• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ চূড়ান্ত প্ৰতিবেদন দাখিল CBI-ৰ! বিজেপি আৰু শিৱসেনাৰ মাজত তুমুল বাক-বিতণ্ডা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 23, 2025 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে। মহাৰাষ্ট্ৰ কংগ্ৰেছ আৰু শিৱসেনা (উদ্ধৱ বালাছাহেব থাকৰে) ফৈদে মহা বিকাশ আঘাদী (এমভিএ) মিত্ৰজোঁটৰ অংশীদাৰ হৈ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাইছে।

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ শচীন সাৱন্তই বিজেপিক খন্দা মাৰিবলৈ ছ’চিয়েল মিডিয়াত নামি কয়, “চিবিআইৰ চূড়ান্ত প্ৰতিবেদনে প্ৰমাণ কৰিছে যে বিজেপিৰ এই লেতেৰা ৰাজনীতি বিফল হৈছে। তেওঁলোকে সুশান্তৰ মৃত্যুক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছ, অবিভক্ত এনচিপি আৰু শিৱসেনাকে ধৰি তেতিয়াৰ এমভিএ চৰকাৰক কলংকিত কৰিছিল আৰু বিহাৰ নিৰ্বাচনত সফলতা লাভৰ চেষ্টা কৰিছিল।” তেওঁ আৰু অভিযোগ কৰে যে, “বিহাৰত শূন্য এফআইআৰ দাখিল কৰা হৈছিল, যিটো চিআৰপিচি উলংঘা। তাৰ পিছত গোচৰটো চিবিআইক গতাই দিয়া হৈছিল, যিটো আন এক আইন উলংঘা।”

Apply Now

মুম্বাইৰ বিশেষ আদালতত চিবিআইয়ে তদন্তৰ ফলাফল দাখিল কৰিছে। এতিয়া আদালতে এই প্ৰতিবেদন গ্ৰহণ কৰিব নে অধিক তদন্তৰ নিৰ্দেশ দিব সেইটো সিদ্ধান্ত ল’ব। সাৱন্তই কয়, “এই গোচৰত তিনিটা তদন্তকাৰী সংস্থা মোতায়েন কৰা হৈছিল। বিশ্বমানৰ মুম্বাই আৰক্ষীক বদনাম কৰা হৈছে। নিশাটোৰ ভিতৰতে ছচিয়েল মিডিয়াত লাখ লাখ ভুৱা একাউণ্ট সৃষ্টি কৰি সুশান্তক হত্যা কৰা আৰু এমভিএ চৰকাৰে ইয়াক ঢাকি ৰখাৰ কাহিনী প্ৰচাৰ কৰা হৈছিল।”

শিৱসেনাৰ আক্ৰমণঃ বিজেপিক “ভণ্ড” বুলি অভিহিত কৰা হৈছে।

শিৱসেনাৰ নেতা সঞ্জয় ৰাউটেও বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, “বিজেপিয়ে এই গোচৰটো ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে। তেওঁলোকে বিৰোধীক কলংকিত কৰাৰ কোনো সুযোগ হেৰুৱাব নোৱাৰে। তেওঁলোক ভণ্ড।” বিজেপিয়ে ভুৱা অভিযোগ উত্থাপন কৰি সুশান্তৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজনৈতিক মঞ্চৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাউতে। তেওঁ আৰু কয়, “চিবিআইৰ প্ৰতিবেদনত স্পষ্ট যে সুশান্তক কোনেও আত্মহত্যাৰ বাবে উচটনি দিয়া নাছিল। অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খাৰিজ কৰা হৈছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd