• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিচপুৰ থানাৰ পলাতক উপ-পৰিদৰ্শক নিপু কলিতাৰ গাড়ী উদ্ধাৰ

বৃহৎ মূল্যৰ সোণ সৰবৰাহত জড়িত ৱাহিদুৰ ৰহমান, ৱাহাজুদ্দিন ৰহমান আৰু আজমীৰ হুছেইনক গ্ৰেপ্তাৰ

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , February 12, 2019 11:26 pm

2 min read

দিচপুৰ আৰক্ষী থানা
1.1k
VIEWS
Share on FacebookShare on Twitter

চোৰাং সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ ডকাইতৰ ৰূপ লোৱা তথা যোৱা ৫ ফেব্ৰুৱাৰিৰ পৰা আত্মগোপন কৰি থকা দিচপুৰ থানাৰ উপ-পৰিদৰ্শক নিপু কলিতাই তেওঁ ব্যৱহাৰ কৰা গাড়ীখন উদ্ধাৰ কৰিছে দিচপুৰ আৰক্ষীয়ে। বাক্সাৰ মুচলপুৰত আজি উদ্ধাৰ হয় গাড়ীখন।

ইপিনে দিচপুৰ আৰক্ষীয়ে সোণ সৰবৰাহৰ ঘটনাটোত জড়িত থকা তিনিজন ক্ৰমে ৱাহিদুৰ ৰহমান, ৱাহাজুদ্দিন ৰহমান আৰু আজমীৰ হুছেইনকো গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৫ জানুৱাৰিত নংপোৰ গুৱাহাটী-চিলং পথত সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই ৬০খন সোণৰ বিস্কুট জব্দ কৰিছিল উপ পৰিদৰ্শক নিপু কলিতাই। তেওঁৰ লগত আছিল হাবিলদাৰ ফাইজুৰ ৰহমান আৰু গৃহৰক্ষী জোৱান আফজল আলী। জব্দ কৰা সোণৰ বিস্কুটৰ মূল্য হ’ব প্ৰায় ৪ কোটি টকা।

অভিযানটোৰ নেতৃত্ব দিয়া উপ-পৰিদৰ্শক কলিতাই সোণখিনি সৰবৰাহৰ লগত জড়িত থকা কোনো লোকক আটক কৰা নাছিল। ইয়াৰ সলনি ৰক্ষকেই ভক্ষক হৈ তিনিওজনে কোটি টকাৰ মূল্যৰ সোণখিনিকে হৰলুকি কৰিছিল।

সফল অভিযানটোৰ কিছু দিনৰ পিছত জব্দ কৰা সোণখিনি লৈ ৫ ফেব্ৰুৱাৰিত উধাও হৈছিল উপ-পৰিদৰ্শক নিপু কলিতা। লগতে অন্তৰ্ধান হয় হাবিলদাৰ ফাইজুৰ ৰহমান আৰু গৃহৰক্ষী জোৱান আফজল আলী।

জানিব পৰামতে সোণখিনি সৰবৰাহকাৰীসকলৰ এজন ৱাহাজুদ্দিন ৰহমানে দিচপুৰ থানাত তিনিওজনৰ বিৰুদ্ধে তেওঁলোকৰ পৰা সোণখিনি আত্মসাৎ কৰা বুলি এখন এজাহাৰ দিয়াৰ পিছতে অন্তৰ্ধান হয় তিনিওজন।

দিচপুৰ থানাই উক্ত এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তিনিওজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

ইপিনে, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ১২ ফেব্ৰুৱাৰিত এটা নিৰ্দেশনাযোগে অকৰ্তৃত্বশীলভাৱে কৰ্তব্যত উপস্থিত নথকা বাবে উপ-পৰিদৰ্শক নিপু কলিতাৰ লগতে হাবিলদাৰ ফাইজুৰ ৰহমানক নিলম্বন কৰে। লগতে গৃহৰক্ষী জোৱান আফজল আলীকো কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে। যুটীয়া আৰক্ষী আয়ুক্তক ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে বুলি জনায় আৰক্ষী আয়ুক্তজনে।

 

 

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd