অসম চৰকাৰৰ নৱনিযুক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে বুধবাৰে বঙাইগাঁও জিলাত উপস্থিত হৈ আৱৰ্ত ভৱনত চৰকাৰী বিষয়া তথা বিভাগীয় মুৰব্বী বিষয়াসকলৰ সৈতে এক পৰ্যালচনা সভাত মিলিত হয়৷ এই পৰ্যালোচনা সভাত জিলাখনৰ উপায়ুক্ত নবদ্বীপ পাঠক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদীৰা জেচমিন,জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস,অতিৰিক্ত উপায়ুক্ত শ্যামল ক্ষেত্ৰ গগৈ,মগেন নৰহ,জেনিফাৰ ইয়াচমিন চৌধুৰী,চক্ৰ বিষয়া ৰুণাভ ৰামছিয়াৰী, ৰীতিমনি দাস, সুজাতা গোস্বামী, পল্লৱজ্যোতি নাথ, সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিত,শ্যামাশ্ৰী শইকীয়া, আশীষ কলিতা, মাছুম ইউছুফ আহমেদ, বঙাইগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া ভাৰ্গৱ কলিতা, অভয়াপুৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া তন্ময় ঘোষ তথা বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
সভাত মুখ্য সচিব বৰঠাকুৰে মীন উন্নয়ন, পৌৰসভা, লোকনিৰ্মাণ পথ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, কৃষি, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগ, এ পি ডি চি এল,পশুপালন আদি বিভাগৰ উন্নয়নমূলক কাম-কাজ তথা বিভাগীয়ভাৱে ৰূপায়ণ কৰা ধ্বজাবাহী আঁচনিসমূহৰ বিতং পৰ্যালোচনা কৰে। তেওঁলোকৰ কাম-কাজত থকা অসুবিধাসমূহ মুখ্য সচিৱগৰাকীয়ে বুজ লৈ লগে লগেই বিভাগীয় উচ্চ পদস্থ বিষয়াৰ লগত ফোনযোগে বাৰ্তালাপ কৰি সমাধান কৰাৰ ব্যৱস্থা কৰে। তদুপৰি কিছুমান কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত তেওঁ দিহা-পৰামৰ্শও আগবঢ়ায়।
স্বাস্থ্য বিভাগৰ কাম-কাজৰ তুলনামূলকভাৱে উন্নত হোৱালৈ চাই আৰু অধিক মনোযোগেৰে কাম কৰিবলৈ আহ্বান জনায় যাতে ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ ভিতৰত অসম এখন হ’বৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে সেয়া সফল হয়। মুখ্য সচিবগৰাকীয়ে এম জি এন আৰ জি এ ৰ জৰিয়তে গোহালি নিৰ্মাণ কৰাৰ চিন্তা-চৰ্চা কৰিবলৈ আহ্বান জনায়। যদি সেয়া কাৰ্যকৰী কৰিব পৰা যায় তেনেহ’লে সেয়া হ’ব অসমৰ বাবে এক নতুন পদক্ষেপ আৰু বঙাইগাঁও জিলাৰ পৰাই যদি এই কাম আৰম্ভ হয় তেনেহ’লে সেয়া বঙাইগাঁও জিলাৰ বাবে গৌৰৱৰ বিষয় হ’ব বুলিও কয় ৷ মুখ্য সচিবগৰাকীয়ে অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ লগতো পৃথকে বৈঠকত মিলিত হয়।