ ভুৱনেশ্বৰ কলিতা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অনুষ্ঠিত হ’ব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ যুটীয়া সংসদীয় সমিতিৰ বৈঠকত অসমৰ খিলঞ্জীয়া ৰাইজৰ পক্ষত স্থিতি ল’বলৈ অসমৰ সদস্য কেৱল ভুৱনেশ্বৰ কলিতাই হ’ব নেকি? এতিয়া তেনে প্ৰশ্নই উদয় হৈছে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব যুটীয়া সংসদীয় সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক। অসমত প্ৰৱল গণ বিৰোধ অব্যাহত থকা বিধেয়কখনক লৈ কাইলৈৰ বৈঠকত কি সিদ্ধান্ত হয় সেই লৈ আজি প্ৰতিজন খিলঞ্জীয়া ৰাইজৰ দৃষ্টি নিবদ্ধ আছে।

Apply Now

তেনে সময়তে জে পি চিৰ সদস্য সাংসদ ভুৱনেশ্বৰ কলিতাৰ কথা চৰ্চালৈ আহিছে। কাৰণ কাইলৈ হয়তো অসমৰ সদস্যকেইজনৰ ভিতৰত একমাত্ৰ কলিতাইহে বিধেয়কখনৰ স্পষ্ট বিৰোধিতা কৰিব।

উল্লেখযোগ্য যে, বিধেয়কখন সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰি প্ৰতিবেদন দাখিলৰ বাবে গঠন কৰা জেপিচিৰ ৩০জন সদস্যৰ ভিতৰত আছে অসমৰ চাৰিগৰাকী সাংসদ ক্ৰমে- কংগ্ৰেছৰ ভুৱনেশ্বৰ কলিতা, সুষ্মিতা দেব আৰু বিজেপিৰ ৰমেন ডেকা আৰু কামাখ্যা প্ৰসাদ তাছা।

অসমৰ চাৰিজন সদস্যৰ ভিতৰত বিধেয়কখনৰ সমৰ্থনত আছে দুই বিধায়ক ৰমেন ডেকা আৰু কামাখ্যা প্ৰসাদ তাছা। দলীয়ভাৱে কংগ্ৰেছে বিধেয়কখনৰ বিৰোধিতা কৰি আছে যদিও অসমৰ বৰাক উপত্যকাত দলটোৰ স্থিতি এতিয়াও বিপৰীত। সেয়ে অসমৰ কংগ্ৰেছ সাংসদ সুস্মিতা দেবে বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি এতিয়াই ক’ব নোৱাৰি। গতিকে অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা বিধেয়কখনৰ বিৰুদ্ধে মাত মাতিবলৈ অসমীয়া সাংসদ হিচাপে থাকিব কেৱল ভুৱনেশ্বৰ কলিতা।

কলিতাৰ সৈতে হোৱা আমাৰ টেলিফ’নিক বাৰ্তালাপত তেওঁ কাইলৈৰ বৈঠকত বিধেয়কখনৰ প্ৰতিটো দফা পৰ্যালোচনা কৰি সংশোধনী অনাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে।

“আমি বিধেয়কখন বাতিল হোৱাটো বিচাৰো। এইখন ভাৰতৰ সংবিধান বিৰোধী আৰু অসম চুক্তি বিৰোধী বিধেয়ক। কিন্তু বিজেপিয়ে যিকোনো প্ৰকাৰে বিধেয়কখন গৃহীত কৰিবলৈ বিচাৰিব। যদি বিধেয়কখন বাতিল কৰাব নোৱাৰো, তেনেহ’লে আমি তাৰ পৰা বাংলাদেশক বাদ দিয়াৰ পোষকতা কৰিম।”

বিধেয়কখনৰ বাতিল কৰাৰ পক্ষত কংগ্ৰেছৰ উপৰি বিজু জনতা দল, তৃণমূল কংগ্ৰেছ, তেলুগু দেশম পাৰ্টি, জনতা দল (য়ুনাইটেড)কে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ সাংসদে মত পোষণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি জে পি চিৰ কোনো সদস্যই বিধেয়কখনৰ পৰা অসমক বাদ দিয়াৰ প্ৰস্তাৱ আগ বঢ়োৱাৰ সম্ভৱনা আছে বুলিও ভুৱনেশ্বৰ কলিতাই জানিবলৈ দিয়ে।

তেওঁ সুস্মিতা দেবৰ স্থিতি সন্দৰ্ভত কয়, “যিহেতু বৰাক উপত্যকাত অধিকাংশ লোকেই বিধেয়কখনৰ সমৰ্থনত আছে গতিকে সুস্মিতা দেবে নিজৰ সমষ্টিৰ ৰাইজে বেয়া পাব বুলিয়েই দেখাদেখিকৈ বিধেয়কখনৰ বিৰোধিতা কৰা নাই।”

তথাপিতো সুস্মিতা দেবে কাইলৈ দলৰ বিপক্ষে নাযায় বুলি কলিতাই আশা ব্যক্ত কৰে।

মন কৰিব লগীয়া যে আদালতত আই এম ডি টি আইনখন বাতিল কৰিবলৈ যুঁজ দি সফল হোৱাৰ পিছতে আছুকে ধৰি একাংশ লোকে বৰ্তমানৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক আখ্যা দিছিল।

কিন্তু জাতিধ্বংসী নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে গোটেই অসমত ব্যাপক বিৰোধিতা দেখিও তেওঁ এষাৰো নমতাত এতিয়া বহুতকে তেওঁক খলনায়ক আখ্যা দিয়াহে দেখা গৈছে।

ইয়াৰ পৰিৱৰ্তে বিধেয়কখনৰ পৰা বাংলাদেশক বাদ দিয়া বা অসমক বাদ দিয়া যদি হয়, তেন্তে অসমীয়াৰ পক্ষত স্পষ্ট ভূমিকা আৰু স্থিতিৰ বাবে ভুৱনেশ্বৰ কলিতাক অসমৰ জনগণে জাতীয় নায়ক আখ্যা দিবগৈ পাৰে নেকি? যদি সেয়ে হয় সোণোৱালে নিজৰ দুৰ্বল স্থিতিৰ বাবেই হেৰুৱাব পাৰে গৌৰৱৰ মুকুটটো।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd