DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 29, 2023 2:43 pm
ফটো: সংগ্ৰিহীত।

ফটো: সংগ্ৰিহীত।

894
VIEWS
Share on FacebookShare on Twitter

ডোকলাম মালভূমি হৈছে ভাৰত, চীন আৰু ভূটানৰ ত্ৰিকোণীয় সীমান্ত। এইবাৰ ভাৰতে এই বিতৰ্কিত সীমান্ত সন্দৰ্ভত ভূটানৰ মন্তব্যক লৈ চিন্তিত হৈ পৰিছে।

শেহতীয়াকৈ ভূটানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে, “এই মালভূমিক লৈ হোৱা বিবাদৰ সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত বেইজিংৰ কথা কোৱাৰ সমান অধিকাৰ আছে।”

ভূটানৰ প্ৰধানমন্ত্ৰী লোটে শ্বেৰিংয়ে বেলজিয়ামৰ দৈনিক লা লিব্ৰেৰ সৈতে এক সাক্ষাৎকাৰত এই কথা ব্যক্ত কৰিছিল।

লগতে পঢ়ক: ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ভাৰতে বিশ্বাস কৰে যে চীনে অবৈধভাৱে ডোকলাম দখল কৰিছে। নতুন দিল্লীয়ে এই মালভূমিত কোনো চীনা অংশীদাৰীত্ব স্বীকাৰ নকৰে।

লোটে শ্বেৰিঙে কয়, “এয়া কেৱল ভূটানৰ বাবে সমাধানৰ বিষয় নহয়। আমি তিনিটা পক্ষ আছো। কোনো ডাঙৰ বা সৰু দেশ নাই, তিনিখন সমান দেশ আছে, প্ৰতিখনৰে এক তৃতীয়াংশ ভাগ আছে।”

বাতৰি অনুসৰি, আঞ্চলিক বিবাদৰ সমাধান বিচাৰি চীনৰ অংশগ্ৰহণ সন্দৰ্ভত ভূটানৰ প্ৰধানমন্ত্ৰীৰ বক্তব্য নতুন দিল্লীৰ বাবে অত্যন্ত সমস্যাজনক হ’ব পাৰে। ভাৰতে ইয়াত চীনৰ অংশগ্ৰহণ অস্বীকাৰ কৰে কিয়নো মালভূমিটো সংবেদনশীল শিলিগুৰি কৰিডৰৰ ওচৰত আছে।

২০১৭ চনত চীনে ডোকলামত এটা পথ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতীয় সেনাই চীনৰ এই কামত পোনপটীয়াকৈ বাধা দিছিল। ঘটনাটোৱে প্ৰায় দুমাহ ধৰি ভাৰত আৰু চীনা সৈন্যৰ মাজত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। কোনেও মাটি এৰিব বিচৰা নাছিল। অৱশেষত, উহানত ভাৰতৰ নৰেন্দ্ৰ মোদীৰ সৈতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ বৈঠকৰ পিছত পৰিস্থিতি অলপ স্বাভাৱিক হৈ পৰে।

লগতে পঢ়ক: ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ডোকলাম সন্দৰ্ভত আলোচনাৰ প্ৰস্তুতি ব্যক্ত কৰি ভূটানৰ প্ৰধানমন্ত্ৰীয়ে কয় “আমি সাজু,’’। আন দুটা পক্ষ সাজু হোৱাৰ লগে লগে আমি আলোচনা কৰিব পাৰোঁ।”

Recent News

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: জলবায়ু পৰিৱৰ্তনৰ উদ্বেগৰ সময়ত পৰিৱেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰক এইকেইটা উপায়

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

World Environment Day 2023: বিশ্ব পৰিৱেশ দিৱসৰ ইতিহাসে কি কয়? বিশ্ব পৰিৱেশ দিৱস-২০২৩ৰ বিষয়বস্তু কি?

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd