DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত কৰ’নাভাইৰাছ আক্ৰান্ত ৮৭৩লৈ বৃদ্ধি, সৰ্বাধিক মহাৰাষ্ট্ৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 4:56 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

6.6k
VIEWS
Share on FacebookShare on Twitter

দেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৮৭৩লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৯ গৰাকী লোক মৃত্যুমুখত পৰিছে। ৭৯ গৰাকী ৰোগীক সুস্থ হোৱা বা চিকিৎসা প্ৰদানৰ অন্তত যাবলৈ দিয়া হৈছে।

যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১৪৯ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

মণিপুৰ আৰু মিজোৰামত এগৰাকীকৈ ৰোগী চিনাক্ত হোৱাৰ পিছত অসমকে ধৰি উত্তৰ-পূবত কোনো নতুন ৰোগী চিনাক্ত হোৱা নাই।

কৰ’নাভাইৰাছত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে মহাৰাষ্ট্ৰ আৰু কেৰালা। মহাৰাষ্ট্ৰত কৰ’নাভাইৰাছ আক্ৰান্ত ১৮০ গৰাকীলৈ বৃদ্ধি পাইছে। কেৰালাত এই সংখ্যা হৈছে ১৭৩ (।)

কৰ্নাটকত ৫৫ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে। তেলেংগানাত ৪৮ গৰাকী ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে গুজৰাটত চিনাক্ত হৈছে ৪৫ গৰাকী।

ৰাজস্থান আৰু পঞ্জাৱত ক্ৰমে ৪৫ আৰু ৩৮ গৰাকী ৰোগী চিনাক্ত হৈছে।

উত্তৰ প্ৰদেশত ৪৫, দিল্লীত ৩৯, তামিল নাডুত ২৩ আৰু মধ্য প্ৰদেশত ২০ গৰাকী কৰ’নাভাইৰাছত আক্ৰান্ত চিনাক্ত হৈছে।

হাৰিয়ানাত ৩৩, অন্ধ্ৰ প্ৰদেশত ১৪ আৰু জম্মু-কাশ্মীৰত ১৮ আৰু লাডাখত ১৩ গৰাকীকৈ কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

পশ্চিম বংগত দহ, চণ্ডীগড়ত সাত, বিহাৰত ন, ছত্তিশগড়ত ছয়, উত্তৰাখণ্ডত চাৰি, গোৱাত তিনি, ওড়িছাত দুই আৰু পুডুচেৰিত এগৰাকী ৰোগী চিনাক্ত হৈছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা মতে ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে যদিও ই এতিয়াও সামূহিক সংক্ৰমণৰ পৰ্য্যায় পোৱাগৈ নাই।

বিশ্বজুৰি আধা নিযুততকৈয়ো অধিক লোক এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত হৈছে।

২৩ হাজাৰতকৈয়ো অধিক লোকৰ এই ৰোগত মৃত্যু ঘটিছে।

আমেৰিকাত ৮৩,০০০তকৈয়ো অধিক লোক আক্ৰান্ত হৈছে। এই সংখ্যাই চীন, ইটালিকো চেৰাই গৈছে।

ভাৰতত কৰ’নাভাইৰাছক প্ৰতিহত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ লকডাউন ঘোষণা কৰিছে।

Tags: COVID19

Recent News

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd