• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অকলে গাত জোৰ নাই : মিত্ৰতা বিজেপিৰ লগত নে কংগ্ৰেছৰ লগত হ’ব সিদ্ধান্ত নহ’ল অগপৰ কাৰ্য্যনিৰ্বাহকৰ সভাত

দলৰ একাংশই বিচাৰে বিজেপিৰে মিত্ৰতা একাংশই বিচাৰে য়ু পি এৰ মিত্ৰতা

Anirban Pathak অনিৰ্বাণ পাঠক
গুৱাহাটী , February 20, 2019 9:47 pm

2 min read

অকলে গাত জোৰ নাই : মিত্ৰতা বিজেপিৰ লগত নে কংগ্ৰেছৰ লগত হ’ব সিদ্ধান্ত নহ’ল অগপৰ কাৰ্য্যনিৰ্বাহকৰ সভাত

আমবাৰীত অগপৰ কাৰ্য্যনিৰ্বাহৰ সভাৰ আলোকচিত্ৰ

511
VIEWS
Share on FacebookShare on Twitter

আজি আমবাৰীৰ অগপৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এখন কাৰ্য্যনিৰ্বাহক সভাত অসমৰ একমাত্ৰ আঞ্চলিক দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত কাৰ লগত মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব সেই সন্দৰ্ভত কোনো স্থায়ী সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে।

দলৰ এক আভ্যন্তৰীণ সূত্ৰৰ পৰা জানিব পৰা মতে অগপৰ এটা পক্ষই এতিয়াও বিজেপিৰ লগত মিত্ৰতা কৰাৰ পক্ষত আছে আনহাতে এটা পক্ষই মহাগতবন্ধনৰ অংশীদ্বাৰ স্বৰূপে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ পোষকতা কৰিছে।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনত অগপ অকলে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা যথেষ্ট কম যদিও সেই সম্ভাৱনাক সম্পূৰ্ণৰূপে নাকচ কৰা নাই দলৰ সাধাৰণ সম্পাদক কমলাকান্ত কলিতাই।

আগন্তুক লোকসভাৰ বাবে নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবলৈ গঠন কৰি দিয়া কমিতিৰ ওপৰতে মিত্ৰতাৰ বিষয়টো চালিজাৰি চোৱাৰ বাবে আজিৰ সভাই দায়িত্ব অৰ্পন কৰিছে বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে কমলাকান্ত কলিতাই।

উল্লেখযোগ্য যে, ৰণনীতি তৈয়াৰ কৰাৰ বাবে গঠিত দলটোত সভাপতি অতুল বৰাৰ নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্তকে ধৰি কেইবাজনে জেষ্ঠ নেতা অন্তৰ্ভুক্ত আছে।

ইফালে আজিৰ এই কাৰ্য্যনিৰ্বাহক সভাতে অগপই ভূপেন ৰায়ক সভাপতি আৰু বিধায়ক পবিন্দ্ৰ ডেকাক আহ্বায়ক হিচাপে লৈ লোকসভা নিৰ্বাচনৰ বাবে এখন আহ্বায়ক সমিতি গঠন কৰে।

চাৰিঘণ্টাজোৰা সভাখনত সভাপতি অতুল বৰা, সাধাৰণ সম্পাদক কমলাকান্ত কলিতা, কেশৱ মহন্ত, ফনীভূষণ চৌধুৰীকে ধৰি দলৰ সকলো আগশাৰীৰ নেতা উপস্থিত আছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd