NORTHEAST NOW (Assamese)

কা আন্দোলনত ষড়যন্ত্ৰমূলকভাৱে মোক আটক কৰা হৈছিল: মনোৰঞ্জন বৰগোঁহাঞি

March 12, 2021 2:44 pm · মানস প্রতীম গগৈ
মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিয়ে শুকুৰবাৰে সংবাদমাধ্যমৰ আগত কয় যে কা আন্দোলনত তেওঁ গ্ৰেপ্তাৰ হৈ ১৩ দিন জেল হাজোতলৈ যাব লগা হৈছিল।

কা আন্দোলনৰ সময়ত তেওঁক ষড়যন্ত্ৰমূলকভাৱে আটক কৰা হৈছিল বুলি তেওঁ সদৰী কৰে।

তেওঁ সংবাদমাধ্যমৰ আগতৰ স্পষ্টীকৰণ দি জানিবলৈ দিয়ে যে বৰ্তমান তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ চাৰ্জচিট হোৱা নাই আৰু আদালতৰ পৰা তেওঁ জামিন লাভ কৰিছে।

উল্লেখ্য যে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি তথা অসম কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল বৰগোহাঁঞি।

প্ৰথমবাৰ বাবে কংগ্ৰেছৰ টিকট লাভ কৰি মনোৰঞ্জন বৰগোহাঁঞি যথেষ্ট আত্মবিশ্বাসী বুলি জানিবলৈ দিয়ে।

যোৱা মঙলবাৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে সমৃদ্ধ হৈ ঢোলে ডগৰে বিভিন্ন সাংস্কৃতিক দলেৰে সমদল কৰি উত্তৰ মাৰ্ঘেৰিটা নামঘৰত সেৱা লৈ মাৰ্ঘেৰিটাৰ কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন দাখিল কৰিছিল।

বিগত সময়চোৱাত মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্রাৰ্থিত্বকেন্দ্রিক সংঘাতত জৰ্জৰিত হোৱা কংগ্রেছ দলৰ মনোনয়ন পত্র দাখিলৰ সময়ত  বিৰোধ কৰি থকা  প্রাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ৰুবুল গগৈয়েও বৰগোহাঁঞিক সংগ দিছিল।

যিসময়ত মাৰ্ঘেৰিটাত কংগ্রেছ প্রায় শূন্য হোৱা বুলি চৰ্চা চলিছিল তেনে সময়ত সমাগত নিৰ্বাচনত কংগ্রেছ দলক উলাই কৰাটো যে কঠিন হ’ব সেয়া  প্রমানিত হৈছে।

Related News