কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰাৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত মংগলবাৰে দেশৰ কৃষক সংগঠনসমূহে আহ্বান দিয়া ভাৰত বন্ধলৈ দিল্লীৰ অ’টো-টেক্সী ইউনিয়নে সমৰ্থন জনালেও বন্ধ পালন কৰা নাই।
ইউনিয়নৰ পৰা জনোৱা হৈছে যে কোভিড১৯ মহামাৰীৰ বাবে দেশত বলৱৎ কৰা লকডাউনৰ ফলত তেওঁলোকে ইতিমধ্যে যথেষ্ট আৰ্থিক সংকটত পৰিছে। আকৌ এই বন্ধ পালন কৰিলে লকডাউনৰ পিছত ক্ৰমশঃ সুস্থিৰ হ’বলৈ আৰম্ভ কৰা তেওঁলোকৰ আৰ্থিক অৱস্থা পুনৰ সংকটৰ গৰাহত পৰিব।
সেয়ে ইউনিয়নে দেশৰ কৃষক সংগঠনে আহ্বান জনোৱা বন্ধৰ প্ৰতি সমৰ্থন কৰিলেও বন্ধ পালন কৰিবলৈ অপৰাগ হোৱা বুলি ব্যক্ত কৰিছে।
“লকডাউনৰ বাবে অ’টো-টেক্সী চালকসকল তীব্ৰ আৰ্থিক সংকটত পৰিল। পুনৰ বন্ধ পালন কৰি আকৌ সেই অৱস্থালৈ ঘূৰি যাব নোৱাৰি।” ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাজেন্দ্ৰ চুনীয়ে সংবাদ মাধ্যমৰ আগত কয়।
ইফালে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে এই বিষয়টোকলৈ ৰাজনীতি কৰা বুলিও তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
“দুয়োটা দলৰ সদস্যসকলে আজি পুৱাৰে পৰা পথত আমাৰ বাহন চলাচল বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে।” ইউনিয়নৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়।
ইফালে ইয়াৰ মাজতো কিছুমান অ’টো আৰু টেক্সীয়ে স্বাভাৱিকভাৱে চলাচল কৰা বুলিও দাবী কৰে সাধাৰণ সম্পাদকগৰাকীয়ে।