• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী আৰু সদগুৰুৰ ‘নাইট চাফাৰী’কলৈ চাফাই দিয়াৰ চেষ্টা মন্ত্ৰী পিযুষ হাজৰিকাৰ; উভতি ধৰিলে নেটিজেনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 8:58 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Pijush Hazarika tries to justify CM & Sadhguru’s মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰুৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তেওঁলোকৰ নাইট চাফাৰীকলৈ এজাহাৰ দাখিল কৰাৰ পিছত বিজেপিৰ কেইবাজনো সদস্যই এই কাৰ্যক ন্যায়সঙ্গত বুলি তুলি ধৰাৰ প্ৰয়াস কৰিছে।

এনে এক প্ৰয়াস এইবাৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাইও কৰা দেখা গৈছে য’ত তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এখন ভ্ৰমণসূচীৰ চৰকাৰী পত্ৰ শ্বেয়াৰ কৰিছে।

মন্ত্ৰীজনে দাবী কৰিবলৈ চেষ্টা কৰিছে যে হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰুৰ দৰে তৰুণ গগৈয়েও চৰকাৰী সময়ৰ পিছত উদ্যানখন পৰিদৰ্শন কৰিছিল।

Apply Now

লগতে পঢ়ক: ধৰ্ষণত অভিযুক্ত আইপিএল খেলুৱৈ পলাতক; ইণ্টাৰপোলৰ কাষ চাপিল আৰক্ষী

অৱশ্যে বিতৰ্কটো যেতিয়া মুখ্যমন্ত্ৰী আৰু সদগুৰুৰ উদ্যানখনত নাইট চাফাৰীকলৈ সম্পৰ্কিত, তাত পিযুষ হাজৰিকাই তেনে কোনো প্ৰমাণ দেখুৱাত ব্যৰ্থ হৈছে।

মন্ত্ৰীজনে নিজেই শ্বেয়াৰ কৰা কাৰ্যসূচীখনত কোৱা হৈছে যে ২০২০ চনত প্ৰয়াণ ঘটা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল উদ্যানৰ ভিতৰত এটা অতিথিশালালৈ গৈছিল আৰু সেয়াও ভ্ৰমণ সময়ৰ আবেলি প্ৰায় ৪ বজাত।

মন্ত্ৰীজনে শ্বেয়াৰ কৰা ভ্ৰমণসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে নাইট চাফাৰী কৰা সন্দৰ্ভত কোনো প্ৰমাণ নাই।

লগতে পঢ়ক: ৰাইজৰ দলৰ কাৰ্যালয়ত জাৰ্মানীৰ দুগৰাকী গৱেষক ছাত্ৰী; কি জানিব বিচাৰি আহিল এইদৰে?

টুইটটোত পিযুষ হাজৰিকাই কয়, “সন্মানীয় সাংবাদিকসকল। মাৰ্চ, ২০০৮ ত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ এই ভ্ৰমণ কাৰ্যসূচীটো চাওক। তেতিয়াৰ মুখ্যমন্ত্ৰীয়ে আবেলি ৪ বজাত আৰিমোৰা ফৰেষ্ট গেষ্ট হাউচত উপস্থিত হৈছিল যিটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ১৩ কিলোমিটাৰ ভিতৰলৈ অৱস্থিত আৰু উদ্যানখনৰ মূল এলেকাৰ অভ্যন্তৰত অৱস্থিত আৰু নিশাটো তাত কটাইছিল।”

অৱশ্যে নেটিজেনসকলে ঘটনাটোক ন্যায়সঙ্গত বুলি দাঙি ধৰিবলৈ কৰা চেষ্টাৰ বাবে তেওঁক সমালোচনা কৰিছে।

এজন ইউজাৰে লিখিছে, “মই দেখিছোঁ যে তেওঁ অতিথিশালাত আছিল, কোনো বাবাজীৰ সৈতে নিশাৰ বন্যপ্ৰাণী চাফাৰী কৰাৰ বিপৰীতে সাংস্কৃতিক অনুষ্ঠানত উপস্থিত আছিল।”

আন এজনে লিখিছে, “জিৰণি ঘৰত নিশাটো থকা আৰু আপোনাৰ সম্পূৰ্ণ দলৰ সৈতে চাফাৰী লৈ যোৱা, সাংবাদিকৰ সৈতে চাফাৰী লৈ যোৱা, অতিথি এজনক জীপ চলাবলৈ অনুমতি দিয়া, ফটো অ’পৰ বাবে ফ্লেছ ফটোগ্ৰাফী ব্যৱহাৰ কৰাৰ মাজত পাৰ্থক্য আছে। আৰু আপুনি ইয়াক বিচাৰি উলিওৱাটোৱে হাঁহিৰ খোৰাকহে যোগাইছে।”

লগতে পঢ়ক:ৰাছিয়াৰ নাগৰিকত্ব পোৱাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰিত অভিযুক্ত স্নোডেনে কি ক’লে?

আন এজন ইউজাৰে লিখিছে, “নথিখন চাই ভ্ৰমণসূচীত ‘নাইট চাফাৰী’ বিচাৰি পোৱা নাই। এয়া কোনো প্ৰত্যুত্তৰৰ বাবে গ্ৰহণযোগ্য অজুহাত নহয়। ৰাইজৰ সঁহাৰিলৈ চাই হতাশা স্পষ্ট। সমতা পুনৰুদ্ধাৰৰ বাবে পৰৱৰ্তী নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা আঁতৰোৱা হ’ব!”

Respected journalists.Have a look at this tour programme of then CM Tarun Gogoi in March,2008.The then CM had arrived at Arimora Forest Guest House at 4 PM which is around 13 kms inside Kaziranga National Park & situated deep inside the park's core area & stayed there overnight. pic.twitter.com/JZdfUIxsrm

— Pijush Hazarika (@Pijush_hazarika) September 27, 2022

তেওঁলোকৰ দৰেই, বহুতে আনকি পিযুষ হাজাৰিকাক সুধিছে যে তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কাৰ্যক ন্যায়সঙ্গত কৰিবলৈ চেষ্টা কৰি আছে নেকি কিয়নো প্ৰাক্তন গৰাকী উদ্যানখনত নিশা আছিল।

উল্লেখ কৰিব পাৰি যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী নিয়ম উলংঘা কৰাৰ অভিযোগত আধ্যাত্মিক নেতা সদগুৰু আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd