• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষ্ণাই, বিশ্বনাথ আৰু হাজোত কংগ্ৰেছৰ প্ৰতিবাদ

NE NOW NEWS নীলমণি শৰ্মা/ কাজি জেইদুল ইছলাম/মৃদুল প্ৰীতম ডেকা
কৃষ্ণাই/বিশ্বনাথ/ হাজো , February 6, 2021 4:04 pm

2 min read

IMG_20210206_111103

কৃষ্ণাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও।

148
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাই ব্লক কংগ্ৰেছে কৃষ্ণাই গ্ৰাম্য চহৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদী সকলে প্ৰথমে কৃষ্ণাই  পেট্ৰ’ল পাম্পৰ সন্মুখত  প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে প্ৰতিবাদী দলটোক কৃষ্ণাই ব্লক কংগ্ৰেছে কাৰ্যালয়ৰ সন্মুখত আৱদ্ধ কৰি ৰাখে ৷

প্ৰতিবাদকাৰী সকলে কাৰ্যালয়ৰ সন্মুখৰ পথত বহি বিভিন্ন চৰকাৰ বিৰোধী ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী সকলে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা দলটোক আগন্তুক নিৰ্বাচনত ৰাইজে উচিত শিক্ষা দিব বুলি মন্তব্য কৰে আৰু মূল্যবৃদ্ধি ৰোধৰ দাবী জনায়।

আনহাতে, বিশ্বনাথত বিশ্বনাথ জিলা কংগ্ৰেছেও প্ৰতিবাদ সাৱ্যস্ত কৰিছে। বিশ্বনাথ নগৰত থকা পেট্ৰল ডিপ’ সমূহত এই প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা হয়।

প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা অকমৰ্ণ্য বিজেপি চৰকাৰ হায় হায়, পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰক, জনসাধাৰণৰ মূৰত অতিৰিক্ত কৰৰ বোজা জাপি দিয়া বন্ধ কৰক, জনবিৰোধী বিজেপি চৰকাৰ নিপাত যাওক ইত্যাদি  শ্ল’গান দি এই প্ৰতিবাদ সাব্যস্ত কৰে।

সেইদৰে, হাজোৰ পেট্ৰল পাম্পতো কংগ্ৰেছীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে।

হাজোৰ পতনিৰ পেট্ৰ’ল পাম্পত ব্লক কংগ্ৰেছৰ উদ্যোগত অৱস্থান ধৰ্মঘট পালন কৰা হয়।

শনিবাৰে সমগ্ৰ ৰাজ্যতে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হৈছে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd