• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ককায়েক বিৰাজ হাজৰিকাৰ দাবী : যৌতুকৰ বাবে জীৱন্তে জ্বলাই দিয়া হৈছিল ভগ্নী বিতুক

NE NOW NEWS এন ই নাও নিউজ
মঙলদৈ , December 4, 2018 12:49 pm

2 min read

Biraj-Hazarika-750x375

ঘটনাৰ বলি বিতু হাজৰিকা আৰু ককায়েক বিৰাজ হাজৰিকা।

606
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে মঙলদৈৰ জলজলি নাহৰবাৰীৰ গাঁও নিজ চপাইত শহুৰেকৰ পৰিয়ালে নিৰ্মমভাৱে জীৱন্তে জ্বলাই দিয়া ন-বোৱাৰী বিতু হাজৰিকাক যৌতুকৰ বাবে হত্যা কৰা হ’ল বুলি দাবী কৰিছে ককায়েক বিৰাজ হাজৰিকাই।

‘গৰীৱৰ বন্ধু’ বিৰাজ হাজৰিকাই তেওঁৰ ফেচবুক পেজত লিখিছে, ‘’ যৌতুকৰ বলি হ’ল মোৰ ভনী। মাত্ৰ ২০,০০০ টকাৰ বাবে এই হত্যাকাণ্ড। ঘৰৰ মানুহে মোক আগতে জনোৱা নাছিল। বৰ্তমান মঙলদৈ হাস্পাতলত পৰি আছে মৃতদেহ।‘’

লগতে পঢ়ক : মঙলদৈত হৃদয়বিদাৰক ঘটনা : দহ বছৰৰ প্ৰেমৰ পিছত বিয়া হোৱা ন-বোৱাৰীক জ্বলাই দিলে স্বামীৰ পৰিয়ালে

তেওঁ লগতে লিখিছে যে, ‘’ৰাইজৰ সহায় লাগিব কাৰণ মোৰ লগত কোনো ডাঙৰ মানুহ নাই, আজি ১১ বজাত মই মঙলদৈ আহি পাম।‘’

a8d4b239-d9ce-45b3-bc15-37e415a26c60
ককায়েক বিৰাজ হাজৰিকাই দিয়া ফেচবুক প’ষ্ট।

বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই ঘটনাটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মাথোঁ দুমাহৰ পূৰ্বে বিয়া হৈ অহা বিতু হাজৰিকাৰ দহ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত বিয়া হৈছিল কৃতী বৰুৱা নামৰ যুৱকজনৰ সৈতে। কৃতী বৰুৱা অসম আৰক্ষীৰ জোৱান আৰু তেওঁ খাৰুপেটীয়াত তৃতীয় অসম আৰক্ষী বেটেলিয়নত চাকৰি কৰে।

দুৰ্ভাগ্যজনকভাৱে, বিয়াৰ মাত্ৰ দুমাহৰ পিছতে সেই প্ৰেম বিবাহ পৰিণত হ’ল কৰুণ মৃত্যুৰ কোলালৈ। বিতুৰ পৰিয়ালৰ লোকে ইয়াক পৰিকল্পিত হত্যা বুলি দাবী কৰিছে। জানিব পৰামতে দহ বছৰৰ সম্পৰ্কৰ পিছতো বিতুক স্বামী কৃতী বৰুৱাই বিয়া কৰাব বিচৰা নাছিল।

চি আই এছ এফত চাকৰি কৰা ককায়েক ছচিয়েল মিডিয়াত ‘গৰীবৰ বন্ধু’ হিচাপে পৰিচিত বিৰাজ হাজৰিকাই এই দুৰ্ভাগ্যৰ খবৰ দি সোমবাৰে ফেচবুক পোষ্টত লিখে, ‘অলপ সময়ৰ আগতে মোৰ ভনীক জ্বলাই মাৰি পেলালে।‘

তেওঁ লিখিছিল, ‘অলপ সময়ৰ আগতে মোৰ ভনীক জুই জ্বলাই মাৰি পেলালে শহুৰেকৰ ঘৰত মংগলদৈত । দুমাহ মান আগতে বিয়া হৈছিল , মই ছুটি লৈ আহি আছো । আগলৈ যাতে আৰু এনেকুৱা ঘটনা নহয় তাৰ বাবে ব্যৱস্থা ল’ব লাগিব, আৰু কোনো ছোৱালী যাতে মৰিব লগা নহয়। আমি দুখীয়া ঘৰৰ বাবে আমাৰ এই অবস্থা।’

উল্লেখ কৰিব পাৰি যে বোৱাৰীগৰাকীৰ ককায়েক বিৰাজ হাজৰিকাক সকলোৱে গৰীৱৰ বন্ধু বুলিয়ে জানে। তেওঁ নিজৰ দৰমহাৰ আধা দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীৰ সহায়ৰ বাবে বিলাই আহিছে। তেওঁ এই বদান্যতাৰ বাবে বহু সন্মানো লাভ কৰিছে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd