DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি ছ’চিয়েল মিডিয়াৰে অপপ্ৰচাৰৰ বাটকটীয়া : পৱন খেৰা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 3, 2019 9:36 pm
Pawan Khera)

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি পৱন খেৰা।

508
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা প্ৰায় পাঁচ বছৰৰ পূৰ্বে অৰ্থাৎ ২০১৪ৰ লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপিৰ বাবে ছ’চিয়েল মিডিয়া হৈ পৰিছিল দলৰ প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ আহিলা। কিন্তু প্ৰচাৰৰ এই সুন্দৰ অহিলাক এতিয়া উৰাবাতৰি প্ৰচাৰৰো আহিলা হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা প্ৰচাৰ সমিতিৰ আহ্বায়ক পৱন খেৰাই।

দেওবাৰে গুৱাহাটীত দলৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্য্যবেক্ষণ কৰি ৰাজীৱ ভৱনত সম্বোধন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে কয়, “বিজেপি দেশত ছ’চিয়েল মিডিয়াৰে উৰাবাতৰি আৰু অপপ্ৰচাৰ কৰাৰ বাটকটীয়া”।

নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কংগ্ৰেছে ছ’চিয়েল মিডিয়াৰ সহায় ল’ব বুলি মন্তব্য কৰি কংগ্ৰেছ নেতাজনে কয়, “কংগ্ৰেছে ছ’চিয়েল মিডিয়াৰ সুবিধা বহু দেৰিকৈ লৈছে। এই সুবিধা সকলোতকৈ আগতেই ২০১৪ চনত বিজেপিয়ে লৈছিল। কিন্তু যোৱা পাঁচ বছৰত তেওঁলোকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহুতো উৰাবাতৰি আৰু অপপ্ৰচাৰ যে চলাইছে সেই কথা এতিয়া দেশৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বুজি পাইছে”।

তেওঁ লগতে ছ’চিয়েল মিডিয়াৰ ভাল আৰু বেয়া দিশ সম্পৰ্কে কৈ কংগ্ৰেছে ছ’চিয়েল মিডিয়াৰে হোৱা অপপ্ৰচাৰসমূহ প্ৰতিৰোধ কৰি যাব আৰু দলটোৰ ভাল কামৰ প্ৰচাৰৰ বাবেই ইয়াক ব্যৱহাৰ কৰিব বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি কাশ্মীৰৰ পুলৱামাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত বহুকেইগৰাকী চি আৰ পি এফৰ জোৱান নিহত হোৱা ঘটনা সন্দৰ্ভত মন্তব্য কৰি খেৰাই কয়, “কংগ্ৰেছ এটা দায়িত্বশীল ৰাজনৈতিক দল। আমি এই ঘটনাক লৈ ৰাজনীতি নকৰো আৰু আনকো কৰিব নিদিওঁ। কিন্তু বিজেপিয়ে এই ঘটনাক লৈ ৰাজনীতি কৰাৰ চেষ্টা চলাইছিল”।

এই ঘটনাক লৈ তেওঁ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰলৈ তিনিটা প্ৰশ্নও প্ৰক্ষেপ কৰে। তেওঁৰ প্ৰথম প্ৰশ্ন, “আক্ৰমণৰ ঘটনাৰ সংগঠিত কৰিবলৈ তালৈ আৰ ডি এক্স নিবলৈ পালে কেনেকৈ?” দ্বিতীয়তে “বহুকেইখন চি আৰ পি এফৰ গাড়ীৰ এটা কনভয় গৈ থকা অৱস্থাত তাত এখন অসামৰিক গাড়ী গৈ সোমাল কেনেকৈ?” শেষত নৰেন্দ্ৰ মোদীক উদ্দেশ্যি তৃতীয় প্ৰশ্নটো তেওঁ কৰে, “৩ বাজি ১০ মিনিটত ঘটনা সংঘটিত হোৱাৰ পাছত ৫ বাজি ১০ মিনিটলৈ দেশৰ প্ৰধান মন্ত্ৰী ক’ত আছিল?”

অৱশ্যে শেষৰ প্ৰশ্নৰ উত্তৰ তেওঁ নিজে দি কয় যে প্ৰধান মন্ত্ৰী মোদী তেতিয়া জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত চুটিঙত ব্যস্ত আছিল। তাৰ পাছত তেওঁ এখন জনসভাও সম্বোধন কৰিছিল বুলি তেওঁ প্ৰকাশ কৰে।

একেখন সংবাদমেলতেই অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতিক লৈও তেওঁ সন্তুষ্টি ব্যক্ত কৰে। অসমৰ দলীয় কৰ্মীসকল যথেষ্ট আত্মবিশ্বাসী বুলি দাবী কৰি তেওঁ এইবাৰ কংগ্ৰেছৰ বিজয়ত অসমৰ অৰিহণা গুৰুত্বপূৰ্ণ হ’ব বুলি মন্তব্য কৰে।

Recent News

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd