পঞ্জাৱ নেশ্যনেল বেংকৰ কেলেংকাৰিৰ অন্যতম মূল অভিযুক্ত নীৰৱ মোদীৰ বিৰুদ্ধে এটা নিৰ্দিষ্ট গোচৰত দুৰ্নীতিৰ কোনো প্ৰমাণ পোৱা নাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। এতিয়া গোচৰটো দণ্ডাধীশ আদালতলৈ হস্তান্তৰ কৰা হৈছে। অৱশ্যে বৃহত্তৰ পিএনবি কেলেংকাৰিৰ তদন্ত এতিয়াও অব্যাহত আছে বুলি চিবিআইয়ে প্ৰকাশ কৰিছে।
২০১৮ চনৰ পিছত আৰম্ভ হৈছিল এই ঘটনা। পিএনবিৰ মুম্বাই মাণ্ডলিক কাৰ্যালয়ৰ এজাহাৰৰ ভিত্তিত চিবিআইয়ে তদন্ত আৰম্ভ কৰে। অভিযোগ আছিল যে নীৰৱ মোডী আৰু তেওঁৰ মোমায়েক মেহুল চোকচিয়ে বেংকৰ ব্ৰেডী হাউছ শাখাত উৎকোচ দি ভুৱা লেটাৰ অৱ আণ্ডাৰটেকিং (এল অ’ ইউ) আৰু বিদেশী লেটাৰ অৱ ক্ৰেডিট প্ৰস্তুত কৰি প্ৰায় ৩২১.৮৮ কোটি টকা আত্মসাৎ কৰিছিল। কিন্তু দীৰ্ঘদিনীয়া তদন্তৰ অন্তত চিবিআইয়ে এই নিৰ্দিষ্ট গোচৰত দুৰ্নীতিৰ কোনো প্ৰমাণ নাপালে।
ফলত এতিয়া গোচৰটো দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰা হৈছে। নীৰৱ মোডী আৰু মেহুল চোকচি জড়িত থকা মূল পিএনবি কেলেংকাৰিৰ পৰিমান আছিল ১৩ হাজাৰ কোটিৰো অধিক। এই কেলেংকাৰীত ভুৱা লেটাৰ অৱ আণ্ডাৰটেকিং প্ৰস্তুত কৰা, বিদেশী শাখাত ঋণ দেখুৱাই ধন উলিওৱা আৰু বেংকৰ বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল।
নীৰৱ মোদীৰ হীৰা ব্যৱসায়িক সাম্ৰাজ্যক কেন্দ্ৰ কৰি এই বৃহৎ আৰ্থিক কেলেংকাৰীয়ে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছিল। অভিযোগ উত্থাপন হৈছিল যে একাংশ বেংকৰ বিষয়াক উৎকোচ দি ব্যৱস্থাটোক হাত কৰি ধন লুণ্ঠন কৰা হৈছিল।
চিবিআইৰ এই সিদ্ধান্তত বহুতে আচৰিত হৈ পৰিছে। এফালে নীৰৱ মোডী দেশৰ অন্যতম বৃহৎ আৰ্থিক কেলেংকাৰিৰ অন্যতম নায়ক, আনফালে এটা নিৰ্দিষ্ট অংশত দুৰ্নীতিৰ কোনো প্ৰমাণ নোপোৱা, এই দুয়োটাৰ মাজত ব্যৱধানে বহুতৰে মনত প্ৰশ্নৰ উত্থাপন কৰিছে। সকলো যেন এতিয়া ‘গালো বালো খোলাকটিৰ তাল’ হৈ পৰিল।
কিন্তু চিবিআইয়ে স্পষ্ট কৰি দিছে যে এই এটা গোচৰত প্ৰমাণৰ অভাৱ সত্ত্বেও মূল কেলেংকাৰিৰ তদন্ত এতিয়াও পূৰ্ণগতিত চলি আছে। অব্যাহত আছে নীৰৱ মোডী আৰু মেহুল চোকচিৰ বিৰুদ্ধে উত্থাপিত অন্যান্য অভিযোগৰ তদন্ত।
বৰ্তমান ভাৰতলৈ উভতি অহাৰ অপেক্ষাত লণ্ডনত আছে নীৰৱ মোডী। তেওঁৰ বিৰুদ্ধে একাধিক গোচৰ চলি আছে আৰু ভাৰত চৰকাৰে তেওঁক ঘূৰাই অনাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। মেহুল চোকচিও দেশৰ বাহিৰত।
এই কেলেংকাৰিৰ পিছত পিএনবিয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। বেংকৰ সুনাম ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।





