গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত কংগ্ৰেছে ৪৩ জন প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে। বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ তোগাড়িয়াৰ সম্পৰ্কীয় ভাতৃ প্ৰফুল তোগাড়িয়া আৰু ৰাজ্যসভাৰ সাংসদ অমি আজনীক তালিকাত আছে।
চুৰাট পৌৰ নিগমৰ বিৰোধী দলৰ প্ৰাক্তন নেতা প্ৰফুল্ল তোগাড়িয়াই অঞ্চলটোৰ ভৰাচা ৰোড আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। অমি আজনীকে আহমেদাবাদৰ ঘাটলোডিয়া সমষ্টিত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব।
পোৰবন্দৰত ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰ্জুন মোডবাদিয়া আৰু ভাৱনগৰৰ মহোবাত বিজেপিৰ প্ৰাক্তন বিধায়ক কানু কালচাৰিয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কংগ্ৰেছৰ ৪৩ জন লোকৰ তালিকাত ৩২ জন নতুন মুখ।
লগতে পঢ়ক: মানুহৰ হৃদয়ত যাযাবৰী শিল্পীৰ ঠিকনা! সুধাকণ্ঠৰ মৃত্যু দিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি
বিশ্ব হিন্দু পৰিষদৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি প্ৰবীণ তোগাড়িয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “কট্টৰ বিৰোধী” হিচাপে পৰিচিত। কেইবছৰমান আগতে তেওঁ মোডীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বাবে পোনপটীয়াকৈ অভিযোগ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে গুজৰাটৰ লগতে ৰাজস্থানত শাসনত থকাৰ সময়ত বিজেপি চৰকাৰে তোগাড়িয়াৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ ৰুজু কৰিছিল।
আনহাতে, ২৭ বছৰ ধৰি গুজৰাটত শাসনত থকা বিজেপিয়ে এতিয়াও তেওঁলোকৰ তালিকাখন চূড়ান্ত কৰিব পৰা নাই। শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত দলটোৰ এখন বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক: বিৰল ঘটনা: মাত্ৰ ২১ দিনীয়া কন্যা শিশুৰ পেটত আঠটা ভ্ৰূণ! অস্ত্ৰোপচাৰ কৰিবলৈ গৈ হতভম্ব চিকিৎসক
মোডী আৰু শ্বাহৰ ৰাজ্যখনত এইবাৰ দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাজ্যখনৰ ১৮২ খন আসনৰ ৮৯ খন আসনৰ ভোটগ্ৰহণ ১ ডিচেম্বৰত অনুষ্ঠিত হ’ব। বাকী ৯৩খনৰ ভোটগ্ৰহণ ৫ ডিচেম্বৰত আছে। ভোটগণনা ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব।