DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকলোতে ব্যৰ্থ, কাগজে-পত্ৰইহে চলিছে সোণোৱাল চৰকাৰ : তৰুণ গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 24, 2019 7:02 am
Tarun Gogoi press meet

নিজৰ চৰকাৰী বাসভৱনত সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

210
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যত সংঘটিত ব্যপক দুৰ্নীতি-অপশাসনৰ অভিযোগেৰে ‘পৰিবৰ্তন’ৰ শ্লগান দি শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ তিনিটা বছৰ সম্পূৰ্ণ হওঁ হওঁ। তেনে অৱস্থাত চৰকাৰখনক সকলো দিশতেই এতিয়া কেৱল ব্যৰ্থতাইহে আগুৰি ধৰা বুলি মন্তব্য কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

২৩ ফেব্ৰুৱাৰিত দিচপুৰৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত এখন সংবাদমেল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এতিয়া ৰাজ্যত চৰকাৰৰ অস্তিত্বকে নস্যাৎ কৰে।

“এতিয়া ৰাজ্যত চৰকাৰ আছে জানো? জনতা ভৱনততো আমি ক’তো চৰকাৰ দেখা নাপাওঁ। চৰকাৰ কাগজতহে আছে, কামে-কাজে নাই। এইখন হেলিকপ্টাৰত ঘূৰা চৰকাৰ, মাটিৰ লগত এওঁলোকৰ সম্বন্ধ নাই” প্ৰাক্তন মুখ্য মন্ত্ৰীজনৰ কটাক্ষ।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ অস্তিত্বক নস্যাৎ কৰাৰ কাৰণো দাঙি ধৰে। তেওঁৰ মতে এতিয়া সকলো দিশতেই কেৱল বিফল সোণোৱাল চৰকাৰ কেৱল মাত্ৰ কাগজ-পত্ৰ আৰু মিটিঙৰ ভাষণৰ ফুলজাৰিতহে চলি আছে।

যোৰহাট আৰু গোলাঘাট জিলাত সংঘটিত ‘সুৰা ট্ৰেজেডি’ৰ প্ৰসংগেৰে ‘দুৰ্নীতিমুক্ত’ বুলি জাহিৰ কৰিব বিচৰা বিজেপি চৰকাৰৰ দিনত এই ঘটনাসমূহে ৰাজ্যত চলি থকা দুৰ্নীতিৰ প্ৰমাণ কৰা বুলিও তেওঁ দাবী কৰে।

“ৰাজ্যত অবৈধ সুৰাৰ বেহা চলি আছে, চিমেণ্ট, ষ্টীল, শিল-বালি আদিৰ মাফিয়া, ভূ মাফিয়া আদিৰ দপদপনি চলি আছে, গতিকে দুৰ্নীতিমুক্ত কেনেকৈ হ’ল”, তৰুণ গগৈৰ প্ৰশ্ন।

একেদৰে এনেধৰণৰ মাফিয়াৰাজৰ বাবেই ৰাজ্যত চিমেণ্ট, শিল-বালি আদিকে ধৰি সামগ্ৰীসমূহৰ মূল্য অত্যধিক বুলিও মন্তব্য কৰে। তেওঁ কয় যে উত্তৰ-পূবত প্ৰচুৰ পৰিমাণে কেঁচামাল পোৱা যায়। ইয়াত কেন্দ্ৰৰ স্পেচিয়েল ইনচেনটিভো থাকে, তৎসত্ত্বেও অসমত সামগ্ৰীসমূহৰ দাম বেছি। আন ৰাজ্যতকৈ অলপ হ’লেও কমহে হ’ব লাগে বুলিও তেওঁ মন্তব্য কৰে।

সোণোৱাল  নেতৃত্বাধীন চৰকাৰৰ দিনত আইন-শৃংখলাৰ অধিক অৱনতি ঘটাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে।

যোৱা বৰ্ষত ৰাজ্যত  ৯৬টা হত্যা, ৬৬টা ধৰ্ষণ, ৬৬২টা অপহৰণ আৰু ৪,৩৩২টা চুৰিৰ ঘটনা সংঘটিত হোৱাৰ তথ্য চৰকাৰখনে সদনত দিয়া বুলিও গগৈয়ে জানিবলৈ দিয়ে।

ইপিনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছৰ ৬০ বছৰত যি হোৱা নাছিল সেয়া নৰেন্দ্ৰ মোদীৰ ৬০ মাহত হৈছে বুলি সততে কৰা মন্তব্যকো গগৈয়ে উভতি ধৰে।

গগৈয়ে কয়, “সোণোৱালৰ তোষামোদ কৰাৰো এটা সীমা থাকিব লাগে। ৬০ মাহ নালাগে মোৰ ১৫ বছৰেই লওক তেওঁ, কিমান উন্নয়ন কৰে চাওঁ”।

“‘তেওঁ দপদপাই থকা সচিবালয়, তেওঁ থকা অতিথিশালা, তেওঁৰ ঘৰৰ সন্মুখেৰে যোৱা ৰাস্তা সকলো মোৰ দিনতেই হৈছিল”, গগৈৰ দাবী।

গগৈয়ে লগতে ডিব্ৰুগড়ৰ বিমান বন্দৰ, প্ৰায়কেইখন চিকিৎসালয় আৰু বিভিন্ন প্ৰতিষ্ঠানৰ উদাহৰণেৰে সেই আটাইবোৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই হৈছিল বুলিও দাবী কৰে।

ইপিনে সোণোৱাল চৰকাৰে অসমক ‘স্পৰ্ট হাব’ কৰিব বুলি কৈ থাকিও ৰাজ্যখনত এখনো ষ্টেডিয়াম নিৰ্মাণ কৰিব পৰা নাই বুলিও মন্তব্য কৰে।

একেটা প্ৰসংগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো  কটাক্ষ কৰিব নেৰিলে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে।

“সোণোৱালৰ লগত সুৰতে সুৰ মিলাই হিমন্তয়ো কংগ্ৰেছৰ দিনত একো হোৱা নাছিল বুলি কয়। তেৱোঁতো তেতিয়া শিক্ষা, স্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী আছিল, তেওঁ কি একো কাম নকৰি ফাঁকি মাৰি দিন পাৰ কৰিছিল নেকি?” প্ৰাক্তন সতীৰ্থ হিমন্তক আক্ৰমণেৰে গগৈৰ প্ৰশ্ন।

গগৈয়ে লগতে বিজেপি চৰকাৰে আজিকোপতি যোৰহাটৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তি দিব নোৱৰা, চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিব বুলি বিজেপিয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱৰা আদি বিষয়ো সাঙোৰে।

তৰুণ গগৈয়ে এতিয়াৰ বিজেপি চৰকাৰে অসমক ধ্বংসৰ দিশলৈ ঠেলি নিছে বুলিও অভিযোগ কৰে।

একেখন সংবাদমেলতে তেওঁ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰি কয়, “বিজেপি চৰকাৰে তিনি তালাকৰ আধ্যাদেশ জাৰি কৰিব পাৰিছে যদি অসমৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ আধ্যাদেশ জাৰি কৰিব নোৱাৰে কিয়?”

তেওঁ লগতে জনজাতিকৰণৰ দাবীত বিভিন্ন সংগঠনসমূহে কৰি থকা আন্দোলন হঠাৎ স্তব্ধ হৈ যোৱাক লৈও সন্দেহ প্ৰকাশ কৰে।

“জনগোষ্ঠীয় নেতাসকলক হিমন্তই মেনেজ কৰিলে নেকি? মোৰতো তেনেকুৱাই সন্দেহ হয়”, গগৈয়ে কয়।

জনজাতিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰথম কংগ্ৰেছ চৰকাৰেই প্ৰেৰণ কৰিছিল বুলি দাবী কৰি জনগোষ্ঠীয় নেতাসকলে আন্দোলন নকৰিলেও কংগ্ৰেছে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলন চলাই নিব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণ চলি থকাৰ সময়ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী চিনেমাৰ চুটিঙত ব্যস্ত বুলিও তেওঁ নৰেন্দ্ৰ মোদীক সমালোচনা কৰে।

Recent News

Independence day

স্বাধীনোত্তৰ ভাৰতৰ পাঁচ ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ ঘটনাৱলী আৰু সিদ্ধান্ত

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

‘Vande Mataram’ instead of hello মহাৰাষ্ট্ৰৰ চৰকাৰী বিষয়াসকলে ফোনকলৰ উত্তৰ দিওঁতে ‘হেল্ল’’ৰ সলনি ক’ব লাগিব ‘বন্দে মাতৰম’

Independence Day

বিজ্ঞান আৰু প্ৰযুক্তিৰ ৭৫ বছৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

ৰুশ্বদী সুস্থ হৈ উঠা বুলি জানি মুখলৈ পানী আহিল লেখকগৰাকীৰ প্ৰাক্তন পত্নী ভাৰতীয় মডেল পদ্ম লক্ষ্মীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd