• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুদিনত ৫৮ কোটি টকাৰ আধাৰশিলা স্থাপনেৰে মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাৰ চমক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 5, 2018 7:39 pm
BJP MLA Bhaskar Sharma

ফটো : নৰ্থ-ইষ্ট নাও

654
VIEWS
Share on FacebookShare on Twitter

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ বাবে উঠি পৰি লাগিছে মাৰ্ঘেৰিটা সমষ্টিৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ প্ৰাকক্ষণত বিধায়ক শৰ্মাই আজি প্ৰায় ২৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া একুৰিৰো অধিক আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ এচ অ পি ডি আঁচনিৰ অধীনত মাৰ্ঘেৰিটা সমষ্টিৰ বিভিন্ন অঞ্চলত ৰূপায়িত হ’বলগীয়া আঁচনি সমূহৰ ভিতৰত অন্যতম হৈছে মাৰ্ঘেৰিটা বন বিভাগ গেট পথ, লাজুম কালীবাৰীৰ পৰা মাৰ্ঘেৰিটা থাৰ্মেল পথ, ৰামপুৰ ৫ মাইলৰ পৰা উদয়পুৰ লৈ পথ, উদয়পুৰ নগৰৰ পৰা কথা গাঁৱলৈ পথ, ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা লামাগাঁও তিনিআালি হৈ ফুলবাৰী পথ, ১৫৩নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাগুন আহোম পথাৰ গাঁও পথ, পাটকাই চাহ বাগিচা পথ, পচাবিল পথ, হাৱাই পথাৰ পথৰ পৰা বিছাগাঁও পথ, লিডু ছিপেগাঁও পথ।

ইয়াৰ উপৰি প্ৰধান মন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধিনত মাটিখাদ পাপই ডব্লিউ এচ এচ নিৰ্মাণ লিডু গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ পৰা চিগনেল বস্তী পথ, কালী মন্দিৰৰ পৰা নামদাং নদী লৈ পথৰ নিৰ্মাণ, বৰগোলাই উপ-স্বাস্থ্য কেন্দ্ৰ শ্মশান ঘাটৰ পথ, ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেলখাদ বস্তীলৈ পথৰ নিৰ্মাণ, বৰগোলাই চাৰিআলিৰ পৰা এজেণ্ট অফিচ লৈ, ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ গ্ৰীণ গ’ল্ডৰ পৰা বিহুতলী লৈ পথ, ২নং বৰগোলাই, লালপাহাৰত আৰ অ’ ফেচেলিটি আদিৰ লগতে বীৰ চিলাৰায় সেতু নিৰ্মাণ আঁচনিৰ অধীনত লামাগাঁও-লিখাজান পথৰ ৩/৭ দলঙৰ পকীকৰণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই।

উল্লেখযোগ্য যে বিধায়ক শৰ্মাই দেওবাৰেও প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগীয়া ২৯টা আঁচনিৰ আধাৰশিলা উদ্বোধন কৰিছিল। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰা বিধায়ক শৰ্মা আগন্তুক পঞ্চায়ত নিৰ্বাচনত কিমান দূৰ উপকৃত হয় সেইয়া সময়ত লক্ষ্যণীয় হ’ব।

আজিৰ এই আধাৰশিলা স্থাপন অনুষ্ঠানত যথেষ্ট সংখ্যক স্থানীয় ৰাইজ উপস্থিত থকা দেখা যায়। উল্লেখ্য যে দেশৰ স্বাধীনতাৰ পাছত এইদৰে বৃহৎ সংখ্যক আধাৰশিলা স্থাপন কাৰ্যসূচী মাৰ্ঘেৰিটা সমষ্টিত পূৰ্বে কেতিয়াও হোৱা নাছিল বুলি সচেতন ৰাইজে জানিবলৈ দিছে।

আনহাতে প্ৰতিটো আঁচনি যাতে সফলভাৱে বাস্তৱত ৰূপায়ন কৰিব পৰা যায় এইক্ষেত্ৰত স্থানীয় ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে বিধায়ক ভাস্কৰ শৰ্মাই।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd