জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক কেন্দ্ৰকৰি ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে আজি চিআইডিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ নামত জাননী জাৰি কৰিছে। জাননী অনুসৰি, দুয়োজনক অহা ৬ অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে স্পেচিয়েল ইনভেস্টিগেশ্যন টিমে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু আয়োজক শ্যামকানু মহন্তৰ বাসগৃহত তালাচী অভিযান চলাইছিল।
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীৰ লগতে ছিংগাপুৰস্থিত বহুকেইজন প্ৰৱাসী অসমীয়া উপস্থিত আছিল। এই ক্ষেত্ৰত চিআইডিয়ে ছিংগাপুৰৰ ১১ জন প্ৰৱাসী অসমীয়ালৈও জাননী প্ৰেৰণ কৰিছে।
চিআইডিৰ উচ্চপদস্থ গৰাকী বিষয়াই জনোৱা মতে, জাননী উলংঘা কৰি যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত হাজিৰ নহয় তেন্তে সকলোৰে বিৰুদ্ধে ‘লুক আউট নটিচ’ জাৰি কৰা হ’ব।
ৰাজ্যবাসীৰ বাবে অত্যন্ত বেদনাদায়ক এই পৰিস্থিতিত, জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ আঁৰত কি গুপ্ত ৰহস্য লুকাই আছে এইলৈ চিআইডিৰ তদন্তৰ ওপৰতে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।





