• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেমী জিকিলে দালাই লামাই; কোনটো শিতানত তেওঁ লাভ কৰিলে এই বঁটা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2026 11:02 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশা (ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱাৰ ভাগত) দালাই লামাৰ জীৱনত আন এক সন্মান সংযোজন হ’ল। আধ্যাত্মিক জগতৰ কিংবদন্তি গৰাকীয়ে এইবাৰ পপ সংস্কৃতিৰ ভিতৰতো নিজৰ স্থান দখল কৰিলে—৬৮ সংখ্যক গ্ৰেমী বঁটাৰ মঞ্চত। দেওবাৰে (১ ফেব্ৰুৱাৰী) লছ এঞ্জেলছত আয়োজিত অনুষ্ঠানত তেওঁ বেষ্ট অডিঅ’বুক, নেৰেচন এণ্ড ষ্টোৰী টেলিং ৰেকৰ্ডিঙৰ বঁটা লাভ কৰে।

মাত্ৰ ৯ বছৰ বয়সৰ পৰাই তিব্বতী আধ্যাত্মিকতাৰ ৰাষ্ট্ৰদূত হিচাপে বিশ্ব মঞ্চত উজলি উঠা দালাই লামাই ৯০ বছৰ বয়সত এনে আন্তঃৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি লাভ কৰাটো নিঃসন্দেহে ঐতিহাসিক।

Apply Now

এই শাখাৰ প্ৰতিযোগিতা যথেষ্ট কঠিন আছিল। এই তালিকাত আছিল আয়োজক ট্ৰেভৰ নোৱাহ নিজেই, আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কেটাঞ্জি ব্ৰাউন জেকচন আৰু মিলি ভেনিলিৰ ফেব মৰ্ভান। সকলোকে অতিক্ৰমি আগবাঢ়ি ওলাই আহিল দালাই লামা—যাৰ ফলত বঁটা ঘোষণা হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত আৰম্ভ হ’ল বিস্ময় আৰু অভিনন্দনৰ জোৱাৰ ।

ইউটিউবত লাইভষ্ট্ৰীম কৰা প্ৰি-টেলিকাষ্ট ৰাউণ্ডৰ সময়ত এই বঁটা ঘোষণা কৰা হয়। দালাই লামা উপস্থিত নাছিল আৰু তেওঁৰ ঠাইত গায়ক-গীতিকাৰ ৰুফাছ ৱেইনৰাইটে মঞ্চত ট্ৰফী গ্ৰহণ কৰিছিল। মাইকটো লৈ তেওঁ প্ৰথমে ক’লে, “ঠিক আছে, মই দালাই লামা নহয়—সেয়া স্পষ্ট!” তাৰ পিছত তেওঁ ক’লে যে এনে দয়া, মমতা, আত্মচিন্তাৰ বাৰ্তাৰ ওপৰত ভিত্তি কৰি এটা প্ৰকল্পত কাম কৰাটো তেওঁৰ বাবে এক অবিশ্বাস্য সন্মান। ইয়াতকৈ বেছি আৰু কি পাব পাৰিলেহেঁতেন!

বঁটা বিজয়ী প্ৰকল্পটোৰ নাম হৈছে মেডিটেচনছ: দ্য ৰিফ্লেকচনছ অৱ হিজ হলিনেছ দ্য দালাই লামা—এটা কথিত শব্দৰ ধ্যানৰ এলবাম, য’ত দালাই লামাৰ শান্তিৰ বাৰ্তাৰ সৈতে মিহলি হৈ আছে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ সুৰ। আত্মানুসন্ধান, কৰুণা, জাগতিক ভাৰসাম্য- এই মূল্যবোধসমূহে হৈছে এলবামটোৰ মূল ভেটি।

আশ্চৰ্যজনকভাৱে আধ্যাত্মিকতা, ৰাজনীতি, সামাজিক চিন্তা-চৰ্চা সকলো সামৰি ভাষণ দিয়া দালাই লামাৰ কণ্ঠই এইবাৰ মূলসুঁতিৰ বিশ্ব সংগীতৰ দৰ্শককো চুই গ’ল। ফলত বহুতে গ্ৰেমী মঞ্চত তেওঁৰ জয়ক “আধ্যাত্মিকতাৰ পপ সংস্কৃতি জয়” বুলি অভিহিত কৰিছে।

আনকি ৬৮ সংখ্যক গ্ৰেমীত লেডী গাগা, কেণ্ড্ৰিক লামাৰ, বেড বানিৰ দৰে বিখ্যাত শিল্পীৰ ভিৰৰ মাজতো দালাই লামাৰ এই অনন্য সফলতাই সুকীয়া পৰিচয় দাঙি ধৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd