• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলাদিত্যৰ বক্তব্যৰ বাবেই ঘটিছে ধলাৰ ঘটনা : অস্ত্ৰ পূজা কৰা সংগঠনকো তদন্তলৈ অনাৰ দাবী অসম সংগ্ৰামী মঞ্চৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 3, 2018 9:02 pm
সংগঠনটোৰ নিজা কাৰ্য্যালায়ত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল।

সংগঠনটোৰ নিজা কাৰ্য্যালায়ত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত নাৰকীয় হত্যাকাণ্ডৰ পাছত আৰক্ষীয়ে ইতিমধ্যে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁলোকক আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কিন্তু এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত একপক্ষীয় বুলি আখ্যা দিছে অসম সংগ্ৰামী মঞ্চই। আজি সংগঠনটোৰ কাৰ্য্যালায়ত দিয়া এখন সংবাদমেলত এই দাবী কৰে মঞ্চই।

অসম সংগ্ৰামী মঞ্চৰ মতে তদন্তৰ আওতালৈ আহিব লগীয়া বহু ব্যক্তি আৰু সংগঠনৰ ক্ষেত্ৰত এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী তথা ৰাজ্যৰ গৃহ বিভাগে। শেহতীয়াভাৱে যি ঘটনা ঘটি গ’ল তেনে এক পৰিৱেশ সৃষ্টিৰ আঁৰত থকা ব্যক্তিসকলক এতিয়াও তদন্ত প্ৰক্ৰিয়ালৈ মাতিবলৈ সাহস কৰা নাই আৰক্ষীয়ে।

Apply Now

মন কৰিব লগীয়া যে এই পৰিস্থিতৰ বাবে মঞ্চই পোনপটীয়াকৈ আঙুলি টোঁৱাইছে বিজেপি বিধায়ক শিলাদিত্য দেবলৈ।

‘‘শিলাদিত্য দেবৰ উচটনিমূলক মন্তব্যৰ বাবেই এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। শিলাদিত্য দেবক বিতৰ্কিত মন্তব্য নকৰিবলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দুবাৰকৈ সকীয়াইছিল বুলি সভাপতিজনে নিজে মন্তব্য কৰিছে। তথাপিতো বিজেপিয়ে তেওঁক নিয়ন্ত্ৰণ নকৰিলে।’’ -এই মন্তব্য অসম সংগ্ৰামী সঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ।

তেওঁ লগতে কয় যে কেইবাটাও বাঙালী সংগঠনে গুৱাহাটীত সমাৱেশ পতাৰ নামত যি অশান্তিৰ সৃষ্টি হৈছিল তাৰ আঁৰতো বিধায়ক শিলাদিত্য দেবেই আছিল। তেওঁৰ লগতে সুকুমাৰ বিশ্বাসকে ধৰি কেইবাজনো বাঙালী সংগঠনৰ নেতাই এক বিশৃংখলতাৰ পৰিৱেশৰ সূচনা কৰিছিল বুলি তেওঁ মন্তব্য কৰে।

এই নেতাসকলৰ বিতৰ্কিত মন্তব্য আৰু তাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই কঠোৰ প্ৰত্যুত্তৰসূচক মন্তব্য কৰিবলৈ বাধ্য হৈছিল বুলিও তেওঁ কয়।

উল্লেখ্য যে, যোৱা ২৪ অক্টোবৰত মৃণাল হাজৰিকাই অসম সংগ্ৰামী মঞ্চই আহ্বান কৰা এক সভাতেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিয়া বক্তৃতাত এটা বিতৰ্কিত মন্তব্য কৰিছিল, যাৰ বাবেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।

‘‘এতিয়া ধলাৰ ঘটনাৰ পাছত মৃণাল হাজৰিকা আৰু জিতেন দত্তক গ্ৰেপ্তাৰ কৰিছে। কিন্তু শিলাদিত্য দেবৰ লগতে বাঙালী সংগঠনকেইটাৰ নেতাসকলৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ স্থিতি দুৰ্বল। এয়া হয়তো বিজেপিৰ এক ৰাজনৈতিক এজেণ্ডা হ’ব পাৰে।’’ বেজবৰুৱাই কয়।

শিলাদিত্য দেবকে ধৰি এই নেতাসকলক তদন্তৰ আওতালৈ নিয়াৰ বিপৰীতে কেৱল মৃণাল হাজৰিকা আৰু জিতেন দত্তকে জেইল হাজোতত ৰাখিলে অসমৰ পৰিস্থিতি বেয়ালৈ যোৱাৰ সম্ভৱনা আছে আৰু তাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰেই দায়ী হ’ব বুলিও তেওঁ সকীয়াই দিয়ে।

ইয়াৰ উপৰি তেওঁ অস্ত্ৰৰ লগত জড়িত সকলো সংগঠনকে তদন্তৰ আওতালৈ অনাৰ দাবী কৰে। এই ক্ষেত্ৰত তেওঁ আৰ এছ এছৰ নামো উল্লেখ কৰে।

‘‘অসমত অস্ত্ৰ পূজা কৰা সংগঠনো আছে। এই ঘটনাটো মাৰণাস্ত্ৰৰে হৈছে। গতিকে অস্ত্ৰৰ লগত সম্পৰ্ক থকা সংগঠনসমূহকো তদন্তৰ আওতাৰ ভিতৰলৈ আনিব লাগে।’’

অসম সংগ্ৰামী মঞ্চই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক একপক্ষীয় স্থিতি পৰিহাৰ কৰি ধলাত সংঘটিত এই নিৰ্মম হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবী জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd