• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাত বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ তীব্ৰতৰ; কংগ্ৰেছত একাধিক দাবীদাৰ, অজাপৰো তৎপৰতা

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
February 6, 2021 6:02 pm
Margherita

মার্ঘেৰিটাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অজাপৰ সঞ্জয় কুমাৰ দেব, বিজেপিৰ যুৱ নেতা লক্ষ্য কোঁৱৰ আৰু বিজেপি বিধায়ক ভাস্কৰ শৰ্মা। ফটো: নৰ্থইষ্ট নাও।

302
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ  বিধানসভা নিৰ্বাচন সমাগত। ইয়াৰ পৰিপ্ৰক্ষিতত সমষ্টিয়ে সমষ্টিয়ে এতিয়া ৰাজনৈতিক দলৰ মাজত  নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে ! এফালে যদি প্ৰাৰ্থিত্ব ৰক্ষাৰ যুঁজ আনফালে প্ৰাৰ্থিত্ব লাভৰ অংক।  মুঠৰ ওপৰত একাংশ এতিয়া জনপ্ৰতিনিধি হোৱাৰ দৌৰত।

ৰাজ্যখনৰে এটা গুৰুত্বপূৰ্ণ সমষ্টি মাৰ্ঘেৰিটাকলৈ এবাৰ নিমিলা অংক। একাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে চলাইছে কুচকাৱাজ।

১২৪ নং মাৰ্ঘেৰিটা  বিধানসভা সমষ্টি  বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি। অসমীয়া আদিবাসী তথা চাহজনগোষ্ঠী গোৰ্খা, বাঙালী  আদি সংখ্যাধিক্য ভোটাৰ থকা সমষ্টিটোত শেহতীয়া তথ্য অনুযায়ী  মুঠ ভোটাৰ ১৮৭, ৩৪৬। ইয়াৰে মহিলা ৯১৮৮১  আৰু পুৰুষ ৯৫৪৬৫।

এই সমষ্টি ৰাজ্যখনৰ ভিতৰতে এটা চৰ্চিত তথা গুৰুত্বপূৰ্ণ সমষ্টি। এটা  সময়ত আছিল এই সমষ্টি কংগ্ৰেছৰ দূৰ্গ। কিন্তু ৰাজ্যত হোৱা নিৰ্বাচনসমূহৰ ভিতৰত  দ্বিতীয়বাৰৰ বাবে এই সমষ্টি হেৰুৱায় কংগ্ৰেছ দলে। জনতা দলৰ ঢৌৰ সময়ত  ১৯৭৮ চনত  আৰু দ্বিতীয় বাৰ ২০১৬ চনত।

অনা কংগ্ৰেছী বিধায়কে এই দুটা নিৰ্বাচনত জয়ী হৈছিল বিৰোধীক পৰাভূত কৰি। ১৯৭৮ চনত জনতা পাৰ্টীৰ প্ৰাৰ্থী কুল বাহাদুৰ চেত্ৰীয়ে  ৯৯৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আই দলৰ লীলাধৰ গগৈয়ে লাভ কৰিছিল ৯০৬৩ টা ভোট। কংগ্ৰেছ দলৰ চন্দ্ৰ বাহাদুৰ চেত্ৰীয়ে লাভ কৰিছিল  ৫৩৮২ টা ভোট।

কংগ্ৰেছ দলৰ বিভাজন তথা ইয়াৰ সমান্তৰালকৈ হোৱা ভোট বিভাজনৰ বাবেই  জনতা দলৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল। পৰবৰ্তী সময়ত কংগ্ৰেছ দলত যোগদান কৰা কুল বাহাদুৰ চেত্ৰীয়ে ১৯৮৩, ১৯৮৮ , ১৯৯১ এই তিনিটা বৰ্ষত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত জয়যুক্ত হৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।

অসম আন্দোলন তথা তাৰ পাছত হোৱা  নিৰ্বাচনত আঞ্চলিক দলৰ প্ৰতি প্ৰচণ্ড ঢৌ সৃষ্টি হোৱাৰ সময়তো মাৰ্ঘেৰিটাত অক্ষত আছিল কংগ্ৰেছ দলৰ শক্তিশালী দূৰ্গ ।  ২০১১ চনত এগৰাকী শক্তিশালী যুৱনেতা কামাখ্যা প্ৰসাদ তাচাই বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি পৰাভূত হৈছিল এই  সমষ্টিত। কিন্তু এনে এটা  সমষ্টিত ২০১৬ চনত কংগ্ৰেছ দল সন্মুখীন হ’ল বৃহৎ পৰাজয়ৰ।

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হেভীৱেট প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক পৰাজিত কৰি পোনপ্ৰথমবাৰৰ বাবে ৰাজনীতিত পদাৰ্পণ কৰিয়ে ভাস্কৰ শৰ্মা নিৰ্বাচিত হৈছিল বিধানসভালৈ।

২০২১ চনৰ বিধান সভা নিৰ্বাচন সমাগত। এতিয়া ৰাজ্যৰ বিভিন্ন সমষ্টিৰ দৰে মাৰ্ঘেৰিটাটো আৰম্ভ ৰাজনৈতিক দল সমৰ্থকৰ মাজত নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা। প্ৰাৰ্থীত্বকেন্দ্ৰিক তৎপৰতা  বিজেপি কংগ্ৰেছ উভয়  দলৰ শিবিৰত। গুণাগথা কোনে লাভ কৰিব আগন্তুক নিৰ্বাচনত দলীয় টিকেট?

২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ হেভীৱেট প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈক পৰাজিত কৰি  পোনপ্ৰথমবাৰৰ বাবে ৰাজনীতিত পদাৰ্পণ কৰিয়ে নিৰ্বাচিত হোৱা  ভাস্কৰ শৰ্মা  বিগত চাৰিবছৰে কয়লা চিণ্ডিকেটকে ধৰি কেইবাটাও অভিযোগৰ সন্মুখীন হ’লেও সমষ্টিটোত কংগ্ৰেছ দলক নিশকটীয়া কৰি দলৰ ভেটি টনকিয়াল কৰিবলৈ সক্ষম হৈছিল বিধায়ক শৰ্মা ।

ইয়াৰ লগতে সমষ্টিটোত ৰূপায়িত হৈছে ব্যাপক চৰকাৰী আচঁনি। বহু সংখ্যক বিধ্বস্ত পথ নিৰ্মাণ হৈছে। ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ৫৮ টা  নামঘৰ, মঠ মন্দিৰলৈ অসম দৰ্শনৰ ১০ লক্ষ টকাকৈ পুঁজি আৱন্টন কৰাই আনিবলৈ সক্ষম হোৱা বিধায়ক শৰ্মাৰ তৎপৰতাতে লিডুৰ আই টি আই খন আৰম্ভ হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত গপতে গংগাটোপ হৈ থকা বিধায়ক শৰ্মাই  ২০২১ চনত অনায়াসে দলীয় টিকেট লাভ কৰি দ্বিতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হ’ব বুলি নিশ্চিত হৈ থাকোতেই অংকত আউল লগালে  ইতিমধ্যে ৰাজ্যিক প্ৰেক্ষাপটত  নিজকে প্ৰতিষ্ঠা কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে একেটা সময়তে বিজেপি দলত যোগদান কৰা অতিকে ঘনিষ্ঠ হিচাপে চৰ্চিত  সমষ্টিটোৰ এগৰাকী বাকপটু দক্ষ যুৱনেতা লক্ষ্য কোঁ‌ৱৰে ।

বিগত কেইবামাহৰ পৰা সক্ৰিয় হৈ পৰিছে সমষ্টিটোত যুৱনেতা কোৱঁৰ।  বিপুল পৰিমাণৰ ধন ব্যয় কৰি সমষ্টিটোত চলাই গৈছে নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা। একুৰিৰো অধিক গাড়ীৰ কনভয়ৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ তথা সভা সমিতিত অংশগ্ৰহণ কৰি কোঁৱৰে ৰাইজৰ লগতে দলীয় শীৰ্ষনেতাৰ দৃষ্টি আকৰ্ষণৰ বাবে ব্যাপক চেষ্টা চলাই গৈছে।

ক্ৰীড়া ক্ষেত্ৰখনত সৰ্বাধিক মনোনিবেশ কৰা কোঁৱৰে ক্ৰীড়া আন্তঃগাঁথনি উন্নয়ণত সমষ্টিটোত বিপুল পৰিমাণৰ ধন আৱন্টন দিয়া হৈছে। একাংশ জনগোষ্ঠীয় সংগঠনৰ সমৰ্থন আদায়টো সফল হোৱা কোঁৱৰে অৱশ্যে দলৰ অধিকাংশ নেতা কৰ্মীৰে প্ৰত্যক্ষ সহাঁৰি লাভ কৰা পৰিলক্ষিত হোৱা নাই।

অৱশ্যে একাংশ বন্ধু বৰ্গ ব্যৱসায়ী তথা সাংবাদিককে সংগী কৰি তৎপৰতা চলাই যোৱা কোঁৱৰ এগৰাকী শক্তিশালী প্ৰাৰ্থীত্বৰ দাবীদাৰ বুলিয়ে নহয় প্ৰাৰ্থীত্ব নিশ্চিত বুলি প্ৰচাৰ হৈছে সমষ্টিটোত। আনকি দুটাকৈ অঘোষিত কাৰ্যালয় খুলি কোঁৱৰে সমষ্টিটোত বিধায়কৰ দৰেই কাম-কাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

মুখ্যমন্ত্ৰী দলৰ শীৰ্ষনেতাৰ সেউজ সংকেততে কোঁৱৰে সমষ্টিটোত এনে তৎপৰতা চলাই যোৱা বুলি জনা গৈছে। গতিশীল কোৱঁৰৰ তৎপৰতাই অতি কম সময়ৰ ভিতৰতে চমক সৃষ্টি কৰিছে। ইয়াৰ বিপৰীতে বিধায়ক ভাস্কৰ শৰ্মাই প্ৰাৰ্থিত্ব বিচৰাৰ অধিকাৰ সকলোৰে আছে বুলি প্ৰকাশ কৰিছে । তেওঁ পুনৰ  প্ৰাৰ্থিত্ব লাভ কৰাৰ ক্ষেত্ৰত নিশ্চিত হৈ থকা বুলি প্ৰকাশ কৰি আহিছে।

প্ৰদ্যুত বৰদলৈৰ দৰে শক্তিশালী প্ৰাৰ্থীক পৰাভূত কৰি পোনপ্ৰথমবাৰৰ বাবে সমষ্টিটোত গেৰুৱা পতাকা উত্তোলিত কৰিবলৈ সক্ষম হোৱাৰ সুবাদত ভাস্কৰ শৰ্মাক দলীয় প্ৰাৰ্থিত্ব কৰ্তন কৰিব বুলি নাভাৱে সমষ্টিটোৰ দলীয় নেতা কৰ্মী একাংশই। সমষ্টিটোৰ প্ৰায়সংখ্যক নেতা -কৰ্মীয়ে  বিধায়ক শৰ্মাকে মুকলিকৈ সমৰ্থন আগবঢ়াই আহিছে যদিও দলে প্ৰাৰ্থিত্ব যাকে আগবঢ়াই তেওঁৰ হৈয়ে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে ।

ইয়াৰ বিপৰীতে  বিধায়ক শৰ্মাৰো  গেৰুৱা দলটোৰ ৰাজ্যিক নেতাৰ পৰা কেন্দ্ৰীয় নেতালৈকে এক সম্পৰ্ক ৰক্ষা কৰি আহিছে । কেৱল বিধায়ক শৰ্মাই নহয় শৰ্মাৰ সমৰ্থক সকলো প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত নিশ্চিত।

মাৰ্ঘেৰিটা  অভেৰ্দ্য দূৰ্গ  আছিল কংগ্ৰেছৰ বাবে। কিন্তু মোডী ধুমুহা,  প্ৰতিষ্ঠানবিৰোধী ঢৌ আৰু বিজেপি দলৰ সৱল সাংগঠনিক ভেটিৰ বাবে ২০১৬ চনত প্ৰথম বাৰৰ বাবে  বিজেপিয়ে উৰুৱাবলৈ সক্ষম হয় বিজয় পতাকা। এটা পৰাজয়তে যেন তচনচ হৈ যায়  কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি। পৰবৰ্তী সময়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে দেখিলে পৰাজয়ৰ মুখ।

শেহতীয়াকৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী প্ৰদ্যুত বৰদলৈ নগাওঁৰ সাংসদ হোৱাৰ পাছত মাৰ্ঘেৰিটাৰ কংগ্ৰেছ শিবিৰত কিছু প্ৰাণ সঞ্চাৰ হৈছে। ইয়াৰ মাজতে অচিন্ত্য দাস, প্ৰবীৰ ৰাজখোৱা, নিলাভ জ্যোতি কোঁৱৰ, বন্তি কোঁৱৰ আদিৰ লগতে শেহতীয়াকৈ চাহ জনগোষ্ঠীয় শক্তিশালী কংগ্ৰেছী নেতা হৰিনন্দ গড়ে দল ত্যাগ কৰিছে।

তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি হৰিনন্দ গড়ৰ দলত্যাগ কংগ্ৰেছ শিবিৰৰ বাবে মোক্ষম আঘাট  হিচাপে চিহ্নিত হৈছে।  পদত্যাগ পত্ৰত ব্যক্তিগত কাৰণ বুলি প্ৰকাশ কৰিলেও এই প্ৰতিবেদকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গড়ে মাৰ্ঘেৰিটাত কংগ্ৰেছ নেতৃত্বৰ সৱল সাংগঠনিক ভেটি গঠনৰ ৰাজনীতিতকৈ দলীয় প্ৰাৰ্থীত্ব লাভৰ ৰাজনীতিয়েহে প্ৰাধান্য পাইছে বুলি ক্ষোভ ব্যক্ত কৰে ।

দলটোত  প্ৰাৰ্থীত্বকেন্দ্ৰিক তৎপৰতাও  তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে । মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মনোৰঞ্জন বৰগোঁহাই তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক বাসুদেৱ চেত্ৰী, অসম প্ৰদেশ কংগ্ৰেছৰ “অন্যান্য পিছপৰা শ্ৰেণী” বিভাগৰ সম্পাদক তথা তিনিচুকীয়া জিলা আৰু ডিব্ৰুগড় জিলাৰ পৰিদৰ্শক (incharge) ৰুবুল গগৈৰ নামেই বিশেষ ভাৱে  চৰ্চা হৈছে ।

আটাইকেইজনেই বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰি জনসমৰ্থন বৃদ্ধিৰ বাবে  তৎপৰতা চলাই আছে। নিজা  প্ৰাৰ্থীত্বকলৈ আটাইকেইজেই  নিশ্চিত হৈ থাকিলেও  মনোৰঞ্জন বৰগোঁহাইৰ সম্ভাৱনা অধিক বুলিয়ে চৰ্চা হৈছে ।

এইবাৰো বিজেপি-কংগ্ৰেছ প্ৰাৰ্থীৰ মাজতে মূল যুঁজ হ’ব বুলি ভৱা হৈছিল যদিও সঞ্জয় কুমাৰ দেৱৰ নেতৃত্বত অসম জাতীয় পৰিষদে ইতিমধ্যে সমষ্টিটোত দলীয় সাংগঠনিক ভেটি গঢ়ি তুলিবৰ বাবে ব্যাপক তৎপৰতা চলাই যোৱা পৰিলক্ষিত হৈছে।

অসম জাতীয় পৰিষদৰ অন্যতম সম্পাদক দেৱ মাৰ্ঘেৰিটা বিজেপিৰ শক্তিশালী নেতা আছিল । ১৯৯৬ চনত বিজেপি দলত যোগদান কৰি দেৱে সমষ্টিটোত দূৰদৰ্শিতা তথা নিখুঁত পৰিকল্পনাৰে দলীয় ভেটি টনকিয়াল কৰিবলৈ সক্ষম হৈছিল।

২০০১ চনত বৰগোলাই জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পাছত নিজ কাম কাজেৰে ৰাইজৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল দেৱ।  অৱশ্যে ২০০৬ চনৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল দেৱে।  কিন্তু ইয়াৰ পাছতো মনোবল হ্ৰাস নকৰি দেৱে সমষ্টিটোৰ ১৬ খন পঞ্চায়ততে শক্তিশালী সাংগঠনিক ভেটি গঢ়ি তুঁলিবলৈ সক্ষম হৈছিল।

দেৱৰ নেতৃত্বতে পৰবৰ্তী সময়ত পঞ্চায়ত আৰু নগৰ সমিতিৰ নিৰ্বাচনত দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা লাভ কৰি বিপুল ভাৱে জয়যুক্ত হৈছিল । কিন্তু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শক্তিশালী দাবীদাৰ হৈয়ো দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ আৰু বিশেষকৈ দলৰ তেনেই নৱাগত বিতৰ্কিত ভাস্কৰ শৰ্মাই প্ৰাৰ্থীত্ব লাভ কৰাৰ বাবে ক্ষোভিত হৈ দলত্যাগ কৰিছিল।

বিগত চাৰি বছৰে ৰাজনৈতিক ভাৱে নিস্ক্ৰিয় হৈ থকা দেৱে শেহতীয়াকৈ লুৰিনজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদত যোগদান কৰি কেন্দ্ৰীয় সম্পাদকৰ দায়িত্ব লৈ অতি কম সময়ৰ ভিতৰতে সমষ্টিটোৰ ১৬ খন পঞ্চায়ততে আঞ্চলিক সমিতি গঠন কৰি বুথ কমিটি গঠনৰ বাবে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে।

সাংগঠনিক দক্ষতা থকা দেৱৰ সৈতে হোৱা এক বাৰ্তালাপত এই প্ৰতিবেদকৰ আগত তেওঁ ৰাজ্যত অসম জাতীয় পৰিষদে ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰাৰ কথা প্ৰকাশ কৰে। অসম জাতীয় পৰিষদ কোনো কাৰণতে বাঙালী বিৰোধী নহয় , ১৯৭১ চনৰ পাছত অহা বাংলাদেশী বিৰোধী বুলি স্পষ্ট কৰি দি তেওঁ এই কথা বাংলাভাষী ৰাইজক পতিয়ন নিয়াবলৈ চেষ্টা কৰি সফলতা লাভ কৰাৰ কথা জানিবলৈ দিয়ে ।

তেওঁ অসম নিৰ্মাণত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই স্পষ্ট কৰি দিয়ে যে ক্ষমতালৈ আহিলে অসম জাতীয় পৰিষদে পুতৌ পাত্ৰ নহয় সৰ্বসাধাৰণ ৰাইজক আত্মনিৰ্ভৰশীল হৈ সন্মানজনকভাৱে জীয়াই থকাৰ পৰিবেশ সৃষ্টি কৰিব।

তেওঁ মাৰ্ঘেৰিটাতো অসম জাতীয় পৰিষদে সৱল প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি প্ৰকাশ কৰে । প্ৰাৰ্থিত্বৰ বাবে ৰাজনীতি কৰা নাই বুলি স্পষ্ট কৰি দি দেৱে অৱশ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিয়ে।

আচলতে এই  মুহূৰ্তত  ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কি হ’ব  এতিয়াই ক’ব নোৱাৰি। দলীয়  প্ৰাৰ্থীত্ব নিশ্চিত তথা উক্ত সময়ৰ পৰিবেশ পৰিস্থিতিৰ পাছত সকলো কথা স্পষ্ট হ’ব । কিন্তু এটা কথা নিশ্চিত যে এইবাৰ মসৃণ নহয় সমষ্টি দখলৰ অংক।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd