ওফন্দি উঠিছে দিখৌ নদী। হুৰ-হুৰাই বাগৰিছে দিখৌ নদীৰ পানী। শিৱসাগৰ চহৰকে ধৰি বিভিন্ন অঞ্চল প্লাৱিত। পথাৰত পানী, ৰাজপথৰ ওপৰেদি বাগৰিছে পানী।
যোৱা কিছুদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ বাবে দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শিৱসাগৰৰ বিভিন্ন অঞ্চল প্লাৱিত কৰিছে। দেওবাৰৰ ৰাতিৰ পৰাই শিৱসাগৰৰ বিভিন্ন স্থানত দিখৌৰ মথাউৰিৰ ওপৰেদি পানী বাগৰিবলৈ আৰম্ভ কৰে।
শিৱসাগৰ নগৰৰ মেটেকাঘাট, চলে’গাঁও, থানামুখ, ডুবিচুক, অৰ্জুনগুৰি, কমাৰফদিয়া, জোগনীয়াগাঁও, কোঁৱৰপুৰ, শান্তিপুৰ, বলিয়াঘাট, হাঁহচৰা, চেৰেকাপাৰ আদি অঞ্চলত মথাউৰিয়েদি পানী বাগৰাৰ ফলত বৃহৎ অঞ্চল বুৰাই পেলাইছে।
কোঁৱৰপুৰ মৌজাৰ গেমন দলঙৰ তলেদি দিখৌ নদীৰ পানী বাগৰাৰ লগতে কোঁৱৰপুৰ হাইস্কুল, শান্তিপুৰ হাইস্কুল, ৬৫ নং নকাটনি প্ৰাথমিক বিদ্যালয়, কোঁৱৰপুৰ লৰা মজলীয়া বিদ্যালয় পানীত বুৰ যোৱাৰ লগতে নৈ কাষৰীয়া সকলো অঞ্চল এতিয়া পানীৰ তলত।
আনহাতে নাজিৰা, শিমলুগুৰিৰ বিভিন্ন অঞ্চলতো দিখৌ নদীৰ পানী মথাউৰিৰ ওপৰেদি বৈ বৃহৎ অঞ্চল বুৰাই পেলাইছে। বিভিন্ন স্থানত পথৰ ওপৰেদিও পানী বাগৰা বুলি জানিব পৰা গৈছে।
