• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা পৰিষদৰ নিৰ্বাচনত ৰাইজে বিজয়ী কৰিব কংগ্ৰেছ দলক : অচ্যুত গাঁওখোৱা

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 2, 2020 8:22 am

2 min read

তিৱা পৰিষদৰ নিৰ্বাচনত ৰাইজে বিজয়ী কৰিব কংগ্ৰেছ দলক : অচ্যুত গাঁওখোৱা

ফটো : নৰ্থ-ইষ্ট নাও

446
VIEWS
Share on FacebookShare on Twitter

তিৱা জনগোষ্ঠীয় নেতা জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মানত কৰা দুৰ্নীতি, কেলেংকাৰিৰ উপৰি তিৱা স্বায়ত্ত পৰিষদৰ পূৰ্বৰ আভ্যন্তৰীণ বেমেজালিৰ পোতক ল’ব ২০ নং বাৰপুজীয়া সংসদীয় সমষ্টিৰ সাধাৰণ ভোটাৰে।

শাসকীয় দলটোৰ নেতৃত্বতে ধ্বংসস্তুপত পৰিণত কৰিছিল ভূমিপুত্ৰ তিৱা জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ অৰ্থে গঠন কৰা তিৱা স্বায়ত্ত পৰিষদ।

এই ধংসাত্নক কাৰ্যৰ প্ৰধান সেনাপতি হ’ল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা।

এইদৰে ‘নৰ্থ-ইষ্ট নাও’ৰ আগত অভিযোগ কৰি শাসকীয় গেৰুৱা বাহিনীৰ বিৰুদ্ধে সৰৱ হৈ মুকলি হুংকাৰ দিয়ে তিৱা পৰিষদীয় ২০নং সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী অচ্যুত গাঁওখোৱাই।

নিজৰ প্ৰথম ৰাজনৈতিক যাত্ৰাত পৰিষদখনৰ যোগে তিৱা জনগোষ্ঠীৰ লগতে পৰিষদৰ অন্তৰ্ভুক্ত অ-তিৱা ভোটাৰ সকলৰ সম বিকাশ সম উন্নয়নৰ বাবে গঠন হোৱা পৰিষদখনত তথাকথিত এচাম নেতাৰ স্বৈৰাচ্ছাৰী নীতিয়ে অসাৰ কৰি তুলিছিল পৰিষদখন।

কোটি কোটি টকা আত্মসাৎ কৰি সাধাৰণ ভোটাৰক আভূৱা ভৰা বুলিও ক্ষুৰধাৰ সমালোচনাৰে কৰে কংগ্ৰেছ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীয়ে।

সেয়ে ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰিষদৰ নিৰ্বাচনত শাসকীয় দলটোক উৎখাত কৰি কংগ্ৰেছ দলক সমষ্টিৰ ৰাইজে বিজয়ী কৰিব বুলি দৃঢ়তাৰে মত পোষণ কৰে প্ৰাৰ্থীজনে।

আনহাতে, ৮১১৩ টা ভোট থকা সমষ্টিটোৰ ভোটাৰে সংকল্প লৈছে বুলিও গুৰুত্বপূ্ৰ্ণ মন্তব্য আগবঢ়ায়।

উল্লেখ্য যে সমষ্টিটো দখল কৰিবলৈ শাসক বিৰোধীৰ লগতে অগপ আৰু আম আদমী পাৰ্টিয়ে প্ৰাৰ্থী নিক্ষেপ কৰিছে যদিও মূল যুঁজখন কংগ্ৰেছ আৰু বিজেপিৰ মাজতে হ’ব বুলি সমষ্টিৰ ৰাজনৈতিক বিশেষজ্ঞ মহলত চৰ্চিত হৈছে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd