আজিকালি মোবাইল ফোন আমাৰ জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ। এই ফোনটো অবিহনে আমি এটাও মুহূৰ্ত কটাব নোৱাৰোঁ।
ইপিনে, বাৰিষাৰ বতৰ বৰ আহুকলীয়া। হঠাতে কেতিয়আ তিয়াই যায় তাৰ কোনো ঠিকনা নাই। ৰাস্তাত গৈ থকাৰ অৱস্থাত হঠাৎ বৰষুণে তিয়াই পেলাই আমাৰ পকেটত থকা মবাইলটো।
সেয়ে আজি আপোনালোকক জনাবলৈ লৈছোঁ বাৰিষাৰ বৰষুণৰ পৰা নিজৰ ফোনটো ৰক্ষা কৰাৰ কেইটামান কৌশল বা কিটিপ। সেই কৌশলবোৰৰ বিষয়ে জানো আহক।
- মোবাইল ফোনটোৰ ভিতৰত পানী সোমালে চিন্তা নকৰিব। লগে লগে চাউলৰ টেমাত মোবাইলটো থৈ দিব। কমেও ৩-৪ ঘন্টা ম’বাইল ফোনটো চাউলৰ মাজত থৈ দিলে পানীখিনি শুকাই যাব।
- বাৰিষা বাহিৰলৈ ওলাই যাওঁতে পলিথিন লৈ যাব লাগে। বৰষুণ আৰম্ভ হ’লে ফোনটো পলিথিন পেকেটৰ ভিতৰত থৈ দিব লাগে। ইচ্ছা কৰিলে জিপাৰ লক বেগ ব্যৱহাৰ কৰিব পাৰে। বৰষুণ আৰম্ভ হ’লে ফোনটো বেগৰ ভিতৰত থৈ জিপ লক কৰি দিব পাৰি।
- ফোনটো পানীৰ পৰা ৰক্ষা কৰিবলৈ ৱাটাৰপ্ৰুফ কভাৰব্যৱহাৰ কৰিব পাৰি। ৱাটাৰপ্ৰুফ কভাৰৰ ভিতৰত ফোনটো ৰাখিলে ফোনটো তিতি যোৱাৰ চিন্তা কৰিব নালাগে। এই কভাৰ থাকিলে বৰষুণতো ফোনটো ব্যৱহাৰ কৰিব পাৰিব।
- কোনো কাৰণত ফোনটোৰ ভিতৰত পানী সোমালে লগে লগে ফোনটো বন্ধ কৰি দিব। তাৰ পিছত শুকান কাপোৰেৰে ফোনটো ভালদৰে মচি দিব। প্ৰথমে ফোনটো বন্ধ কৰি দিব লাগে যাতে ফোনত পানী সোমাই শ্বৰ্ট চাৰ্কিটৰ সৃষ্টি নহয়।
- ফোনটো কোনো কাৰণত তিতিলে তৎক্ষণাত চাৰ্জ নকৰিব। তিতি থকা অৱস্থাত চাৰ্জ কৰাটো বিপদজনক হ’ব পাৰে। গতিকে সম্পূৰ্ণ শুকান হোৱাৰ পিছতহে ফোনটো চাৰ্জ কৰক।
লগতে পঢ়কঃ গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ; সকলোৰে ক্ষেত্ৰত কিন্তু হ’ব পাৰে এনেকুৱা
লগতে পঢ়কঃ ছুপাৰমেন! পঞ্চাশ বছৰ ধৰি নাই টোপনি, নিশাৰ ভাগত খেতি কৰে ভিয়েটনামৰ নিগকে
লগতে পঢ়কঃ কম্পিউটাৰত কাম কৰি থাকিলে চকু জ্বলা-পোৰা কৰে নেকি? কৰিলে কি কৰিব?