নিউজ ৱেবছাইট নিউজক্লিকৰ চীনৰ অনুদানৰ গোচৰত এইবাৰ দিল্লী আৰক্ষীৰ দৃষ্টি চিপিএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ ওপৰত? মঙলবাৰে নিউজক্লিকৰ ১২জন সাংবাদিকৰ ঘৰত তালাচী চলোৱাৰ দৰেই দিল্লী আৰক্ষীয়ে চিপিএমৰ সাধাৰণ সম্পাদক য়েচুৰীৰ চৰকাৰী বাসগৃহত তালাচী চলায়।
স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় দলৰ সাধাৰণ সম্পাদক হিচাপে সীতাৰাম য়েচুৰীৰ নামত দিল্লীত এটা ঘৰ আবণ্টন দিয়া হৈছে। অৱশ্যে য়েচুৰীয়ে নিজেই তাত নাথাকে। সেই ঘৰতে সদৌ ভাৰত কৃষক সভাৰ কার্যালয়৷ কৃষক সভা আৰু দলীয় কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ৰ দুই এজন কৰ্মীয়ে পৰিয়ালসহ তাতে বাস কৰে।
উক্ত কৰ্মচাৰীসকলৰ মাজৰ এজনৰ পুত্ৰই নিউজক্লিকত গ্রাফিক ডিজাইনাৰ হিচাপে কাম কৰে। জানিব পৰা মতে, নিউজক্লিকৰ কৰ্মচাৰীজনৰ লেপটপ আৰু মোবাইল ফোন জব্দ কৰিবলৈ দিল্লী আৰক্ষীয়ে তালাচী চলাইছিল।
উল্লেখ্য যে চীনৰ বিনিয়োগ অবৈধভাৱে গ্ৰহণ কৰাৰ অভিযোগত নিউজ ৱেবছাইট নিউজক্লিকৰ বিৰুদ্ধে UAPA ধাৰাৰ অধীনত দিল্লী আৰক্ষীয়ে গোচৰ তৰিছে। সেই অভিযোগৰ ভিত্তিত মঙলবাৰে পুৱা দিল্লী আৰক্ষীৰ এটা বিশেষ দলে সংবাদ মাধ্যমৰ সৈতে জড়িত প্ৰায় ১২ জন সাংবাদিকৰ ঘৰত অভিযান চলায়। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অৱশ্যে সাংবাদিককেইজনক সোধা-পোছাৰ বাবে থানালৈ লৈ যোৱা হয়।
প্ৰসংগক্ৰমে যোৱা আগষ্ট মাহত নিউজক্লিকৰ অন্যতম মালিক নেভিল সিংহমৰ বিৰুদ্ধে চীনৰ প্ৰপাগাণ্ডা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত নিউজক্লিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।
বাতৰি অনুসৰি, মঙলবাৰে দিল্লী আৰক্ষীৰ বিশেষ দলে সেই গোচৰৰ সাংবাদিকৰ ঘৰত তালাচী চলায়। নিউজক্লিকৰ সৈতে জড়িত এজন সাংবাদিকৰ সূত্ৰৰ ভিত্তিত চিপিএমৰ সাধাৰণ সম্পাদকৰ ঘৰলৈ গৈছিল দিল্লী আৰক্ষী।
লগতে পঢ়কঃ ঔষধৰ অভাৱ! চৰকাৰী চিকিৎসালয়ত ২৪ ঘন্টাত ১২ টি নৱজাতককে ধৰি ২৪ জনৰ মৃত্যু
য়েচুৰীয়ে দাবী কৰে যে কোনো এফআইআৰ দেখুওৱা হোৱা নাই। কোনো গোচৰৰ তদন্ত তালাচী সেয়া জনোৱা হোৱা নাই। যদি এনেদৰে সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ চেষ্টা কৰা হয়, তেন্তে তাৰ প্ৰতিবাদ হ’ব।