T Raja Singh arrested in Hyderabad over Prophet remark তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙক যোৱা নিশা হায়দৰাবাদত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত হোৱা ব্যাপক প্ৰতিবাদৰ পিছত পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে আজি গ্ৰেপ্তাৰ কৰা হৈছিল।
হায়দৰাবাদৰ দক্ষিণ মণ্ডলৰ আৰক্ষী উপায়ুক্ত পি চাই চৈতন্যই কয় যে ধৰ্মীয় বিশ্বাসক অপমান কৰা সম্পৰ্কীয় আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল।
লগতে পঢ়ক: Satya Pal Malik: আদানিৰ বাবেই! কৃষকৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ মেঘালয়ৰ ৰাজ্যপালৰ
বাতৰি অনুসৰি, বিধায়ক সিঙে পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে অপমানজনক মন্তব্য কৰা এটা ভিডিঅ’ মুকলি কৰাৰ পিছত সোমবাৰে নিশা মহানগৰ আৰক্ষী আয়ুক্ত চিভি আনন্দৰ কাৰ্যালয়ৰ সন্মুখত তথা হায়দৰাবাদৰ বিভিন্ন অংশত প্ৰতিবাদ আৰম্ভ হয়।
প্ৰতিবাদকাৰীসকলৰ মতে সিঙে সম্প্ৰদায়টোৰ অনুভূতিক আঘাত কৰিছে আৰু সেয়ে তেওঁলোকে ৰাজা সিঙক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক জিম্মাত লৈছিল আৰু পিছত বিভিন্ন আৰক্ষী থানালৈ স্থানান্তৰিত কৰিছিল।
লগতে পঢ়ক: The Sun: পৃথিৱীখন গিলিবলৈ আহি আছে ভোকাতুৰ সূৰ্য! শেহতীয়া গৱেষণাত চাঞ্চল্য
চহৰখনৰ গোছামহলৰ বিধায়ক টি ৰাজা সিঙে যোৱা সপ্তাহত এটা কমেডি শ্ব’ত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছিল। শুকুৰবাৰে তেওঁ প্ৰায় ৫০ জনমান সমৰ্থকৰ সৈতে ষ্টেণ্ড-আপ কমেডিয়ান মুনাৱাৰ ফাৰুকীৰ অনুষ্ঠানস্থলীত উপস্থিত হৈ ইয়াক বাতিল কৰিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁক আৰক্ষীয়ে প্ৰতিৰোধমূলক জিম্মাত লৈছিল। অনুষ্ঠানটো অৱশ্যে তেতিয়া শান্তিপূৰ্ণভাৱে পাৰ হৈ গৈছিল।