• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচপুৰ থানাৰ পলাতক উপ-পৰিদৰ্শক নিপু কলিতাৰ গাড়ী উদ্ধাৰ

বৃহৎ মূল্যৰ সোণ সৰবৰাহত জড়িত ৱাহিদুৰ ৰহমান, ৱাহাজুদ্দিন ৰহমান আৰু আজমীৰ হুছেইনক গ্ৰেপ্তাৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 12, 2019 11:26 pm
দিচপুৰ আৰক্ষী থানা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চোৰাং সোণৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ ডকাইতৰ ৰূপ লোৱা তথা যোৱা ৫ ফেব্ৰুৱাৰিৰ পৰা আত্মগোপন কৰি থকা দিচপুৰ থানাৰ উপ-পৰিদৰ্শক নিপু কলিতাই তেওঁ ব্যৱহাৰ কৰা গাড়ীখন উদ্ধাৰ কৰিছে দিচপুৰ আৰক্ষীয়ে। বাক্সাৰ মুচলপুৰত আজি উদ্ধাৰ হয় গাড়ীখন।

ইপিনে দিচপুৰ আৰক্ষীয়ে সোণ সৰবৰাহৰ ঘটনাটোত জড়িত থকা তিনিজন ক্ৰমে ৱাহিদুৰ ৰহমান, ৱাহাজুদ্দিন ৰহমান আৰু আজমীৰ হুছেইনকো গ্ৰেপ্তাৰ কৰিছে।

Apply Now

উল্লেখযোগ্য যে যোৱা ১৫ জানুৱাৰিত নংপোৰ গুৱাহাটী-চিলং পথত সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই ৬০খন সোণৰ বিস্কুট জব্দ কৰিছিল উপ পৰিদৰ্শক নিপু কলিতাই। তেওঁৰ লগত আছিল হাবিলদাৰ ফাইজুৰ ৰহমান আৰু গৃহৰক্ষী জোৱান আফজল আলী। জব্দ কৰা সোণৰ বিস্কুটৰ মূল্য হ’ব প্ৰায় ৪ কোটি টকা।

অভিযানটোৰ নেতৃত্ব দিয়া উপ-পৰিদৰ্শক কলিতাই সোণখিনি সৰবৰাহৰ লগত জড়িত থকা কোনো লোকক আটক কৰা নাছিল। ইয়াৰ সলনি ৰক্ষকেই ভক্ষক হৈ তিনিওজনে কোটি টকাৰ মূল্যৰ সোণখিনিকে হৰলুকি কৰিছিল।

সফল অভিযানটোৰ কিছু দিনৰ পিছত জব্দ কৰা সোণখিনি লৈ ৫ ফেব্ৰুৱাৰিত উধাও হৈছিল উপ-পৰিদৰ্শক নিপু কলিতা। লগতে অন্তৰ্ধান হয় হাবিলদাৰ ফাইজুৰ ৰহমান আৰু গৃহৰক্ষী জোৱান আফজল আলী।

জানিব পৰামতে সোণখিনি সৰবৰাহকাৰীসকলৰ এজন ৱাহাজুদ্দিন ৰহমানে দিচপুৰ থানাত তিনিওজনৰ বিৰুদ্ধে তেওঁলোকৰ পৰা সোণখিনি আত্মসাৎ কৰা বুলি এখন এজাহাৰ দিয়াৰ পিছতে অন্তৰ্ধান হয় তিনিওজন।

দিচপুৰ থানাই উক্ত এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি তিনিওজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

ইপিনে, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ১২ ফেব্ৰুৱাৰিত এটা নিৰ্দেশনাযোগে অকৰ্তৃত্বশীলভাৱে কৰ্তব্যত উপস্থিত নথকা বাবে উপ-পৰিদৰ্শক নিপু কলিতাৰ লগতে হাবিলদাৰ ফাইজুৰ ৰহমানক নিলম্বন কৰে। লগতে গৃহৰক্ষী জোৱান আফজল আলীকো কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে। যুটীয়া আৰক্ষী আয়ুক্তক ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে বুলি জনায় আৰক্ষী আয়ুক্তজনে।

 

 

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd