তদন্তকাৰী সংস্থা চিবিআইএ কালি পুৱা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত ভাৰ লোৱা পিছতে সুশান্তৰ আত্মহত্যাৰ ঘটনাই মতুন মোৰ লোৱাৰ সম্ভাৱনাই দেখা দিছে।
তদন্তকাৰী সংস্থাটোৱে সুশান্তৰ আত্মহত্যা ঘটনাৰ সংক্ৰান্তত অভিনেত্ৰী তথা সুশান্তৰ চৰ্চিত প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এহাজাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ প্ৰতিষ্ঠানে ৰীয়াৰ বিৰুদ্ধে চিবিআইএ সুকীয়া এজাহাৰ দাখিল কৰাৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ কৰিছে।
ৰীয়াৰ বিৰুদ্ধে সুশান্তৰ পিতৃয়ে পাটনাত বিহাৰ আৰক্ষীক দিয়া গোচৰৰ তদন্ত মুম্বাইলৈ হস্তান্তৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত ৰীয়াই জনোৱা আবেদন কালি শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ আদালতে খাৰিজ কৰিছে।
ইয়াৰ পিছতে অধিক সংকট ঘণীভূত হৈছে ৰীয়া ক্ষেত্ৰত।
লগতে পঢ়ক : বিপদত ৰীয়া! : ৩ দিনত সৰ্বোচ্চ ন্যায়ালয়ত সুশান্তৰ মৃত্যুৰ সকলো তথ্য দাখিলৰ নিৰ্দেশ মহাৰাষ্ট্ৰ চৰকাৰক
বিহাৰ আৰক্ষীক মুম্বাই আৰক্ষীয়ে তদন্তত সহযোগ নকৰা আৰু বিহাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াক মুম্বাইত কোৱাৰেন্টাইন কৰোৱাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীক সুকীয়া বিচাৰপীঠে প্ৰশ্নও কৰিছে।
ইফালে ৰীয়াক এনফৰ্ছমেন্ট ডাইৰেক্টৰ(ED)এ তলৱ কৰিছে বুলিও জানিব পৰা গৈছে। এফালে ইডিৰ তলৱ আনফালে উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰাৰ পিছত চিবিআইএ ৰীয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ সম্ভাৱনা, কোনোফালেই যেন সকাহ নাই ৰীয়াৰ!
বিহাৰ আৰক্ষীৰ সন্মুখীন হোৱাৰ তথা গ্ৰেপ্তাৰৰ ভয়ত ইতিমধ্যে ৰীয়া আত্মগোপন কৰি আছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে খোদ ৰীয়া চক্ৰৱৰ্তীয়ে নিজেই গৃহমন্ত্ৰী অমিত শ্বাহক সুশান্তৰ আত্মহত্যাৰ ঘটনাটো চিবিআইক তদন্তৰ বাবে অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছিল চ’ছিয়েল মিডিয়াৰ যোগে।
এতিয়া প্ৰশ্ন উঠিছে, নিজেই চিবিআইৰ তদন্তৰ পোষকতা কৰা ৰীয়াই এতিয়া কিয় পলাতক হৈ আছে?
ইডি আৰু চিবিআইৰ নাম শুনিয়ে ৰীয়া আতংকত ভুগিছে বুলি তেওঁৰ ঘনিষ্ঠ সূত্রই জানিবলৈ দিছে।
উল্লেখ্য যে, ৰীয়াৰ বিৰুদ্ধে সুশান্ত সিং ৰাজপুতৰ বেংক এককাউন্টৰ পৰা ১৫ কোটি টকা এজন অজ্ঞাত ব্যক্তিলৈ ট্ৰেঞ্চফাৰ কৰাৰ অভিযোগো দাখিল কৰা হৈছে।